ঢকুৱাখনাত এসপ্তাহত ১২  টা চুৰি কাণ্ড, নিৰাপত্তাহীনতাত ব্যৱসায়ী নাগৰিক…

ঢকুৱাখনাত এসপ্তাহত ১২  টা চুৰি কাণ্ড, নিৰাপত্তাহীনতাত ব্যৱসায়ী নাগৰিক…

ডিজিটেল সংবাদ ঢকুৱাখনা :  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নগৰাঞ্চল আৰু গ্ৰামাঞ্চলত ধাৰাবাহিক ভাবে সংঘটিত চুৰি কাণ্ডই নাগৰিকৰ জীৱন সম্পত্তিৰ সুৰক্ষা নোহোৱা কৰিছে । একাদিক্ৰমে বিগত দুটা মাহ ধৰি ধাৰাবাহিক ভাবে নাগৰিকৰ ঘৰত আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত নিত্য নতুন কৌশলেৰে সংঘটিত কৰা চুৰি কাৰ্যই অতিষ্ঠ কৰি  তুলিছে নাগৰিকৰ জীৱন যাত্ৰা ।

সংজ্ঞাবাহক ৰাসায়নিক দ্ৰব্যকে ধৰি  নিত্য নতুন আহিলা বিশিষ্ট  দুধর্ষ এই চোৰৰ গেং টোৰ সতে স্থানীয় কেইটামান অসৎ প্ৰকৃতিৰ উদণ্ড যুৱক জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে । সহজলভ্য ধনৰ লালসাত পৰি সদৰ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনী সমূহৰ নিষ্ক্ৰিয়তাৰ সুযোগ লৈ ধাৰাবাহিক ভাবে নিৰ্বিবাদে চোৰৰ দৌৰাত্ম্য অব্যাহত আছে ঢকুৱাখনাত ।

সংগৃহীত তথ্য মতে যোৱা প্ৰায়  ৭ দিনত  ঢকুৱাখনা থানা এলেকাত মুঠ ১২ বাৰ চুৰি কাণ্ড সংঘটিত হৈছে আৰু  কেইবা লক্ষাধিক মূল্যৰ সা-সম্পত্তি হেৰুৱাব লগীয়া হৈছে নাগৰিকে । ঢকুৱাখনা ব্যৱসায় সন্থাই বিগত সুদীর্ঘ কাল ধৰি ঘৰে-ব্যৱসায়িক প্ৰতিষ্ঠানে  অবাধ গতিত অব্যাহত থকা চোৰৰ চাফাই অভিযানৰ পাছতো এটা চোৰকো আটক কৰিব নোৱাৰা লজ্জাজনক ব্যৰ্থতাক আচৰিত হৈছে ।

যিকোনো সময়তে নাগৰিকৰ জীৱন সম্পত্তিলৈ ভয়াবহ দুৰ্যোগ নামি অহাৰ আশংকা কৰি বিনিদ্ৰ ৰজনী কটাব লগীয়া হোৱা নাগৰিক আৰু ব্যৱসায় সন্থাই এইক্ষেত্ৰত আৰক্ষী ,গাঁওৰক্ষী সমিতিৰ অধিক তৎপৰতা আৰু  সক্ৰিয়তা দাবী জনাইছে। প্ৰয়োজনৰ স্বাৰ্থত ব্যৱসায় সন্থাৰ তৰফৰ পৰাও  আৰক্ষীক কায়িক সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত  বুধবাৰে ব্যক্ত কৰিছে সন্থাৰ সভাপতি পূৰ্ণ চুতীয়াই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in