শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

ছিপাঝাৰত ১৪৪ ধাৰা জাৰি,কি কি ক্ষেত্ৰত আছে নিষেধাজ্ঞা পঢ়ক সবিশেষ….

ডিজিটেল সংবাদ,ছিপাঋাৰঃ দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ ১ নং, ২ নং আৰু ৩ নং ঢলপুৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত বৃহস্পতিবাৰে হৈ যোৱা বিক্ষিপ্ত ঘটনাৰ বাবে শুকুৰবাৰৰ  পৰা কাৰ্য্যকৰী হোৱাকৈ জিলা দণ্ডাধীশ প্ৰভাতী থাওচেনে চি.আৰ.পি.চিৰ অধীনত ১৪৪ ধাৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

এই সময়ছোৱাত প্ৰশাসনৰ অনুমতি অবিহনে কোনো ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক একে সময়তে সমবেত হ’ব নোৱাৰিব।  কোনো লোকেই সমদল আদিৰ দৰে কাৰ্য্যসূচীৰ আয়োজন কৰিব নোৱাৰিব। ইয়াৰ উপৰিও কোনো ব্যক্তিয়েই ৰাজপথ আদিত জনসাধাৰণ তথা যানবাহনৰ চলাচলত বাধা আৰোপ কৰিব‌ নোৱাৰিব।

প্ৰশাসনৰ নিৰ্দেশ অবিহনে কোনো লোককে কোনোধৰণৰ বিক্ষোভ, ৰাজহুৱা সভা আদিৰ আয়োজন কৰিবলৈ দিয়া নহ’ব। লগতে কোনো অসামৰিক লোককে কোনোধৰণৰ অস্ত্ৰ আদি লৈ ৰাজহুৱা স্থানত উপস্থিত থাকিবলৈ দিয়া নহ’ব ।

উপৰোক্ত নিৰ্দেশনা সমূহৰ সমান্তৰালকৈ কোনো লোকেই কোনোধৰণৰ লাউডস্পিকাৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব  লগতে কোনো অসামৰিক লোকে উক্ত নিষেধাজ্ঞা সমূহ কাৰ্য্যকৰী হৈ থকা সময়ছোৱাত সামৰিক/কেম’ফ্লেজ পোছাক পৰিধান কৰিব নোৱাৰিব ।

১৪৪ ধাৰাৰ অধীনত জাৰি কৰা উপৰোক্ত নিৰ্দেশ সমূহ অমান্য কৰা লোকসকলৰ ওপৰত প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হ’ব আইনগত ব্যৱস্থা

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি