১২ বজাত ৰাজ্য সভাত নাগৰিকত্ব বিধেয়ক, কোন দলৰ কিমান সাংসদ, সবিশেষ…

১২ বজাত ৰাজ্য সভাত নাগৰিকত্ব বিধেয়ক, কোন দলৰ কিমান সাংসদ, সবিশেষ…

ডিজিটেল ডেস্কঃ মাজত মাথো কেইটামান ক্ষণ। ১২ বজাত ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক। বিধেয়ক খনক লৈ এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ লগতে ৰাজ্যৰ সচেতন মহলতো চলিছে সাংসদসকলৰ সংখ্যাক লৈ বহু সমীক্ষা।

ৰাজ্য সভাত মুঠ ২৩৩ জন নিৰ্বাচিত সাংসদ আৰু ১২জন ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনিত সাংসদ আছে। মুঠ ২৪৫জন সাংসদৰে গঠিত ৰাজ্যসভা। ৰাজ্যসভাত সৰ্বাধিক সাংসদ আছে উত্তৰ প্ৰদেশৰ পৰা। ৰাজ্যখনৰ ৩১গৰাকী সাংসদে ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰৰ পৰা ১৯গৰাকী, বিহাৰৰ পৰা ১৬গৰাকী, ওড়িশ্যাৰ পৰা ১০গৰাকী, তামিলনাডুৰ পৰা ১৮গৰাকী, মধ্যপ্ৰদেশৰ পৰা ১১গৰাকী, কৰ্ণাটকৰ পৰা ১২গৰাকী, গুজৰাটৰ পৰা ১গৰাকী সাংসদ আছে।

এই উচ্চ সদনলৈ ৭গৰাকী, ছত্তীশগড়ৰ পৰা ৫গৰাকী, কেৰেলাৰ পৰা ৯গৰাকী, দিল্লীৰ পৰা ৩গৰাকী, পঞ্জাৱৰ পৰা ৭গৰাকী, তেলেংগানাৰ পৰা ৭গৰাকী সাংসদ নিৰ্বাচিত হৈ আহে। উত্তৰ পূবৰ ৰাজ্যসমূহৰ ভিতৰত অৰুণাচলৰ ১গৰাকী, মণিপুৰৰ ১গৰাকী, মেঘালয়ৰ ১গৰাকী, মিজোৰামৰ ১গৰাকী, নগালেণ্ডৰ ১গৰাকী, ছিকিমৰ ১গৰাকী, অসমৰ ১গৰাকীকে ধৰি মুঠ ১৪গৰাকী সাংসদে উত্তৰ-পূবৰ পৰা প্ৰতিনিধিত্ব কৰে।

ৰাজ্যসভাত কোন দলৰ কিমান সাংসদ-

  • বৰ্তমান ৰাজ্য সভাত বিজেপিৰ ৭৩গৰাকী সাংসদ আছে।
  • এন ডি এৰ মুঠ সাংসদৰ সংখ্যা ৮৯গৰাকী।
  • ইয়াৰ বিপৰীতে ইউ পি এৰ সাংসদৰ সংখ্যা ৬৬গৰাকী।
  • অন্যান্য ৯০গৰাকী সাংসদ আছে ৰাজ্যসভাত।
  • তাৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ ১৩গৰাকী,
  • সমাজবাদীৰ ১৩ গৰাকী,
  • বিজু জনতা দলৰ ৯গৰাকী,
  • তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ ৬গৰাকী,
  • টিডিপিৰ ৬গৰাকী,
  • চিপিআইএমৰ ৫গৰাকী,
  • বহুজন সমাজ পাৰ্টীৰ ৪গৰাকী,
  • আম আদমিৰ ৩গৰাকী,
  • চিপিআইৰ ১০গৰাকী,
  • ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টীৰ ২গৰাকী,
  • জেকেপিডিপিৰ ২গৰাকী,
  • ইণ্ডিয়ান নেশ্যনেল লোক দলৰ ১গৰাকী সাংসদ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in