পুৱাৰ ভাগৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

পুৱাৰ ভাগৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ

১. হেৰিটেজ তালিকাত অন্তৰ্ভূক্ত হ'ল কলকতাত থকা ভূপেন হাজৰিকাৰ বাসগৃহ। সুধাকণ্ঠৰ বাসগৃহটোৰ দায়িত্ব ল'ব কলকতা পৌৰ নিগমে।

২. শুকুৰবাৰৰৰ দিল্লীৰ প্ৰগতি ময়দানত অনুষ্ঠিত হৈছে ২৮ সংখ্যক বিশ্ব গ্ৰন্থমেলা, ২০২০। ৪ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব এই গ্ৰন্থমেলাখনি।

৩. নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ। শনিবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে অসম জাতীয় বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সমাজে।

৪. শনিবাৰে গুৱাহাটীত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। গুৱাহাটীত শনিবাৰে ১২ পইচা হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলত। পেট্ৰ'লত হ্ৰাস পালে ২১ পইচা।

৫. শনিবাৰে দিল্লীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৮.৪০ টকা। পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৪৫ টকা।

৬. মহানগৰীৰ খানাপাৰাত বিজেপিৰ বুথ কমিটিৰ সভাপতিৰ সন্মিলন। উপস্থিত বিজেপিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি জে পি নড্ডা।

৭. দেওবাৰে গুৱাহাটীত ভাৰত-শ্ৰীলংকাৰ টি-২০। ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈ দুয়োটা দলে আৰম্ভ কৰিছে অনুশীলন।

৮. কা বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰা জুবিন গাৰ্গক ভাতৃ আখ্যা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিলে, 'Thank u @zubeengarg1 If we have to take our beloved country on the path of progress, we MUST tackle health and education in mission mode।'

৯. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক দলিত আৰু অবিচি বিৰোধী আখ্যা কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ যিসকল শৰণাৰ্থীক নাগৰিকত্ব দিব বিচাৰিছে, সেই সকলো শৰণাৰ্থী দলিত আৰু পিছপৰা শ্ৰেণীৰ বুলি মন্তব্য কৰে ৰায়ে।

১০. জাতিধ্বংসী আইন 'কা'ৰ বিৰুদ্ধে নগাঁৱত সৰৱ প্ৰতিবাদ। নেহৰুৱালিত হাজাৰ হাজাৰ লোকৰ অংশগ্ৰহণ। আছু আৰু এজেৱাইচিপিৰ উদ্যোগত ওলাই আহিছে প্ৰতিবাদী জনতা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in