শেহতীয়া খবৰ
চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...

মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ’ পিকআপ গাড়ী জব্দ…

ডিজিটেল সংবাদ মাৰ্ঘেৰিটাঃ নিশা মাৰ্ঘেৰিটা আৰক্ষীয়ে তিনিখন বলেৰ’ পিকআপ গাড়ীসহ ১৮ টা গৰু জব্দ কৰে। গৰুকেইটা অবৈধভাৱে অৰুণাচলৰ চাংলাংলৈ সৰবৰাহৰ চেষ্টা কৰিছিল গৰুৰ চোৰাং বেপাৰীয়ে। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ থানাৰ সমীপৱৰ্তী মছজিদ পট্টিৰ পৰা এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই তিনিখন বলেৰ’ পিকআপ গাড়ীসহ ১৮ টা গৰু জব্দ কৰে।

তিনিখন বলেৰ’ পিকআপৰ ভিতৰত এজন ড্ৰাইভাৰ আটক হোৱাৰ বিপৰীতে দুজন পলায়ন কৰিবলৈ সক্ষম হয় । ইতিমধ্যে মাৰ্ঘেৰিটা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে এ এছ ২৩ বিচি ৮৬৭৪, এ এছ ২৩ চি চি ৭৭০৯ আৰু এ আৰ ১২ ৯০৩০ নম্বৰৰ তিনিখনকৈ মেক্স পিকআপ ভান জব্দ কৰাৰ লগতে ১৮ টাকৈ গৰু জব্দ কৰি নিজৰ জিম্মাত ৰাখিছে।

উল্লেখ্য যে – বৃহস্পতিবাৰে জাগুনত অবৈধ ভাৱে সৰবৰাহৰ চেষ্টা কৰা অৱস্থাত ১০ টা গৰু আৰক্ষীয়ে জব্দ কৰিছিল।