জাপানৰ পৰা আনি ৰোপণ কৰা এজোপা গছক লৈ ৰাইজৰ দুখ….

জাপানৰ পৰা আনি ৰোপণ কৰা এজোপা গছক লৈ ৰাইজৰ দুখ….

ডিজিটেল সংবাদ নগাঁও: গছে দুখ দিছে মানুহক ৷ এজোপা গছক লৈ মানুহৰ দুখ ৷ বহু লোকে এজোপা গছৰ বাবে দুখ প্ৰকাশ কৰিছে ৷ যি সময়ত মানুহে বন ধ্বংশ কৰিছে সেই সময়তে এজোপা গছক লৈ আবেগিক হৈ পৰিছে নগাঁৱৰ এটি বৃহৎ অঞ্চলৰ লোক ৷ এই অঞ্চলটোৰ নাম হৈছে বৰঘাট শিয়ালেখোৱা ৷ এই শিয়ালেখোৱাতে আছিল গছ জোপা ৷

প্ৰায় ১৭০ বছৰীয়া গছজোপা এতিয়া অতীত ৷ শিয়ালে খোৱাৰ লোকৰ বাবে পুৰণি গছ জোপা আছিল এক স্বাভিমান -অহংকাৰ ৷ গছজোপাক লৈ আছিল এক সুকীয়া পৰিচয় ৷ মৰমতে গছজোপাৰ নামাকৰন কৰিছিল "বগা গছ" ৷

মঙ্গলবাৰে পুৰণি গছজোপা নিশা নোহোৱা হ'ল ৷ নোহোৱা হ'ল মানে গছজোপা ওভালি পৰিল ৷ নিশা হুৰুক কৰি বৃহৎ শব্দৰে গছজোপা ওভালি পৰা বতৰা পুৱা ৰাষ্ট্ৰ হৈ পৰিল ৷ খবৰ পায় গছজোপা চাবলৈ দূৰণিৰ পৰা বিভিন্ন লোকৰ সমাবেশ হল শিয়ালেখোৱাত ৷

কলঙৰ পাৰত থকা প্ৰায় ১৭০ বছৰীয়া সকলোৰে মৰমৰ বগা গছ জোপা বাগৰি পৰাৰ মূলতে হৈছে পানী ৷ কলঙৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত গছৰ গুৰিৰ মাটি কোমল হৈ পৰাত ওভালি পৰি গছজোপা ৷

জানিব পৰা মতে গছ জোপা ৰোপন কৰাছিল প্ৰয়াত গুনদা কান্ত ভূঞাই ৷ ইংৰাজৰ আমোলৰ বিষয়া ভূঞাই জাপানৰ পৰা অনোৱাইছিল ইউক্লিপট্ৰাছৰ গছ পুলিটো ৷ সেই পুলিটো ৰোপন কৰিছিল শিয়ালেখোৱাত ৷ গছ পুলিটো ডাঙৰ হোৱাত ইংৰাজৰ বহু বিষয়াই জিৰণি লৈছিল গছৰ তলতে ৷

স্মৃতি বিজৰিত এই ইউক্লিপট্ৰাচৰ গছ জোপাই মঙ্গলবাৰৰ নিশা বাগৰি পৰে ৷ বুধবাৰে এক আবেগিক পৰিবেশৰ মাজতে পথৰ ওপৰত বাগৰি পৰা গছজোপা বন বিভাগৰ লোকে কাটি পথটো মুকলি কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in