১০৮ কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত, অচল তৎকালীন চিকিৎসা সেৱা

১০৮ কৰ্মচাৰীৰ প্ৰতিবাদ অব্যাহত, অচল তৎকালীন চিকিৎসা সেৱা

ডিজিটেল সংবাদ, গুৱাহাটীঃ জৰুৰীকালীন স্বাস্থ্যসেৱাৰ কৰ্মচাৰী সকলৰ প্ৰতিবাদে আজি ৮ দিনত ভৰি দিলে। সপ্তাহযোৰা এনে প্ৰতিবাদ স্বতেও বিষয়টোক লৈ বিভাগীয় কর্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে।

উল্লেখ্য যে, ১০৮ আৰু ১০২ কৰ্মচাৰীসকলে  GVK EMRI কৰ্তৃপক্ষক তেওঁলোকে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ সমাধানৰ দাবী জনাইছিল যদিও সেয়া পূৰণ নকৰিলে।

ইয়াৰ পিছতে ক্ষুব্ধ কৰ্মচাৰীসকলে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি ঘোষণা কৰি একাধিক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।বিভাগীয় কৰ্তৃপক্ষৰ মইমতালিৰ বিৰুদ্ধে জনাই অহা এনে প্ৰতিবাদৰ ফলত সম্প্ৰতি অচল হৈ পৰিছে ৰাজ্যৰ তৎকালীন চিকিৎসা সেৱা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in