শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ…

266

ডিজিটেল ডেস্কঃ ইটালীৰ পাছত স্পেইনতো কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১০ হাজাৰ অতিক্ৰম কৰিলে। দেশখনত মুঠ ১,১০,২৩৮গৰাকী লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। এতিয়ালৈকে দেশখনত মৃত্যু হৈছে ১০,০০৩জন লোকৰ।

ইটালীত ১৩,১৫৫জন, আমেৰিকাত ৫১৪৫জন আৰু ফ্ৰান্সত ৪০৩২জন লোকৰ মৃত্যু হৈছে কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ। ইংলেণ্ডত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২৯২১জন। ইৰাণত ৩১৬০জন, বেলজিয়ামত ১০১৪জন, নেডাৰলেণ্ড ১৩৩৯জন আৰু ভাৰতত এতিয়ালৈকে ৬৯ জন লোকৰ মৃত্যু হৈছে।

সমগ্ৰ বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১০ লক্ষাধিক হওঁ হওঁ। এতিয়ালৈকে মুঠ ৯,৬৫,৭২৯জন লোক বিশ্বজুৰি এই ভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ৪৯,২৪৯জন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি