বাদুংদ্যুপ্পা কলাকেন্দ্ৰত দুদিনীয়া কাৰ্যসূচীৰে একাদশ নাট মহোৎসৱ  ‘আণ্ডাৰ দ্যা শাল ট্ৰী -২০২০’

বাদুংদ্যুপ্পা কলাকেন্দ্ৰত দুদিনীয়া কাৰ্যসূচীৰে একাদশ নাট মহোৎসৱ ‘আণ্ডাৰ দ্যা শাল ট্ৰী -২০২০’

ডিজিটেল সংবাদ,বকো : ১৫ডিচেম্বৰৰ পৰা গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰগাঁৱৰ আবাসিক নাটশালা বাদুংদ্যুপ্পা কলাকেন্দ্ৰত আৰম্ভ হ'ব নাটকৰ মহোৎসৱ ' আণ্ডাৰ দ্যা শাল ট্ৰী -২০২০ ' । প্ৰয়াত শিল্পী শুক্ৰাচাৰ্য ৰাভাই প্ৰাকৃতিক পৰিৱেশত আৰম্ভ কৰা নাটকীয় যাত্ৰাৰ এইবাৰ একাদশ বৰ্ষ।পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দুদিনীয়াকৈ আয়োজন কৰিছে আণ্ডাৰ দ্যা শাল ট্ৰী-২০২০।

ইমান দিনে পঢ়ুৱৈ ৰাইজে বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ আঁৰৰ কথা, বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ স্ৰষ্টা শুক্ৰাচাৰ্যৰ ৰাভাৰ সাহস, ধৈৰ্য্য আৰু ত্যাগৰ বিষয়ে জানিব পাৰিছে। বাদুংদ্যুপ্পা কলাকেন্দ্ৰত জৰিত এগৰাকী যুৱ অভিনেত্ৰীয়ে শুক্ৰাচাৰ্যৰ ৰাভাক আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰি কেনেদৰে যোৱা সাত বছৰে সাংস্কৃতিক ক্ষেত্ৰখনত সেৱা আগবঢ়াই আহিছে সেই বিষয়ে এই লেখাত জনাবলৈ প্ৰয়াস কৰা হৈছে।

যুৱ অভিনেত্ৰীগৰাকীয়ে নাটকৰ প্ৰতি কেনেদৰে আকৰ্ষিত হৈছিল, বাদুংদ্যুপ্পা কলাকেন্দ্ৰত আহি জীৱন সম্পৰ্কে কি উপলদ্ধি হৈছে, বিবাহ উপযুক্ত বয়সতো কেনেদৰে নাটকৰ প্ৰেমত পৰি নাটক এৰিব নোৱাৰা হৈছে ইত্যাদি ইত্যাদিৰ বিষয়ে জনাব বিচৰা হৈছে।


যুৱ অভিনেত্ৰীগৰাকীৰ নাম চামেলি ৰাভা । ঘৰ গোৱালপাৰা জিলাৰ মাটিয়া দোছৰাপাৰাগাঁৱত। চামেলি ৰাভাই প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতেই গাঁৱত বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰ স্ৰষ্টা শুক্ৰাচাৰ্য ৰাভাই ৰাভা ভাষাত অনুদিত প্ৰখ্যাত বাংলা নাট্যকাৰ ৰবীন্দ্ৰ নাথ টেগৰৰ নাটক 'ৰথেৰ ৰছি ' প্ৰদৰ্শন কৰা দেখিছিল। সেই দিনাৰে পৰা কমবয়সীয়া চামেলীৰ মনত আবাসিক নাটশালা বাদুংদ্যুপ্পা কলাকেন্দ্ৰ হৈ পৰে 'সপোনৰ পৃথিৱী' আৰু শুক্ৰাচাৰ্য ৰাভা 'সপোনৰ মানুহ ' ।

মহাবিদ্যালয়ত পঢ়ি থাকোতে মাহীয়েকৰ ঘৰলৈ আহি বাদুংদ্যুপ্পা কলাকেন্দ্ৰত নাটক চোৱাৰ পুনৰ সৌভাগ্য হয়। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতেই নাটক দেখি অভিনয় কৰাৰ হাবিয়াস এইবাৰ অধিক প্ৰবল হয়। সৰুৰে পৰা থকা হাবিয়াস পূৰণ কৰিবলৈ ভয়-সংকোচ কাটি কৰি নিজৰ ইচ্ছাৰ কথা সপোনৰ মানুহজনৰ আগত ব্যক্ত কৰে।আনকি অভিনয় কৰিব পাৰিবনে নোৱাৰিব সেয়া পৰীক্ষালৈ নোৱাৰিলে অভিনয়ৰ সুযোগ দিব নালাগে বুলিও মনৰ একান্ত আগ্ৰহৰ কথা জনায়।

শুক্ৰাচাৰ্য ৰাভাই চামেলী ৰাভাৰ ম'বাইল নম্বৰটো ৰাখি প্ৰয়োজনত ফোন কৰিব বুলি কয়। ইয়াৰ পিছৰে পৰা চামেলী ৰাভাৰ চকুত টোপনী নাই ।কেৱল মাথোঁ অপেক্ষা । দিন বাগৰে । উকলি যায় মাহ । বছৰ বাগৰে ।ফোন নকৰেহে নকৰে। অৱশেষত সপোনৰ মানুহজনে ২০১৩ ইংবৰ্ষত চামেলী ৰাভাক বাদুংদ্যুপ্পা কলাকেন্দ্ৰলৈ আমন্ত্ৰণ জনালে। চামেলী ৰাভাই তেতিয়া কোৱাৰ দৰে কিন্ত পৰীক্ষা ল'বলৈ নহয়। একেবাৰে নাটক কৰাৰ বাবে আমন্ত্ৰণ।লগে লগে কাপোৰ-কানি লগতলৈ অবাসিক নাটশালা বাদুংদ্যুপ্পা কলাকেন্দ্ৰত উপস্থিত হয়।

সেই দিন ধৰি চামেলী ৰাভাই যোৱা সাত বছৰে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বাদুংদ্যুপ্পা কলাকেন্দ্ৰৰহৈ প্ৰতিনিধিত্ব কৰি নাটক কৰি আহিছে। তিতা-মিঠা বহু অভিজ্ঞতা লাভ কৰিছে। দৰ্শৰ প্ৰশংসাৰ বিপৰীতে কেতিয়াবা কেতিয়াবা তিক্ততা পাইছে,বিৰক্ত হৈছে। কিন্ত সেয়া চামেলী ৰাভাৰ বাবে সাময়িক । সেই কথা ভাবি সপোনৰ মানুহজনে থৈ যোৱা সপোনৰ পৃথিৱীখন এৰাৰ কথা কোনো কাৰণতে ভাবিব নোৱাৰে। ঘৰৰ একমাত্ৰ ছোৱালী চামেলী ৰাভাক আজি কালি ঘৰৰ মানুহে প্ৰায় বিয়াৰ কথা কয়। বিয়াৰ ভয়ত চামেলী ৰাভাই ঘৰলৈ যাব এৰিছে।

বাদুংদ্যুপ্পা কলাকেন্দ্ৰলৈ আহি চামেলী ৰাভাই কেৱল যে নাটক-অভিনয়হে শিকিছে এনে নহয। জীৱন সম্পৰ্কেও বহু কথা উপলদ্ধি হৈছে। প্ৰথম লগ পাওঁতে কঁপাল কোচাই থকা চামেলী ৰাভাক শুধিছিলো- খং বেছি নেকি?


বাদুংদ্যুপ্পা কলাকেন্দ্ৰত থকা অইন অইন শিল্পীসকলে হাঁহি হাঁহি উত্তৰ দিছিল- ' হয়। এতিয়া কমিছেহে ।'
ইয়াৰ পিছত আটাইয়ে একেলগে হাঁহিছিলো।
চামেলী ৰাভাই কৈছিল- ' ' খঙ উঠিলেও লগে লগে সেই খঙ নাইকীয়া হয়। ' '
পুনৰ প্ৰশ্ন কৰিছিলো- কিয় ইমান খং ?
চামেলী ৰাভাৰ উত্তৰ – ' 'সেয়া হয়তো পৰিবেশ বাবে ! তেনে পৰিবেশৰ পৰা মই আহিছো। ' '
বুজি উঠিছিলো- বাদুংদ্যুপ্পা কলাকেন্দ্ৰত শিল্পীসকলে কেৱল নাটক আৰু অভিনয়ে শিকা নাই। জীৱন সম্পৰ্কেও উপলদ্ধি হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in