কংগ্ৰেছতকৈ বিজেপি ভাল, এবছুক বয়কট কৰকঃ হাগ্ৰামা মহিলাৰী

কংগ্ৰেছতকৈ বিজেপি ভাল, এবছুক বয়কট কৰকঃ হাগ্ৰামা মহিলাৰী

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হোৱা ঐতিহাসিক বিটিচি চুক্তিয়ে ১৭ বছৰ পূৰ্ণ কৰিলে। প্ৰতিবছৰে বিটিচি চৰকাৰৰ উদ্যোগত জাকজমকতাৰে অনুষ্ঠিত হোৱা "বড়োলেণ্ড দিৱস" এইবেলিও ব্যাপকভাৱে অতি জাকজমকতাৰে পালন কৰা হয়।সেই উপলক্ষে দেওবাৰে ১৭ তম বড়োলেণ্ড দিৱস উপলক্ষে কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮ঃ০০বজাত দেৱৰগাঁওস্থিত শ্বহীদ উদ্যানত শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপৰিও শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সাংসদ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দন ব্ৰহ্মকে ধৰি বিটিচিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য, নিৰ্বাচিত সদস্যৰ উপৰিও শ্বহীদৰ পৰিয়ালবৰ্গৰ লগতে সহস্ৰাধিক জনতা উপস্থিত থাকে।

শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী দিয়াৰ পিছত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত শ্বহীদৰ মহান ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি বিটিচি চুক্তিৰ ৯০ শতাংশ দফাই কাৰ্যকাৰী হোৱা বুলি প্ৰকাশ কৰে। শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ সন্মুখত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ইয়াৰ পিছতে ৰাতিপুৱা ৯ঃ০০ বজাত কাৰ্যসূচী অনুসৰি হাগ্ৰামা মহিলাৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

উল্লেখ্য যে, ১৭ তম বড়োলেণ্ড দিৱস উপলক্ষে দেওবাৰে পুৱা ১১ঃ০০ বজাত বিটিচি সচিবালয়ৰ নিকটৰ গ্ৰীণ ফিল্ডৰ বিশাল পথাৰত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি কয় যে, এসময়ৰ অশান্তজৰ্জৰ হৈ থকা অঞ্চলটো এতিয়া সকলোৰে বাবে শান্তিপূৰ্ণ হৈছে৷ কম দিনৰ ভিতৰতে শিক্ষা, স্বাস্থ্য, যাতায়াত ব্যৱস্থাৰ লগতে আন সকলো দিশত উন্নয়নৰে বিটিচিৰ লগতে অসম দোপতদোপে আগুৱাই গৈছে আৰু এই যাত্ৰা কোনোৱে ৰোধ কৰিব নোৱাৰে বুলি মন্তব্য কৰি সমন্বয়ৰ যোগেদিহে শক্তিশালী হব পাৰি বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে৷

বিটিএডিত মেডিকেল কলেজ, ইঞ্জিনীয়াৰিং কলেজ, বিশ্ববিদ্যালয়, বিমানবন্দৰ আদি হৈছে বুলি উল্লেখ কৰি বিটিএডিত প্ৰচুৰ প্ৰতিভাধৰ আছে বুলিও মন্তব্য কৰে তেওঁ। ছয় জনগোষ্ঠীৰ জনজাতিকৰনৰ সিদ্ধান্ত লোৱা হৈছে বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধায়কক লৈ অপপ্ৰচাৰ চলিছে বুলি উল্লেখ কৰে। নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'লে ১ কোটি ৯০লাখ লোক আহিব বুলি ভূৱা প্ৰচাৰ চলোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হলেই কোনোবাই অতি সোনকালেই নাগৰিকত্ব নাপায় বৰং প্ৰথমে আৱেদন পত্ৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ত পৰীক্ষা নিৰীক্ষা কৰিহে ব্যৱস্থা লোৱা হব।

খিলঞ্জীয়া লোকৰ স্বাৰ্থ ৰক্ষাত চৰকাৰে আপোচ নকৰে বুলি স্পষ্ট কৰি দি ভাষা উন্নয়নৰ বাবেও বাজেটত পুঁজি ধাৰ্য কৰা হৈছে বুলি মন্তব্য কৰে তেওঁ। অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ দায়িত্ব চৰকাৰে লৈছে বুলি উল্লেখ কৰি বিজেপিৰ নেতৃত্বত অসম, অসমীয়া কাহানিও দুৰ্বল নহয় বুলি উল্লেখ কৰে৷ দল সংগঠন সমুহক সুস্থ্য আন্দোলন কৰি ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষা কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীজনে আহ্বান জনাইছে। তদুপৰি বড়ো আন্দোলনৰ শ্বহীদসকলৰ নিকটাত্মীয়ক ৰাজ্য চৰকাৰে ৫ লাখকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব আৰু ইয়াৰে ২০ জনক দেওবাৰে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে চেক্ প্ৰদান কৰে। ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামত ৰাজ্যিক বঁটা দিয়াৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছে।

ইপিনে  বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছু, এনডিএফবি আৰু ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মৰ সমালোচনাত মুখৰ হৈ পৰে। এবছুক বয়কট কৰাৰ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে এবছু, এনডিএফবিৰ দুতলীয়া কাৰ্যপন্থাক কঠোৰ ভাষাৰে সমালোচনা কৰে। এবছুৰ আন্দোলন অৰ্থহীন বুলি মন্তব্যৰে আজিৰ দিনত বড়োলেণ্ড ৰাজ্য গঠন ইমান সহজে সম্ভৱ নহয় বুলি জনা সত্বেও এবছুৱে আন্দোলন কৰিছে বুলি মন্তব্য কৰি ট্ৰাইবেল ভোট বিভাজনৰ বাবেহে এবছুৱে লাগি আছে বুলি মন্তব্য কৰে মহিলাৰীয়ে।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সপক্ষে পুণৰাই মাত মাতি হাগ্ৰামা মহিলাৰীয়ে কয় যে, ২০০৬ চনতে এবছুৱে কোচ ৰাজবংশীক জনজাতি কৰণ কৰিব লাগে বুলি কোৱাৰ লগতে এনডিএফবি(পি)ৰ সভাপতি ধীৰেন বড়োৱে পূৰ্বেই ৰাজবংশী সকল বড়ো বুলি উল্লেখ কৰি তেওঁলোকক এছটি দিব লাগে বুলি কৈছিল যদিও এতিয়া ওলোটাখৰ মাৰিছে। কংগ্ৰেছতকৈ বিজেপি ভাল বুলি উল্লেখ কৰি ৰাজ্যৰ শাান্তি আৰু উন্নয়নৰ স্বাৰ্থত বিজেপিৰ হাত মজবুত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায় মহিলাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in