ৰঙালী বিহুৰ প্ৰাকক্ষণত সম্পূৰ্ণ গৃহহীন হ’ল ধূপধৰাৰ ২ পৰিয়াল, চাওক VIDEO

ৰঙালী বিহুৰ প্ৰাকক্ষণত সম্পূৰ্ণ গৃহহীন হ’ল ধূপধৰাৰ ২ পৰিয়াল, চাওক VIDEO

ডিজিটেল সংবাদ, কৃষ্ণাইঃ ৰংজুলিত পুনৰ সন্ত্ৰাস চলাইছে বনৰীয়া হাতীয়ে৷ হেপাহৰ ৰঙালী বিহুটিৰ প্ৰাক মুহূৰ্তত ধূপধৰাৰ খেকাপাৰাত সম্পূৰ্ণ গৃহহীন হ'ল দুটা পৰিয়াল। বৃহস্পতিবাৰে নিশা এটা বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই খেকাপাৰাৰ কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰে। ইয়াৰ মাজতে দেবেন ৰায় আৰু লংকেশ্বৰ ৰায়ৰ আটাইকেইটা ঘৰ ভঙাৰ ফলত গৃহহীন হৈ পৰিল পৰিয়াল দুটা।

দুয়োটা পৰিয়ালৰে তিনিটাকৈ ঘৰ আছিল। হঠাৎ ম্লান পৰিল বিহুৰ উছাহ৷ সমাগত ৰঙালী বিহুটোৰ বাবে আগ্ৰহেৰে বিহুৱান বোৱা শাল খনো সুৰক্ষিত হৈ নাথাকিল। প্ৰায় ৫০ মোন ধান, চাউলো বিনষ্ট কৰে হাতীয়ে।

হাতীয়ে বহুবাৰ আক্ৰমণ চলাইছে যদিও বন বিভাগে কোনো সহযোগিতা নকৰাৰ অভিযোগ ৰাইজৰ। উল্লেখ্য যে, ৰংজুলি বনাঞ্চলৰ এলেকাধীন গাঁও সমূহত বনৰীয়া হাতীৰ উপদ্ৰৱ দীৰ্ঘদিনৰ পৰাই চলি আহিছে। কিন্তু লোকসকলৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই বন বিভাগে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in