বিয়াৰ পিছদিনাই দৰাৰ মৃত্যুঃ সমৱেত হোৱা ১১১গৰাকীৰ দেহত কোৰোনা…

বিয়াৰ পিছদিনাই দৰাৰ মৃত্যুঃ সমৱেত হোৱা ১১১গৰাকীৰ দেহত কোৰোনা…

ডিজিটেল ডেস্কঃ কোৰোনাই অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ভাৰতত। কোৰোনাৰ এই সংকটৰ সময়তে শেহতীয়াকৈ বিহাৰ প্ৰশাসনক মুৰৰ কামুৰণি হৈ পৰিছে এখন বিয়া। কোৰোনাৰ অতিপাত সংক্ৰমণৰ মাজতে বিহাৰত অনুষ্ঠিত হৈছিল এখন বিয়া। এই বিয়াত একলগ হোৱা ১১১গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা।

উল্লেখ্য যে, বিয়াৰ পিছদিনাই কোৰোনাত আক্ৰান্ত হৈ থকা দৰাৰ মৃত্যু হৈছে। জিলা প্ৰশাসনে শেহতীয়াকৈ সদৰি কৰিছে যে, বিয়াত সমবেত হোৱা ৩১গৰাকী লোক দেহত পূৰ্বৰে পৰা কোৰোনাৰ অৱস্থিতি আছিলেই। আৰু এই বিয়াতেই পুনৰ ৮৯গৰাকীৰ দেহলৈ সংক্ৰমিত হয় কোৰোনা।

বৰ্তমানলৈকে চাৰিটা পৰ্যায়ত ৩৬৯গৰাকী লোকৰ নমুনা সংগ্ৰহ কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে। ১৫জুনত অনুষ্ঠিত হোৱা এই বিয়াখনত আৰু লোক সমবেত হৈছিল নেকি তাৰ আনুসন্ধানত প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in