দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!…

দিল্লীত থাকি কংগ্ৰেছৰ পাইলটে চলাইছে বিজেপি গমনৰ যো জা!…

ডিজিটেল ডেস্কঃ বিসম্বাদেই হয়তো অধিক দুৰ্বল কৰি তুলিছে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছক। কিছু দিনৰ পূৰ্বে দলৰ এগৰাকী যুৱনেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ অসন্তুষ্টিৰ বাবেই কংগ্ৰেছে হেৰুৱাবলগীয়া লৈছিল মধ্যপ্ৰদেশৰ শাসনভাৰ। শেহতীয়াকৈ এনে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ দিশে ৰাজস্থান চৰকাৰ। বৰ্তমান কংগ্ৰেছৰ দখলত থকা ৰাজ্যখনত চৰকাৰৰে উপ মুখ্যমন্ত্ৰী তথা যুৱ নেতা শচীন পাইলটে আৰম্ভ কৰিছে চৰকাৰ খহোৱাৰ প্ৰস্তুতি।

ইতিমধ্যে শচীন পাইলটৰ সমৰ্থনত থকা বিধায়কসকলে কংগ্ৰেছ নেতৃত্বৰ পৰা দুৰত্ব অৱলম্বন কৰিছে। শচীন পাইলটেও ঘোষণা কৰিছে যে, চৰকাৰক সংকটত পেলাব পৰা সংখ্যাগৰিষ্ঠতা তেওঁৰ হাতত আছে। কোৰোনা সংকটৰ মাজতে আৰম্ভ হোৱা এনে ৰাজনৈতিক পৰিস্থিতিক লৈ সোমবাৰে পুৱতি নিশা প্ৰায় ২.৩০বজাত সংবাদ মেল সম্বোধন কৰে কংগ্ৰেছ নেতৃত্বই।

কংগ্ৰেছ নেতা অবিনাশ পাণ্ডে, ৰণদ্বীপ সুৰজৱালা আৰু অজয় মাকনে সম্বোধন কৰা এই সংবাদমেলত ঘোষণা কৰা হয় যে, ১০৯গৰাকী বিধায়কে মুখ্যমন্ত্ৰী গেহলটলৈ সমৰ্থন থকাৰ কথা প্ৰকাশ কৰি চিঠি প্ৰেৰণ কৰিছে। আৰু একাংশ বিধায়ক সৈতে যোগাযোগ থকাৰ কথাও ব্যক্ত কৰে সংবাদমেলত। এই সকলো বিধায়ককে সোমবাৰে পুৱা সাক্ষাৎ কৰা হ'ব বুলিও প্ৰকাশ কৰে কংগ্ৰেছ নেতৃত্বই।

সংবাদমেলত লগতে ঘোষণা কৰা হয়, সোমবাৰে পুৱা ১০.৩০বজাত কংগ্ৰেছে জৰুৰী বৈঠকৰ আহ্বান কৰিছে। ইতিমধ্যে কংগ্ৰেছে শনিবাৰৰে পৰা যি হুইপ জাৰি কৰি থৈছে, সেইয়া সোমবাৰৰ লৈকে বাহাল থাকিব বুলিও কয়। লগতে আজিৰ বৈঠকত যিসকল বিধায়ক উপস্থিত নাথাকে তেওঁলোকৰ বিৰুদ্ধে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ব্যক্ত কৰে কংগ্ৰেছ নেতৃত্বই।

উল্লেখ্য যে, ইতিমধ্যে দিল্লীত বাহৰ পাতি থকা উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ হাতত কমেও ৩০গৰাকী বিধায়কৰ সমৰ্থন থকাৰ কথা সদৰি কৰিছে। আৰু লগতে পাইলটে স্পষ্ট কৰি দিছে যে, সোমবাৰ পুৱাৰ বৈঠকত তেওঁ উপস্থিত নাথাকে। শচীন পাইলটৰ বিসম্বাদক লৈ তেওঁৰে অতি অন্তৰংগ বন্ধু তথা বৰ্তমানৰ বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই যোৱা দেওবাৰে কৈছিল যে, কংগ্ৰেছত যোগ্যজনে উচিত সন্মান নাপায়।

সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰা ৩মাহৰ পাছতে পাইলটে আৰম্ভ কৰা এই বিসম্বাদে কংগ্ৰেছক বাৰুকৈয়ে শলঠেকত পেলাইছে। চৰ্চা চলিছে যে, পাইলটক সোমবাৰৰ পুৱাৰ এই বৈঠকতে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিবও পাৰে। এক সূত্ৰই দাবী কৰিছে, শচীন পাইলটে ইতিমধ্যে বিজেপিৰ নেতৃত্বৰ সৈতেও যোগাযোগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in