১২৫ খন পূজাৰে নগাঁৱত শাৰদীয় দুৰ্গোৎসৱক লৈ ব্যাপক আয়োজন

১২৫ খন পূজাৰে নগাঁৱত শাৰদীয় দুৰ্গোৎসৱক লৈ ব্যাপক আয়োজন

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও চহৰত এইবাৰ প্ৰায় ডেৰশখন পূজা সমিতিৰ উদ্যোগত শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত হ'ব। ৪-৫ লাখ টকাৰ পৰা ১৫-২৫ লাখ টকা লৈকে বাজেটেৰে পূজা সমিতিসমূহে দূৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে। অধিকাংশ পূজা মণ্ডপতে ধৰ্মীয় তথা সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট্যৰ লগতে অত্যাধুনিক কাৰুকাৰ্য আৰু আলোকসজ্জাৰ চমক দেখিবলৈ পাব ৰাইজে।

ইয়াৰ মাজতে সমিতিসমূহে নিজা নিজা পূজা মণ্ডপসমূহক সমন্বয়ৰ ক্ষেত্রলৈ পৰিণত কৰিবলৈ চেষ্টা কৰিছে। ১২৫ খন পূজা সমিতিৰ ভিতৰত ৫খন পূজাই ইতিমধ্যেই শতবৰ্ষ গৰকিছে। আন ৫খন পূজা সমিতিয়ে মহাৰজত জয়ন্তী, ৪খনে হীৰক জয়ন্তী আৰু ১২খন পূজা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।

চহৰখনৰ খ্ৰীষ্টানপট্টি (বেলতলা)ৰ বিখ্যাত জানকী নাথ সেন উকীলৰ (ব্যক্তিগত) ঘৰৰ দুৰ্গা মন্দিৰত এইবাৰ ১৬৯ সংখ্যক দুৰ্গা পূজা অনুষ্ঠিত হ'ব। আনহাতে, চহৰখনৰ হয়ৱৰগাঁও বীনাপাণি পূজা সমিতিৰ উদ্যোগত ১৪৯ সংখ্যক দুৰ্গা পূজা, নগাঁও বাংগালী সন্মিলনীৰ উদ্যোগত ১২৫ সংখ্যক দূৰ্গা পূজা, আমোলাপট্টি দূৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৩ সংখ্যক দুৰ্গাপূজা, ফৌজদাৰীপট্টি সাৰ্ব্বজনীন দূৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২১ সংখ্যক দূৰ্গাপূজা অনুষ্ঠিত হ'ব।

ইতিপূৰ্বে মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নগাঁও চহৰৰ উল্লেখযোগ্য দুৰ্গাপূজাসমূহৰ ভিতৰত পানীগাঁও কালীবাৰী দূৰ্গাপূজা সমিতিয়ে এইবাৰ ৯৭ সংখ্যক ,হিন্দুস্থানপট্টি সাৰ্ব্বজনীন ঠাকুৰবাৰী দূৰ্গাপূজা সমিতিৰ ৮৯ সংখ্যক, হয়বৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৮৬ সংখ্যক, নগাঁও পুলিচ ৰিৰ্জাভ দূৰ্গাপূজা সমিতিৰ ৮৬ সংখ্যক, এন.এফ.ৰে'লৱে পূজা সমিতিৰ ৭৮ সংখ্যক, ছামাদ্দাৰপট্টি সাৰ্ব্বজনীন পূজা সমিতিৰ ৭১ সংখ্যক, হয়বৰগাঁও ৰে'লৱে সাৰ্ব্বজনীন কালী মন্দিৰ সমিতিৰ ৭০ সংখ্যক, কলংপাৰ নেপালী মন্দিৰ সাৰ্ব্বজনীন পূজা সমিতিৰ ৬৬ সংখ্যক, বিবেকানন্দপল্লী শাৰদোৎসৱ সমিতিৰ ৬৪ সংখ্যক দূৰ্গাপূজা অনুষ্ঠিত হ'ব।

নগাঁও চহৰৰ আন ১২খন পূজা সমিতিয়ে ইতিপূৰ্বে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। ৰামকৃষ্ণ পথৰ ভাৰত সেৱা শ্ৰম সংঘৰ অনুমোদিত নগাঁও হিন্দু মিলন মন্দিৰ পূজা উৎসৱ সমিতিয়ে প্ৰতিদিনে পূজা মণ্ডপৰ সন্মুখত জীৱন্ত ৰূপত ছাৰ্জিকেল ষ্ট্ৰাইক প্ৰৰ্দশন কৰিব। মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰহ্লাদ বণিকে জনোৱা মতে, পূজা উৎসৱৰ লগত সংগতি ৰাখি মন্দিৰৰ স্থায়ী ভৱন আৰু ভাৰত সেৱা শ্ৰম সংঘৰ প্ৰতিষ্ঠাতা স্বামী প্ৰনৱানন্দজী মহাৰাজৰ প্ৰতিমূৰ্তি ইতিমধ্যে উন্মোচন কৰা হৈছে।

নগাঁও বাঙালী সন্মিলনিৰ ১২৫ সংখ্যক পূজাত ২৫ লাখ টকাৰ বাজেট লৈছে। পূৰ্বৰ দৰে পৰম্পৰাগত গাম্ভীৰ্য্যতা এইবাৰো ৰাখিৱলৈ চেষ্টা কৰিব বুলি জানিব পৰা গৈছে। শংকৰ মিছন পথত ৬৬ ফুট উচ্চতাৰ দেবী প্ৰতিমা নিৰ্মাণৰ কাম চলি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in