১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ, চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান…

১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ, চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান…

ডিজিটেল ডেস্ক : মহানগৰীৰ গুৱাহাটী ক্লাৱত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ । ১০৮ সেৱাৰ লগত জড়িত ইমটি,ইআৰঅ' আৰু পাইলট সকলৰ চাকৰী নিয়মীয়াকৰনৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰতিবাদৰ ফলত উত্তাল হৈ পৰে প্ৰতিবাদ স্থলী ।

১০৮ মৃত্যুঞ্জয় সেৱা অসমত চিৰস্থায়ী কৰিব লাগে, ১০৮ সেৱাৰ লগত জড়িত সকলৰ চাকৰি নিয়মীয়াকৰন, চাকৰি সমূহ অসম চৰকাৰৰ অধীনত নিয়মীয়া নকৰা পৰ্যন্ত অন্য চৰকাৰী চাকৰিয়ালৰ সমহাৰত দৰমহাকে আদি কৰি অন্যান্য সুবিধা প্ৰদান কৰা আদি দাবীৰে মুখ্যমন্ত্ৰী অসম চৰকাৰলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in