বায়ু সেনা বাহিনীৰ এএন-৩২ বিমানখনৰ উদ্ধাৰৰ বাবে সাজু ১৫ পৰ্বতাৰোহী …

বায়ু সেনা বাহিনীৰ এএন-৩২ বিমানখনৰ উদ্ধাৰৰ বাবে সাজু ১৫ পৰ্বতাৰোহী …

ডিজিটেল ডেস্কঃ যোৱা ৩ জুনত অৰুণাচলত সন্ধানহীন হোৱা ভাৰতীয় বায়ু সেনা বাহিনীৰ এএন-৩২ বিমানখনৰ উদ্ধাৰৰ বাবে বৰ্তমানেও অব্যাহত আছে অভিযান। অত্যাধুনিক হেলিকপ্টাৰযোগে সামৰিক বাহিনী, নৌ সেনা আৰু পৰ্বতাৰোহীয়ে চলাইছে এই অভিযান।

শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি বিমান দুৰ্ঘটনাগ্ৰস্থ হোৱা স্থানলৈ যাবৰ বাবে ১৫ গৰাকী পৰ্বতাৰোহী সকলো প্ৰস্তুতিৰে সাজু হৈ আছে যদিও বেয়া বতৰৰ বাবে বাৰে বাৰে বিফল হৈছে।

সেনাই জানিবলৈ দিছে যে দলটোৱে ওৰেনিশা ঘটনাস্থলীলৈ যাবৰ বাৰে চেষ্টা চলাব আৰু বৃহস্পতিবাৰে দুৰ্ঘটনাস্থলীত উপস্থিত হব। উল্লেখ্য যে বিমানখনত আছিল ৮ ক্ৰু মেম্বাৰ আৰু ৫ জন যাত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in