কাইলৈ কোন মন্ত্ৰীয়ে ক’ত উত্তোলন কৰিব পতাকা…

ডিজিটেল ডেস্কঃ দেশে বৃহস্পতিবাৰে উদযাপন কৰিব ৭৩ সংখ্যক স্বাধীনতা দিৱস। ইতিমধ্যে প্ৰস্তুতি চলিছে চৌদিশে। ৰাজ্যতো স্বাধীনতা দিৱসৰ ব্যাপক প্ৰস্তুতিৰ লগতে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। খানাপৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্বাধীনতা দিৱস উপলক্ষে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।

ৰাজ্যৰ আন স্থানত কেইবাজনো মন্ত্ৰীয়ে স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰিব। ইয়াৰ ভিতৰত-

লখিমপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব হিমন্ত বিশ্ব শৰ্মাই।

ডিব্ৰুগড়ত চন্দ্ৰমোহন পাটোৱাৰীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।

তিনিচুকীয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব অতুল বৰাই।

ধুবুৰীত কেশৱ মহন্তই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাক।

মাজুলীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব নৱ দলে।

যোৰহাটত সিদ্ধাৰ্থ ভট্টাচাৰ্যই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।

ধেমাজিত ছুম' ৰংহাঙে কৰিব ৰাষ্ট্ৰীয় পতাকা।

নগাঁৱত ৰিহন দৈমাৰীয়ে কৰিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন।

তেজপুৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৰঞ্জিত দত্তই।

নলবাৰী ফণীভূষণ চৌধুৰীয়ে উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।

বৰপেটাত প্ৰমীলাৰাণী ব্ৰহ্মই কৰিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন।

গোৱালপাৰাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পীয়ুষ হাজৰিকাই।

দৰঙত ভৱেশ কলিতাই উত্তোলন কৰিব ৰাষ্ট্ৰীয় পতাকা।

শিলচৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পৰিমল শুক্লবৈদ্যই।

শিৱসাগৰত চন্দন ব্ৰহ্মই কৰিব ৰাষ্ট্ৰীয় পতাকা উত্তোলন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in