মাত্ৰ ১০ বছৰ বয়সতে আৰোহণ কৰিলে এভাৰেষ্টঃ ৰিদম মামানিয়াৰ অভিলেখ..

মাত্ৰ ১০ বছৰ বয়সতে আৰোহণ কৰিলে এভাৰেষ্টঃ ৰিদম মামানিয়াৰ অভিলেখ..

ডিজিটেল ডেস্কঃ ছোৱালীজনীৰ বয়স মাত্ৰ ১০ বছৰ। এই ১০ বছৰ বয়সতে তেওঁ অধিকাৰী হ'ল এক বিৰল অভিলেখৰ। মুম্বাইৰ এইগৰাকী পঞ্চম শ্ৰেণীৰ ১০ বছৰীয়া ছোৱালীয়ে আৰোহণ কৰিলে পৃথিৱীৰ সৰ্বোচ্ছ শৃংগ এভাৰেষ্ট।

মুম্বাইৰ ১০ বছৰীয়া এই ছোৱালীগৰাকীৰ নাম ৰিদম মামানিয়া। মাত্ৰ ১০ বছৰ বয়সতে এভাৰেষ্ট আৰোহণ কৰি মামানিয়া হৈ পৰিল এই এভাৰেষ্ট আৰোহণ কৰা ভাৰতৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী। বান্দ্ৰাৰ এম ই টি ঋষিকুল বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৰিদমে ৬ মে'ৰ নিশা প্ৰায় ১ বজাত এভাৰেষ্ট বেচ কেম্পত উপস্থিত হৈছিল। এই বেচ কেম্প ৫,৩৬৪ মিটাৰ উচ্চতাত অৱস্থিত। এই গোটেই অভিযানটোত ৰিদমক ১১ দিনৰ প্ৰয়োজন হয়।

ৰিদমে ৫ বছৰ বয়সৰ পৰা পৰ্বত স্কেলিং ভাল পাইছিল আৰু তেওঁৰ প্ৰথম দীঘলীয়া ট্ৰেক আছিল ২১ কিলোমিটাৰ দুধসাগৰ।তেতিয়াৰ পৰাই তেওঁ মাহুলি, সোনদাই, কৰ্ণালা আৰু লোহাগাদৰ দৰে সহ্যাদ্ৰী ৰেঞ্জৰ বহু শৃংগত আৰোহণ কৰিছে।

এভাৰেষ্ট আৰোহণৰ অভিজ্ঞতা বৰ্ণনা কৰি ৰিদমে কৈছে, বিভিন্ন জলবায়ু পৰিস্থিতিত তেওঁ ৮ ৰ পৰা ৯ ঘণ্টা খোজ কাঢ়িছিল। এই সময়ছোৱাত তেওঁ শিলাবৃষ্টি, তুষাৰপাৰ সন্মুখীন হৈছিল। তাপমাত্ৰা -১০ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছিল। আনহাতে বেচ কেম্পত উপস্থিত হোৱাৰ পিছত কণমানি ৰিদমক জ্যেষ্ঠ সতীৰ্থসকলে হেলিকপ্টাৰেৰ ঘূৰি আহিবলৈ কৈছিল যদিও তেওঁ খোজ কাঢ়িয়েই পুনৰ তললৈ নামি অহাত জোৰ দিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in