বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী

বিষাক্ত সুৰাৰ হত্যালীলাঃ ১১ খুচুৰা দোকানী গ্ৰেপ্তাৰ, নিষিদ্ধ লালী গুড়, মুক্ত হৈ আছে পাইকাৰী বেপাৰী

  • গোলাঘাটত সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগ আৰু আৰক্ষীৰ অভিযান।
  • আৰক্ষীৰ জালত পৰিছে কেইবাজনো লোক।
  • গ্ৰেপ্তাৰ হৈছে মুঠ ১১জন খুচুৰা চুলাই বেপাৰী।
  • গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ী কেইজনৰ নাম ৰাতুল ৰাজখোৱা, অতুল বৰা, গৌতম শ্বাহ, ইন্দুকল্প বৰদলৈ, দেৱকান্ত বৰা, প্ৰবীণ ফুকন।
  • ইয়াৰ লগতে গ্ৰেপ্তাৰ হৈছে সুভাষ পাত্ৰ, ৰাজীৱ ফুকন, বালি মিঞ্জ আৰু ভাইটি পাত্ৰ।
  • গ্ৰেপ্তাৰ হোৱা লোকসকলৰ সৈতে আছে এগৰাকী মহিলা।
  • দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে অবৈধ সুৰাৰ ৰমৰমীয়া বেহা।
  • গোলাঘাট জিলা প্ৰশাসনে লালী গুড়ৰ বেহা নিষিদ্ধ ঘোষণা কৰিছে।
  • ৰহস্যজনক ভাৱে লালী গুড়ৰ পাইকাৰী যোগানৰ সৈতে জড়িত কেইবাগৰাকীও বৃহৎ ব্যৱসায়ীৰ কাষ চাপিব পৰা নাই আৰক্ষী।
  • একেদৰে গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তলৈ অবৈধ সুৰা সৰৱৰাহৰ ঘাটি ৰূপে চিহ্নিত হোৱা মেৰাপানী আৰু যোগীবাৰীত এতিয়ালৈকে মূল যোগনীয়াৰক আটক কৰাৰ বাবে চলা নাই অভিযান।
  • সেইদৰে সুৰাৰ সৈতে কি দ্ৰব্য মিহলি কৰাৰ পৰিণতিত ২খনকৈ জিলাৰ বাগান অঞ্চল হঠাতে মৃত্যু উপত্যকাত পৰিণত হৈছে সেই ৰহস্যও ভেদ কৰিব পৰা নাই স্বাস্থ্য বিভাগে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in