১৮ মাৰ্চত গুৱাহাটীলৈ আহিছিল ত্ৰিপুৰাৰ কোৰোনাত আক্ৰান্ত মহিলাগৰাকী…

১৮ মাৰ্চত গুৱাহাটীলৈ আহিছিল ত্ৰিপুৰাৰ কোৰোনাত আক্ৰান্ত মহিলাগৰাকী…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ পৰা ত্ৰিপুৰা বাচি আছিল যদিও সোমবাৰে এগৰাকী ৪৫ বছৰীয়া মহিলা আক্ৰান্ত হ'ল। গীতাৰাণী কৰ্মকাৰ নামৰ এগৰাকী মহিলা কোৰোনাত আক্ৰান্ত হোৱাৰ খবৰ নিজে টুইটাৰযোগে ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে। আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা মহিলাগৰাকীক লৈ শেহতীয়াকৈ পোহৰলৈ আহিছে আন এক তথ্য।

প্ৰাপ্ত খবৰ অনুসৰি, যোৱা ১৮ মাৰ্চত গুৱাহাটীলৈ আহিছিল মহিলাগৰাকী। ত্ৰিপুৰাৰ কোৰোনাত আক্ৰান্ত মহিলাগৰাকী আহিছিল গুৱাহাটীলৈ আহি ক'লৈ আহিছিল বা কোন লোকৰ সংস্পৰ্শলৈ আহিছিল সেই তথ্য এতিয়াও লাভ কৰিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in