ছিমলাত উপস্থিত অসমৰ ১৮ সাংবাদিকঃ জনসংযোগ, পৌৰ নিগম, সাংবাদিক, ডিজিপিৰে মত বিনিময়…

ছিমলাত উপস্থিত অসমৰ ১৮ সাংবাদিকঃ জনসংযোগ, পৌৰ নিগম, সাংবাদিক, ডিজিপিৰে মত বিনিময়…

ডিজিটেল সংবাদ, ছিমলা: ছিমলাত অসমৰ ১৮ সাংবাদিক। প্লাষ্টিক মুক্ত, অতি পৰিস্কাৰ হিমাচল প্ৰদেশৰ ৰাজধানী ছিমলা চহৰ পৰিভ্ৰমণ কৰি আপ্লুত উজনি-নামনি অসমৰ ভিন্ন প্ৰান্তৰ ১৮ জন সাংবাদিক। ৮ ছেপ্টেম্বৰ তাৰিখে হিমাচল প্ৰদেশৰ ছিমলাত নিশা উপস্থিত হোৱাৰ পাছতেই সোমবাৰে পুৱা ১০ বজাত চন' ভেলি ৰিজৰ্টৰ পৰা ছিমলাৰ জনসংযোগ বিভাগৰ কাৰ্যালয়লৈ ৰাওনা হয়।

জনসংযোগ বিভাগৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে অসমৰ সাংবাদিক সকলৰ লগতে জনসংযোগ বিভাগৰ বিষয়াৰ লগত ছিমলাৰ জনসংযোগ বিষয়া সকলে চিনাকি হৈ মত বিনিময় কৰে। ছিমলাৰ জনসংযোগ বিভাগে ছিমলাৰ সাংবাদিক সকলক একিডিৰিছন কাৰ্ড, ৰিক'গনাইজ কাৰ্ড, জীৱন বীমা, পৰিবহন বিভাগত বিশেষ সুবিধা প্ৰদান কৰাৰ কথা অসমৰ সাংবাদিক সকলৰ আগত অৱগত কৰে।

ছিমলাৰ জনসংযোগ বিভাগৰ বিষয়া সকলকো অসমৰ জনসংযোগ বিভাগৰ তৰফৰ পৰা ফুলাম গামোচা, জাপীৰে সম্বৰ্ধনা জনাই জনসংযোগ বিষয়া কনকেশ্বৰ বৰগোঁহাই, সমৰ কলিতাই। ইয়াৰ পাছতেই সাংবাদিকৰ দলটো পৌৰ নিগমৰ কাৰ্যালয়লৈ ৰাওনা হয়। পৌৰনিগমৰ কাৰ্যালয়ত সাংবাদিক সকলৰ লগতে জনসংযোগ বিষয়াক পৌৰ নিগমৰ তৰফৰ পৰা সকলোকে ফুলৰ থোপা, উপহাৰ প্ৰদান কৰি স্বাগতম জনায়।

ইয়াৰ পাছতেই মেৱৰ উপস্থিতিত ছিমলাক কেনেকৈ স্মাৰ্ট চিটি ৰূপে গঢ় দিয়াৰ প্ৰয়াস চলাইছে সেই সন্দৰ্ভত পাৱাৰ প্ৰজেক্টৰ জৰিয়তে সাংবাদিক সকলক অৱগত কৰাৰ প্ৰয়াস চলাই। বিশেষকৈ পৌৰ নিগমে ছিমলাক প্লাষ্টিক ফ্ৰী কৰাৰ ক্ষেত্ৰত কেনেকৈ সফল হৈছে এই সন্দৰ্ভত বিষদভাৱে মন্তব্য ৰাখে মেৱৰ কুচুম চৰ্ডিটে।

মেৱৰ গৰাকীয়ে পেলনীয়া সামগ্ৰী সমূহ পৌৰনিগমৰ জৰিয়তে সংগ্ৰহ কৰি কিছু অংশ চিমেন্ট ফেক্টৰীক প্ৰদান কৰে আৰু পেলনীয়া খাদ্য সামগ্ৰী সমূহৰ জৰিয়তে নতুন ট্ৰেকন'লজীৰে গ্ৰেছ উৎপাদন কৰাৰ কথা অৱগত কৰে। কিন্তু গুৱাহাটীৰ লগতে সমগ্ৰ অসমখন প্লাষ্টিক মুক্ত কৰিব বিচাৰিছে যদিও বৰ্তমানলৈকে সফল হ'ব পৰা নাই।

গতিকে হিমাচলপ্ৰদেশৰ ছিমলাৰ দৰে সমগ্ৰ অসমৰ লগতে গুৱাহাটী মহানগৰী প্লাষ্টিক মুক্ত কৰাৰ প্ৰচেষ্টা চলালে নিশ্চয় নগৰখন পৰিস্কাৰ হ'ব। এনেদৰে পৌৰ নিগমৰ বিষয়া সকলৰ লগত আলোচনাত মিলিত হোৱাৰ পাছতেই ছিমলাৰ সাংবাদিক সকলৰ লগতো আলোচনাত মিলিত হয়। লগতে হিমাচল প্ৰদেশৰ ডিজিপি লগতো আইন শৃংখলা সন্দৰ্ভত আলোচনাত মিলিত হৈ প্ৰথম দিনাৰ শুভেচ্ছা মূলক ভ্ৰমণ অন্ত পেলায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in