শেহতীয়া খবৰ
হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...

১২ মাৰ্চত ‘ভবানন্দ দত্ত ৰচনা সমগ্ৰ’ৰ উন্মোচনী অনুষ্ঠান…

89

ডিজিটেল সংবাদ, গুৱাহাটীঃ প্ৰথিতযশা বুদ্ধিজীৱী, কবি আৰু সমাজ- সাহিত্যৰ সমালোচক প্ৰয়াত ’ভবানন্দ দত্তৰ ৰচনা সমগ্ৰ’ নামৰ এখন গ্ৰন্থ অসম পাবলিচিং কোম্পানীৰ সহযোগত নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰি উলিয়াইছে। পৰিষদৰ এক বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে যে, ড: পৰমানন্দ মজুমদাৰৰ মুখ্য সম্পাদনাত সংকলিত ‘ভবানন্দ দত্ত ৰচনা সমগ্ৰ’ত প্ৰসিদ্ধ মাৰ্ক্সবাদী দাৰ্শনিক গৰাকীৰ ‘ দৃষ্টি আৰু দৰ্শন’, ‘অসমীয়া কবিতাৰ কাহিনী’, ‘ ৰবীন্দ্ৰ প্ৰতিভা’,’Philosophy and India’ বহু বিনন্দিত পুথিকেইখনৰ উপৰি আৱাহন, জয়ন্তী, ৰামধেনু, বৰদৈচিলা, কটনিয়ান আদিত সিঁচৰিত হৈ থকা প্ৰায় একুৰি দুষ্প্ৰাপ্য ৰচনাও সংকলিত হৈছে।

ইয়াৰ উপৰি সংকলিত হৈছে মনোৰঞ্জন শাস্ত্ৰীৰ সৈতে ডেৰ বছৰ কাল ধৰি ‘ৰামধেনু’ত হোৱা বিতৰ্কৰ পূৰ্ণপাঠ আৰু হেম বৰুৱাৰ সৈতে এমাহ ধৰি The Assam Tribuneত হোৱা চিঠিৰ বাদানুবাদ। পৰিষদে প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে, পুথিখন অহা ১২ মাৰ্চৰ দিনা ২-৩০ বজাত কটন বিশ্ববিদ্যালয়ৰ এলুমনাই হলত আনুষ্ঠানিকভাৱে উন্মোচন কৰিব শ্ৰীযুতা নিৰুপমা বৰগোহাঞিয়ে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব শ্ৰীযুতা সুদক্ষিণা শৰ্মা, ড: শিৱনাথ বৰ্মন আৰু অধ্যাপক ৰঞ্জিত কুমাৰ দেৱগোস্বামীয়ে। বিজ্ঞপ্তিত সকলোৰে উপস্থিতি কামনা কৰাৰ উপৰি জনোৱা হৈছে পুথিখনৰ আগতীয়াকৈ গ্ৰাহক হোৱা পঢ়ুৱৈক সিদিনা পুথিখন দিয়া হ’ব আৰু সভালৈ সকলেও ৬৫০ টকাৰ পুথিখন সিদিনা ৫০০ টকাত ক্ৰয় কৰিব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি