কিয় উত্তৰ-পূবত সংঘটিত হয় বিমান দুৰ্ঘটনা? ১৯৫৯ৰ পৰা ২০১৯লৈ ভূপতিত হৈছে কিমান বিমান…

কিয় উত্তৰ-পূবত সংঘটিত হয় বিমান দুৰ্ঘটনা? ১৯৫৯ৰ পৰা ২০১৯লৈ ভূপতিত হৈছে কিমান বিমান…

ডিজিটেল ডেস্কঃ উত্তৰ-পূবত সঘনে সংঘটিত হ'বলৈ লৈছে বায়ু সেনাৰ বিমান দুৰ্ঘটনা। চলিত বৰ্ষতে অৰুণাচললৈ যোৱা বায়ু সেনাৰ এএন-৩২ বিমান এখন সন্ধানহীন হৈ পৰাৰ পাছত কেইবাদিনৰ মূৰত উদ্ধাৰ হৈছিল বিমানখনৰ ধ্বংশৱাশেষ আৰু ১৩জন বিমান আৰোহীৰ মৃতদেহ।

যোৰহাটৰ পৰা উৰা মৰা এই বিমানখন মেচুকা অভিমুখে গৈ আছিল আৰু ৩ জুনত দুৰ্ঘটনাত পতিত হৈছিল। ২০১৮চনৰ ১৫ ফেব্ৰুৱাৰীতো যোৰহাট বিমান বন্দৰৰ পৰা উৰা মৰা এখন মাইক্ৰলাইট এয়াৰক্ৰাফ্ট মাজুলীত ভূপতিত হৈ দুজন বৈমানিকৰ মৃত্যু ঘটিছিল।

এই অঞ্চলটোত প্ৰায়ে সংঘটিত হয় বিমান দুৰ্ঘটনা। ১৯৫৯চনৰ ৪ মাৰ্চত ডিব্ৰুগড়ত ডগ্লাছ চি-৪৭ বিমান দুৰ্ঘটনাত পতিত হৈছিল। ডিব্ৰুগড়ৰ মোহনবাৰী এয়াৰ বেচত অৱতৰণ কৰা সময়তে এই বিমানখন নিয়ন্ত্ৰণহীন হৈ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত খহি পৰিছিল।

১৯৫৯চনৰ ২৯ মাৰ্চত চি-৪৭ এ ৯০ ডি এল শ্ৰেণীৰ এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল শিলচৰত। বেয়া বতৰৰ বাবে এই বিমানখন শিলচৰ বিমান বন্দৰৰ পৰা ৫০ কিলোমিটাৰ নীলগৰ এখন পথাৰত বিধ্বস্ত হৈছিল। বতাহ-ধুমুহাৰ বাবেই সংঘটিত হোৱা এই বিমান দুৰ্ঘটনাত নিহত হৈছিল ৪০জন বিমান যাত্ৰী।

১৯৬০চনৰ ১০ মাৰ্চত স্কটিছ টুইন পায়নিয়াৰ থ্ৰী এখন বিমান দুৰ্ঘটনাত পতিত হৈছিল যোৰহাটত। ৰানৱে'ত উৰিবলৈ লোৱা মুহূৰ্তত ১০০ ফুট উচ্চতাৰ পৰা হঠাৎ খহি পৰা এই বিমানখনত থকা দুজন বিমান কৰ্মী নিহত হৈছিল। এটা ইঞ্জিনযুক্ত এই বিমানখনে প্ৰয়োজনতকৈ অধিক সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবেই দুৰ্ঘটনাত পতিত হৈছিল।

১৯৬৫চনৰ ৫ এপ্ৰিলত ডি হেভিলেণ্ড ডি এইচ চি-৩ অট্টাৰ শ্ৰেণীৰ বিমানখন অজ্ঞাত কাৰণত ভূপতিত হৈছিল তেজপুৰত। বিমানখনত থকা চাৰিজন বিমান যাত্ৰীৰে মৃত্যু হয়। ১৯৮৫চনৰ ১৭ অক্টোবৰত মোহনবাৰীত চি-৪৭ এ ৭৫ ডি এল বিমানখন দুৰ্ঘটনাত পতিত হয়।

ডিব্ৰুগড় বিমান বন্দৰৰ পৰা ৩৭ কিঃমিঃ নিলগত নিয়ন্ত্ৰণহীন হৈ ভূপতিত হোৱা বিমানখন জুই ভস্মীভূত হৈছিল। এই বিমানখনত বায়ু সেনাৰ ৮জন সৈনিকে প্ৰাণ হেৰুৱাইছিল। ১৯৭০চনৰ ২৯ আগষ্টত ফ'কাৰ এফ ২৭ শ্ৰেণীৰ বিমানখন শিলচৰ বিমান বন্দৰত দুৰ্ঘটনাত পতিত হৈছিল। ৫৬০০ ফুট উচ্চতাৰ পৰা তললৈ খহি পৰা বিমানখনত থকা ৩৯জন যাত্ৰীৰ মৃত্যু ঘটিছিল।

তাৰপাছত ১৯৭৪ চনৰ ৭ ছেপ্টেম্বৰত অসমত সংঘটিতহৈছিল আন এক দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৯জন বিমান কৰ্মীয়ে। ১৯৭৭চনৰ ৫ নবেম্বৰত যোৰহাটত সংঘটিত আন এক বিমান দুৰ্ঘটনাত ৫ জন বিমান যাত্ৰীয়ে প্ৰাণ হেৰুৱায়।

তেতিয়াৰ প্ৰধানমন্ত্ৰী মুৰাজী দেশাইকে ধৰি ভি ভি আই পি থকা এই বিমানখন ৰৰৈয়া বিমান বন্দৰৰ পৰা ১০ কিঃমিঃ নীলগৰ এখন খেতিপথাৰত খহি পৰিছিল।এই দুৰ্ঘটনাত প্রধানমন্ত্ৰী দেশাইকে ধৰি আন ভি ভি আইপিৰ প্ৰাণৰক্ষা পৰিছিল যদিও, বিমানখনৰ ককপিট ধ্বংস হৈ ৫জন বিমান কৰ্মী নিহত হোৱাৰ লগতে ১৫জন লোক আহত হৈছিল।

১৯৮০চনৰ ২৩ আগষ্টত গুৱাহাটীত সংঘটিত আন এক বিমান দুৰ্ঘটনাত ৯জন লোকে প্ৰাণ হেৰুৱাইছিল। ১৯৮৮চনৰ ১৯ অক্টোবৰত ফ'কাৰ এফ-২৭ বিমানখন দুৰ্ঘটনাত পতিত হৈ ৩৬জন লোকে প্ৰাণ হেৰুৱায়।

এইবোৰৰ লগতে বায়ু সেনাৰ বিমান, হেলিকপ্টাৰ উত্তৰ-পূৰ্বাঞ্চলত প্ৰায়ে দুৰ্ঘটনাত সংঘটিত হৈ থাকে। অৰুণাচলৰ মুখ্যমন্ত্ৰী খান্দুৰ মৃত্যু হৈছিল হেলিকপ্টাৰ দুৰ্ঘটনাত। কেইবাদিনো মূৰত উদ্ধাৰ হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in