কেনেকৈ লাভ কৰিব মেট্ৰিকৰ ফলাফল, জানিবলৈ পঢ়ক…

কেনেকৈ লাভ কৰিব মেট্ৰিকৰ ফলাফল, জানিবলৈ পঢ়ক…

ডিজিটেল ডেস্কঃ অহা ১৫ মে'ত ঘোষণা হ'ব চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। ফলাফলৰ সময়ক লৈ পূৰ্বে বহু বেমেজালি দেখা দিছিল যদিও পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰিয়ে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল বুলি ইতিমধ্যে ছেবা কৰ্তৃপক্ষই জনাইছে।১৫ মেৰ পুৱা ৯ বজাত পৰীক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল।

দিনৰ ১১ বজাৰ পৰা বিদ্যালয়সমূহে প্ৰদান কৰিব মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট। ইয়াৰ লগতে ছেবা কৰ্তৃপক্ষই নিৰ্দেশ দিছে যে ১১ বজাৰ পূৰ্বে কোনো বিদ্যালয়ৰ কৰ্তৃপক্ষই মাৰ্কশ্বীট আৰু চাৰ্টিফিকেট থকা পেকেটৰ ছীল খুলিব নোৱাৰিব। শিক্ষাৰ্থীসকলৰ যিকোনো আঁসোৱাহ থাকিলে ১৫ দিনৰ ভিতৰত পুনৰীক্ষণৰ বাবে আৱেদন কৰিব পাৰিব।পৰীক্ষাৰ্থীয়ে ফলাফল লাভ কৰিবৰ বাবে ১৪ টাকৈ ৱেবছাইট মুকলি কৰিছে। এই ৱেবছাইট কেইটাৰ উপৰিও এছ এম এছৰ যোগেও পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল।

সেই ৱেবচাইট কেইটা হল-
exametc.com
iresults.net
yesresult.com
www.result.shiksha
www.assam.shiksha
www.assamonline.in
assamjobalerts.com
assamresult.in
results.sebaonline.org
resultsassam.nic.in
www.examresults.net
www.examresults.net/assam/
www.indiaresults.com

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in