মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ, টুইটাৰযোগে কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে…

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ, টুইটাৰযোগে কি ক’লে গৃহমন্ত্ৰী অমিত শ্বাহে…

ডিজিটেল ডেস্কঃ দেওবাৰ অৰ্থাৎ ৮ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডীৰ দ্বিতীয়টো কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ হ'ল। তেওঁৰ এই কাৰ্যকালৰ ১০০ দিন সম্পূৰ্ণ কৰাত গৃহমন্ত্ৰী অমিত শ্বাহে কৰিলে এটা টুইট। গৃহমন্ত্ৰী গৰাকীয়ে টুইটাৰত লিখিছে- 'মোডী ২.০ৰ ঐতিহাসিক উপলব্ধি লাভ কৰাৰ ১০০ সংখ্যক দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মই শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে মোডী মন্ত্ৰীসভা আৰু মোৰ সহকৰ্মীসকলো মই অভিনন্দন জনাইছো। আৰু মই সমগ্ৰ দেশবাসীক কওঁ যে, মোডী চৰকাৰে আপোনালোকৰ বিকাশ, কল্যাণ আৰু নিৰাপত্তাৰ বাবে কাম কৰি যাব।'

উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৰ্তমানলৈ লোৱা হৈছে। জম্মু-কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰ, তিনি তালাকে ধৰি বহু সিদ্ধান্ত লৈছে মোডী চৰকাৰে।

ইফালে, মোডী চৰকাৰে জাৰি কৰিব ১০০ দিনৰ কাম-কাজৰ খতিয়ান। প্ৰধানমন্ত্ৰী কাৰ্যালয়ে বিচাৰিলে চৰকাৰৰ কাম-কাজৰ সম্পূৰ্ণ খতিয়ান। সকলো মন্ত্ৰীকে ১০০ দিনত কি কি কাম-কাজ কৰিলে হিচাপ দিবলৈ আহ্বান জনোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in