দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ৩৩সংখ্যক প্ৰতিষ্ঠা দিৱস

দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ৩৩সংখ্যক প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, চেঙাঃ নলবাৰী জিলাৰ দৌলাশালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ ৩৩ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা দেশভক্তিমূলক গীত পৰিৱেশন কৰাৰ পিছত ৯ বজাত শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে বাহিনীটোৰ অধিনায়ক দেবেন্দ্ৰ ডেকাই।

পুৱা ৯.২০ বজাত জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰি অধিনায়ক দেবেন্দ্ৰ ডেকাই একতাৰ পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কৰি উপস্থিত ৰাইজ আৰু জোৱানসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে অধিনায়কগৰাকীয়ে। ভাষণ প্ৰসংগত অধিনায়কগৰাকীয়ে বাহিনীটোৰ বিভিন্ন অভাৱ- অভিযোগৰ কথা উল্লেখ কৰি বাহিনীটোৰ চাৰিসীমাত সম্পূৰ্ণ পকী দেৱাল নথকাত নিৰাপত্তাৰ প্ৰতি ভাবুকি হৈ থকা বুলিও উল্লেখ কৰে।

বাহিনীত এগৰাকী চিকিৎসকৰ অতি প্ৰয়োজন বুলি কোৱাৰ লগতে এটি অতিথিশালাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এই অভাৱসমূহ পূৰণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰে। পেৰেডস্থলীত বাহিনীৰ জোৱানসকলে দৃষ্টিনন্দন কুচকাৱাজ প্ৰদৰ্শন কৰে।

ইয়াৰ পিছতেই যোৱাবেলি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৭০ শতাংশৰ ওপৰত নম্বৰপ্ৰাপ্ত বাহিনীৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়।

পেৰেডস্থলীত বিহু নৃত্য, বাগুৰুম্বা নৃত্যৰ উপৰিও বৰপেটাৰ শিল্পীদলৰ দ্বাৰা ভোৰতাল নৃত্য পৰিবেশন কৰে। প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিশেষ পাৰদৰ্শিতা দেখুওৱা কেইবাগৰাকী জোৱানক পাৰদৰ্শিতাৰ মানপত্ৰ দিয়া হয়। দিনত চিত্ৰাঙ্কণ, কুইজ, বিভিন্ন খেল-ধেমালিৰ লগতে আবেলি এখন প্ৰীতি ফুটবল অনুষ্ঠিত হয়। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত বাহিনীৰ স্থানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in