প্ৰতীকি ফটো
প্ৰতীকি ফটো

কলকতা হৈ লক্ষ্য অসম! বিঠাৰী আৰু হাকীপুৰত গ্ৰেপ্তাৰ ১২ বাংলাদেশী

ডিজিটেল ডেস্কঃ সীমা অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিব বিচৰা ১২ জনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সীমান্তৰ নিৰাপত্তাৰক্ষীয়ে। জানিব পৰা মতে, পশ্চিম বংগৰ ২৪ পৰগণা জিলাৰ বিঠাৰী আৰু হাকীপুৰৰ সীমান্তয়েদি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে বাংলাদেশী নাগৰিক কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা বাংলাদেশী নাগৰিক কেইজনৰ ভিতৰত ৮ গৰাকী মহিলা আৰু ৪ জন পুৰুষ আছে।

বিএছএফৰ এক সূত্ৰই সদৰী কৰা মতে, প্ৰাথমিক সোধা পোছাত বাংলাদেশী নাগৰিককেইজনে দালালৰ সহযোগত ভাৰতত প্ৰৱেশ কৰা বুলি স্বীকাৰ কৰে। তেওঁলোকে বাংলাদেশৰ পৰা কলকতা হৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চললৈ অহাৰ বাবে প্ৰস্তুতি চলোৱা বুলিও জানিবলৈ দিয়ে বিএছএফে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নিশাও বিএছএফৰ ১১২ বেটেলিয়ানে সীমান্তৰ কেইবাটাও স্থানৰ পৰা ১৫ জন অবৈধ বাংলাদেশীক গ্ৰেপ্তাৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in