১৫ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিক্ষাৰ্থীৰ বাবে ৩ জানুৱাৰীৰ পৰা টিকাকৰণৰ বাবে সাজু দৰং প্ৰশাসন…

১৫ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিক্ষাৰ্থীৰ বাবে ৩ জানুৱাৰীৰ পৰা টিকাকৰণৰ বাবে সাজু দৰং প্ৰশাসন…

ডিজিটেল সংবাদ,মঙলদৈ : নতুন বছৰৰ আৰম্ভণিতে অসম চৰকাৰৰ স্বাস্থ্য‌ আৰু মাধ্যমিক শিক্ষা বিভাগৰ যৌথ উদ্যোগত আগন্তুক ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া ১৫ ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিক্ষাৰ্থী সকলৰ কোভিড টিকাকৰণৰ কাৰ্য্যসূচীৰ‌ বাবে সাজু হৈছে দৰং জিলা প্ৰশাসন ।

জিলা উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই জানিবলৈ দিয়া অনুসৰি উক্ত টিকাকৰণৰ কাৰ্য্যসূচীয়ে যাতে উপৰোক্ত বয়সৰ সীমাৰ ভিতৰৰ সকলো শিক্ষাৰ্থীকে সামৰি লয়, তাৰ বাবে জিলা প্ৰশাসনে পহিলা জানুৱাৰীৰ দিনাখনেই স্বাস্থ্য, শিক্ষা আদি বিভাগৰ জিলা পৰ্যায়ৰ উচ্চপদস্থ বিষয়াসকলৰ উপৰিও বিদ্যালয় সমূহৰ অধ্যক্ষ সকলৰ সৈতে এখন বৈঠকৰ আহবান জনাইছে ।

এই বৈঠকত বহু কেইটা দিশ সামৰি লৈ টিকাকৰণৰ কাৰ্য্যসূচী ৰূপায়নৰ সময়ত উদ্ভৱ হ'ব পৰা সকলো ধৰণৰ পৰিস্থিতিৰ কেনেকৈ মোকাবিলা কৰা হ'ব, তাৰ ওপৰত বিস্তৃত আলোচনা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে মন্তব্য আগবঢ়াই । লগতে উপায়ুক্ত গৰাকীয়ে জনায় যে যাতে এই টিকাকৰণৰ কাৰ্য্যসূচী সফলতাৰে সম্পন্ন কৰিব পৰা যায়, তাৰ বাবে তেওঁ ইতিমধ্যে শিক্ষা আৰু স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত দুগৰাকীক তেওঁলোকৰ অধীনস্থ দুয়োটা বিভাগক সম্মুখৰ পৰা নেতৃত্ব দিবলৈ নিৰ্দেশ দিছে ।

উল্লেখযোগ্য যে চৰকাৰী নিৰ্দেশনা অনুসৰি জিলা সমূহৰ বিদ্যালয় পৰিদৰ্শক সকলক টিকাকৰণ কাৰ্য্যসূচীৰ বাবে ১০ খন কৈ বিদ্যালয়ৰ (সৰু জিলাৰ ক্ষেত্ৰত) পৰা ২০ খন কৈ বিদ্যালয় (ডাঙৰ জিলাৰ ক্ষেত্ৰত) টিকাকৰণ কেন্দ্ৰ হিচাবে বাছনি কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে । দৰং জিলা প্ৰশাসনে ইপিনে টিকাকৰণৰ প্ৰথম দিনাখন, অৰ্থাৎ ৩ জানুৱাৰী তাৰিখে, ২৯ টা কেন্দ্ৰ সাজু কৰিবলৈ গৈ আছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে ।

ইয়াৰ উপৰিও নিৰ্দেশনা অনুসৰি যুৱক আৰু যুৱতী শিক্ষাৰ্থী সকলক টিকা প্ৰদানৰ বাবে পৃথক-পৃথক কোঠালীৰ ব্যবস্থা কৰিবলৈ কোৱা হৈছে । জাৰি কৰা নিৰ্দেশনা মতে চৰকাৰে অহা মাৰ্চ মাহৰ ভিতৰত ১০০ শতাংশ ১৫-১৮ বয়সৰ শিক্ষাৰ্থী সকলক টিকা প্ৰদানৰ লক্ষ্য ধাৰ্য্য কৰিছে । লগতে এই টিকাকৰণৰ কাৰ্য্যসূচীয়ে চৰকাৰীৰ উপৰিও ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহকো সামৰি ল'ব ।

এইবাৰৰ এই কাৰ্য্যসূচীৰ এটা বিশেষ দিশ হ'ল যে যিসকল অভিভাৱকে এতিয়ালৈকে কোভিডৰ দ্বিতীয় পালি টিকা গ্ৰহণ কৰাৰ পৰা বিৰত আছে, তেওঁলোকে যাতে অনতিপলমে টিকা গ্ৰহণ কৰে, তাৰ বাবে বিদ্যালয়/মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলে তেওঁলোকৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাৰ্থী সকলৰ দ্বাৰা টিকা গ্ৰহণ কৰিবলৈ অনুপ্ৰানিত কৰিবলৈ প্ৰচেষ্টা হাতত লবলৈ গৈ আছে বুলি নিৰ্দেশনা অনুসৰি জানিবলৈ পৰা গৈছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in