ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক নামৰূপ আৰক্ষীৰ…

ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক নামৰূপ আৰক্ষীৰ…

ডিজিটেল সংবাদ নামৰূপঃ আজি দুপৰীয়া নামৰূপ আৰক্ষীয়ে নামৰূপত  ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। বিশেষ সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুশৰন কৰি আজি দিনৰ প্ৰায় ১২.৩০ বজাত নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নীল কমল বৰুৱাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে ড্ৰাগছ সৰবৰাহকাৰী দুটাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

নামৰূপ ষ্টেচনলৈ যোৱা পথত নামৰূপ চাহ বাগিচা এলেকাত ত্ৰিশৰ উৰ্ধ্বৰ দুই দুষ্কৃতিকাৰী ক্ৰমে দলং গাঁৱৰ ছোহেল বৰা আৰু কছাৰী পথাৰৰ বিনোদ বড়োক প্ৰায় ০.৫৫ গ্রাম হিৰ'ইন ভৰ্তি দুটা কণ্টেইনাৰসহ এটা মোবাইল ফোন আৰু এখন  স্কুটী জব্দ কৰে।  নামৰূপ আৰক্ষীয়ে  ১৯৮৫ এন ডি পি এছ আইনৰ অধীনত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in