মুকলি আকাশৰ তললৈ বামুণীৰ ১৪জন কৃষক,শ শ লোকে  ঢোলে-ডগৰে আদৰি আনিলে মুক্তিপ্ৰাপ্ত কৃষকক…

মুকলি আকাশৰ তললৈ বামুণীৰ ১৪জন কৃষক,শ শ লোকে ঢোলে-ডগৰে আদৰি আনিলে মুক্তিপ্ৰাপ্ত কৃষকক…

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত তথা চামগুৰি ৰাজহ চক্ৰৰ অধীনস্থ মিকিৰ বামুণীৰ লালুং গাঁও আৰু আমডাঙা গাঁৱৰ ৰায়তী কৃষকক উচ্ছেদ কৰা কাৰ্য্যৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে । এই কৃষকসকলক উচ্ছেদ কৰি এটা উচ্চক্ষমতা সম্পন্ন " পাৱাৰ প্লেণ্ট প্ৰজেক্ট" স্থাপন কৰিবলৈ লোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত দীৰ্ঘদিন ধৰি তীব্ৰ সংঘাতৰ সৃষ্টি হৈ আহিছে। যাৰ ফলস্বৰূপে উক্ত বিবদমান ভূমিত স্থানীয় ৰায়তী কৃষকে কৰা শালি ধানৰ খেতিত জিলা প্ৰশাসনে জে চি বি আৰু এক্স'ভেটৰে উচ্ছেদ অভিযান চলাইছিল ।

উক্তদিনা কৃষক ৰাইজ আৰু প্ৰশাসনৰ মাজত সেই ঠাইডৰাত তীব্ৰ বাক-বিত্ণ্ডাৰ সৃষ্টি হৈছিল আৰু ফলত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰশাসনে কৃষকৰ ওপৰত লাঠীচালনা কৰাৰ লগতে ১৪ জন কৃষকক গ্ৰেপ্তাৰ কৰিছিল। এইসকল কৃষকক নগাঁও জিলা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কালি সন্ধিয়া মুকলি কৰি দিয়ে। মুকলি কৰি দিয়া কৃষকসকলক বঢ়মপুৰৰ বামুণী তিনিআলিৰ পৰা স্থানীয় শ শ লোকে জোৰ আৰু পতাকা লৈ প্ৰায় ৩ কি মি পথ ঢোলে-ডগৰে শোভাযাত্ৰা কৰি "আজুৰ পাৱাৰ গ' বেক", আমাৰ কৃষিভূমি আমাক লাগিবই , পুঁজিপতিৰ দালাল বি জে পি চৰকাৰ হায় হায় , চি পি আই জিন্দাবাদ " আদি বিভিন্ন শ্নোগানেৰে মুখৰিত কৰি তোলে ।

আমডাঙা তিনিআলিত শোভাযাত্ৰাৰ অন্তত "ব'ল ব'ল ব'ল কৃষক শক্তি দল অ' বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব'ল " গীতটি পৰিবেশন কৰি বাওঁপন্থী নেতা নবীন শ্বন ক্ৰ'য়ে কৃষকসকলক আদৰণি জনায় । এই সমদলত ভাগ লয় সংগ্ৰামী যুৱক বিজয় ৰংহাং , চি পি আই নেতা জয়ন্ত গগৈ ঈশান বৰা আদিয়ে। উল্লেখ্য যে ,এইসকল কৃষকক মুকলি কৰি অনাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে ৰাতুল বৰা , ঈশান বৰা আৰু প্ৰদীপ বৰাক স্থানীয় ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in