ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহৰ ১২৮ বছৰঃ তথ্য চিত্ৰৰ বাবে ২ কোটি ২০ লাখ টকা ঘোষণা মন্ত্ৰী অতুল বৰাৰ…

ঐতিহাসিক পথৰুঘাট কৃষক বিদ্ৰোহৰ ১২৮ বছৰঃ তথ্য চিত্ৰৰ বাবে ২ কোটি ২০ লাখ টকা ঘোষণা মন্ত্ৰী অতুল বৰাৰ…

ডিজিটেল সংবাদ আন্ধেৰীঘাট: ১৮৯৪ চনৰ ২৮ জানুৱাৰীত দৰঙৰ ঐতিহাসিক পথৰুঘাটত বৃটিছৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ মৃত্যুবৰণ কৰা সাতকুৰি কৃষক শ্বহীদৰ মহান ত্যাগ ভাৰতীয় সংগ্ৰামী ঐতিহ্যৰ গৌৰৱময় অধ্যায় ৷ সেইসকল বীৰ কৃষকৰ সোণসেৰীয়া আদৰ্শই ভাৰতীয় স্বাধীনতা সংগ্ৰামতো অনুপ্ৰেৰণা যোগাইছিল ৷ সংহতি সম্প্ৰীতি আৰু সমন্বয়ৰ পূন্যতীৰ্থ পথৰুঘাট ৰণৰ অমৰ কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাই আজি পালন কৰা হয় ১২৮ সংখ্যক কৃষক শ্বহীদ দিৱস।

এই অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ৷ সাতকুৰি কৃষক শ্বহীদ বাকৰিত স্থাপিত স্মৃতি স্তম্ভত কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় মন্ত্ৰী গৰাকীয়ে ৷ ৰাতিপুৱা পতাকা উত্তোলন কৰে উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাই ৷ শ্বহীদ তৰ্পণ কৰে দৰঙৰ আৰক্ষী অধিক্ষক সুশান্ত বিশ্ব শৰ্মাই ৷ সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত পৌৰাহিত্য কৰে দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেণ চন্দ্ৰ মালাকাৰে ৷

কেন্দ্ৰীয় শ্বহীদ দিৱস উপলক্ষে অনুষ্ঠিত মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভাত আদৰণি ভাষণ প্ৰদান কৰি ছিপাঝাৰৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ৷ আনহাতে মুকলি সভাত স্মৃতিগ্ৰন্থ "পথৰুঘাট" উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই। আনহাতে কৃষি মন্ত্ৰী অতুল বৰাই পথৰুঘাটৰ স্মৃতি স্তম্ভ আৰু তথ্য চিত্ৰ নিৰ্মাণৰ বাবে ২ কোটি ২০ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in