সপ্তম শ্ৰেণীত অধ্যয়ন কৰা সিদ্ধাৰ্থই কেনেকৈ পালে তথ্য বিজ্ঞানীৰ চাকৰি, পঢ়ক সৱিশেষ

সপ্তম শ্ৰেণীত অধ্যয়ন কৰা সিদ্ধাৰ্থই কেনেকৈ পালে তথ্য বিজ্ঞানীৰ চাকৰি, পঢ়ক সৱিশেষ

দেশৰ বিজ্ঞানীসকলৰ বাবে আজি চৰ্চাৰ কাৰণ সিদ্ধাৰ্থ। সকলো লোকে জানিবলৈ উৎসুক হোৱা ১২ বছৰীয়া ছাত্ৰগৰাকীৰ বিষয়ে পলাশ জ্যোতি গগৈৰ এক প্ৰতিবেদন।

কাগ্ৰতা থাকিলে মানুহে কৰিব নোৱাৰা কাম একো নাই। কোনো কথা বা কামৰ প্ৰতি আগ্ৰহ থাকিলে অসম্ভৱো সম্ভৱ হৈ উঠে। সময়ে সময়ে সেই কথাই সঁচা বুলি প্ৰমাণ হৈ আহিছে। শেহতীয়াকৈ হায়দৰাবাদত এগৰাকী ১২ বছৰীয়া ছাত্ৰই লাভ কৰা সংস্থাপনে দেশজুৰি চৰ্চা লাভ কৰিছে। দেশখনৰ সকলো শ্ৰেণী লোকৰ বাবেই তেওঁ হৈ পৰিছে অনুপ্ৰেৰণাৰ অন্য এক নাম।

'Your time is limited, so don't waste it living someone else's life', আপোনাৰ সময় সীমিত, আনৰ বাবে নিজৰ সময়বোৰ অপচয় নকৰিব। এই কথাষাৰত বিশ্বাস কৰে বহুলোকে। দেখাত তেনেই সৰু এগৰাকী ছাত্ৰই কেনেকৈ পালে এই সংস্থাপন। ছাত্ৰগৰাকীৰ বিষয়ে জানিবলৈ সকলো লোকৰে উৎসুকতা। প্ৰতিজন লোকে জানিব বিচাৰিছে কোননো সেইজন ছাত্ৰ।

সপ্তম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে অধ্যয়ন কৰি আছে শ্ৰী চৈতন্য স্কুলত। তেওঁৰ নাম সিদ্ধাৰ্থ শ্ৰীবাস্তৱ পিলি। মনতেইন স্মাৰ্ট বিজনেছ চলিউছনছ নামৰ কোম্পানীটোত তেওঁ লাভ কৰিছে নিযুক্তি। তেওঁ নিযুক্তি লাভ কৰা পদটো হৈছে তথ্য বিজ্ঞানী।

বয়স সুধি নাহে সফলতা…

দেউতাকৰ পৰা অনুপ্ৰেৰণা পাইছে এইগৰাকী ছাত্ৰই। কাৰণ তেওঁৰ দেউতাকে কম বয়সৰে পৰাই ক্লাউড কম্পিউটিং আৰু আৰ্টিফিচিয়েল ইন্টেলিজেন্স শিকিছিল। সিদ্ধাৰ্থ আজি হাজাৰজনৰ বাবে এটা উদাহৰণ হৈ পৰিছে। কথাতে কোৱা হয় কম বয়সৰ লৰা-ছোৱালী বা শিশুসকলক মোবাইল হাতত দিব নালাগে। কিন্তু এইগৰাকী ছাত্ৰৰ ক্ষেত্ৰত সেই কথা সুকীয়া। কাৰণ তেওঁ বিশ্বাস কৰে ধৈৰ্য নহলে কোনো কাম কৰিব নোৱাৰি। সেই ধৈৰ্য তেওঁ পাইছিল মোবাইলত থকা বিভিন্ন গেমসমূহৰ পৰা। কাৰণ তেওঁ মোবাইলৰ গেম সমূহৰ ইটোৰ পিছত সিটো লেভেল খেলি জয়ী হবলৈ চেষ্টা কৰিছিল।

অভিভাৱকৰ পৰাও তেওঁ লাভ কৰিছিল সমৰ্থন। প্ৰতিটো কামতে সিদ্ধাৰ্থক সমৰ্থন দিছিল পৰিয়ালৰ লোকসকলে। তেওঁ ক'লে, 'মোক প্ৰতিটো কথাতে ঘৰৰ মানুহবোৰে সমৰ্থন দিছিল। মই কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে মোক সহায় কৰে।' লগতে ছাত্ৰগৰাকীয়ে জানিবলৈ দিয়ে তেওঁ লাভ কৰা অনুপ্ৰেৰণাৰ কথাও। সিদ্ধাৰ্থৰ মতে, "তন্ময় বক্সিৰ পৰা মই অপুপ্ৰেৰণা লাভ কৰিছো। তন্ময় বক্সিয়ে অতি কম বয়সতে গুগলত চাকৰি পাবলৈ সক্ষম হৈছিল। ডেভেলপাৰ হিচাপে তন্ময়ে চাকৰি লাভ কৰাৰ পিছতে বিশ্ববাসীয়ে বুজিছিল আৰ্টিফিচিয়েল ইন্টেলিজেন্স ৰিভ'লোচন কি?''

সিদ্ধাৰ্থ আৰু তন্ময় বক্সি। দুয়োজনে চৰ্চাৰ কাৰণ।

চেষ্টাৰ অসাধ্য একো নাই। কৰো বুলি ক'লে কৰিব নোৱাৰা কামো নাই। অতীতে সেই কথাকে কৈ গৈছে। কাৰণ এইখন দেশতে বিভিন্ন সময়ত নিজৰ পাৰদৰ্শিতাৰ বাবে বহুলোক জাকত জিলিকিছে। সিদ্ধাৰ্থৰ মতে, "আমি সফল ব্যক্তিৰ জীৱনী অধ্যয়ন কৰিব লাগে। সেই কাৰ্যৰ দ্বাৰা অনুপ্ৰেৰণা লাভ কৰিব পাৰি। কিবা এটা কৰাৰ বাবে আমাক বিভিন্ন সময়ত নিজৰ কামেৰে সফল হোৱা লোকসকলে পথ দেখুৱাই গৈছে। মোৰ দেউতাই পঢ়িবলৈ দিছিল বিভিন্ন লোকৰ জীৱনী। যাৰ বাবে আজি মই এই স্থান লাভ কৰিবলৈ সক্ষম হৈছো।" এতিয়া সিদ্ধাৰ্থ সকলো লোকৰে বাবে আলোচনাৰ বিষয় হৈ পৰিছে।

১২ বছৰ বয়সতে তেওঁ বয়সৰ দুগুণ দৰমহা লাভ কৰিছে।

সিদ্ধাৰ্থই অনুপ্ৰেৰণা লাভ কৰা তন্ময় বক্সি হৈছে এগৰাকী ১৬ বছৰীয়া অসাধাৰণ ব্যক্তিত্বৰ যুৱক। কাৰণ তেওঁ বৰ্তমান এগৰাকী লিখক, সংবাদমাধ্যমৰ সৈতে জড়িত লোক, স্থাপত্যবিদ হোৱাৰ সমান্তৰালকৈ গুগল ডেভলপাৰো। তন্ময় সৰুৰে পৰাই পঢ়াৰ প্ৰতি আগ্ৰহী আছিল। যাৰ বাবে তেওঁ ১৩ বছৰতে গুগলত নিযুক্তি লাভ কৰি অতি কম বয়সতে সংস্থাপন লাভ কৰা গুগলৰ প্ৰথমগৰাকী কৰ্মচাৰী হিচাপে বিৱেচিত হৈছিল।

সিদ্ধাৰ্থ শ্ৰীবাস্তৱ পিলি।

বৰ্তমান অতি কম বয়সতে তথ্য বিজ্ঞানীৰ নিযুক্তি লাভ কৰা সিদ্ধাৰ্থ ভীষণ ব্যস্ত। ৩ দিন বিদ্যালয়লৈ যোৱাৰ লগতে তেওঁ ৩ দিন কাৰ্যালয়ত কাম কৰে। সমানে আগবঢ়াই লৈ গৈছে পঢ়া-শুনা আৰু চাকৰি। নিজৰ কামৰ প্ৰতি তেওঁৰ ইমানে আগ্ৰহ আছিল যে পিলিয়ে ক'ডিং কৰিবলৈ নিজাকৈ এটা গেমৰ সৃষ্টি কৰিছিল। সেই গেমটো তেওঁ নিজৰ ইউটিউব চেনেলৰ জৰিয়তে সম্প্ৰচাৰ কৰিছিল।

সফল হোৱাটো সম্ভৱ যদিহে মনত থাকে কিবা এটা কৰাৰ দুৰ্বাৰ হেঁপাহ।

নিজে সৃষ্টি কৰা গেমটোৰ পৰাই তেওঁ দেখিছিল ভৱিষ্যতক লৈ সপোন। পুংখানুুপুংখভাৱে অধ্যয়ন কৰিছিল কম্পিউটাৰৰ জৰিয়তে কৰিব পৰা বিভিন্ন কামৰ বিষয়ে। এতিয়া তেওঁৰ সেই সপোন সঁচা হ'ল। বিভিন্ন বিষয়ত কোনো লোকে অনুপ্ৰেৰণা পাব পৰাকৈ তেওঁ ইউটিউবত আলোচনাও আগবঢ়াই। ইউটিউব চেনেলযোগে সম্প্ৰচাৰ কৰে বিভিন্ন বিষয়। এনে কামৰ বাবে সিদ্ধাৰ্থই বিজ্ঞানীসকলৰ মাজতো চৰ্চাৰ কাৰণ হৈ পৰিছে। তেওঁ এতিয়া প্ৰতিমাহে লাভ কৰিব ২৫ হাজাৰকৈ দৰমহা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in