NEET-২০২০ত ১৪০তকৈ অধিক নম্বৰ লাভ কৰাৰ ১০টা গুৰুত্বপূৰ্ণ টিপছ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ সৰ্বভাৰতীয় স্তৰত আটাইতকৈ কঠিন বাচনি পৰীক্ষাসমূহৰ ভিতৰত অন্যতম হ'ল নেশ্যনেল এলিজিবিলিটী কাম এন্ট্ৰেন্স টেষ্ট চমুকৈ নীট (NEET)। নীট ২০২০ৰ পৰীক্ষাৰ বাবে মাজত আৰু এটা বছৰো নাই। যিসকল শিক্ষাৰ্থীয়ে দেশৰ আগশাৰীৰ মেডিকেল শিক্ষানুষ্ঠানসমূহত পঢ়িবলৈ আগ্ৰহী তেওঁলোকে ইতিমধ্যে কঠিন পৰিশ্ৰম কৰি পঢ়া-শুনা কৰিবলৈ আৰম্ভ কৰিছে।

NEET-২০২০ৰ বিষয়ে জানক তলৰ লিংকত-

লক্ষণীয় যে, নীট পৰীক্ষাত আটাইতকৈ কঠিন বিষয় কেইটা হৈছেৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান। পদাৰ্থ বিজ্ঞানক অৱশ্যেআটাইকেইটাৰ ভিতৰত আৰু অধিক কঠিন বিষয় হিচাপে ধৰা হয়। চিকিৎসা বিজ্ঞান পঢ়িবলৈআগ্ৰহী শিক্ষাৰ্থীসকলৰ মনত অহা প্ৰশ্নটো হল- নীট ২০২০ পৰীক্ষাত পদাৰ্থ বিজ্ঞান বিষয়টোত ভাল নম্বৰলাভ কৰিবলৈ কেনেদৰে নিজকে সাজু কৰিব? কাৰণ এই বিষয়টোৰবাবেই নীটত ভাল নম্বৰ লাভ কৰাৰ পৰা বঞ্চিত হয় বহু কেইজন ছাত্ৰ-ছাত্ৰী।

নীটৰ পদাৰ্থ বিজ্ঞানত ভাল নম্বৰ লাভৰ বাবে নিজকে সাজুকৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে এইকেইটা দিশত মনোযোগ দিয়াটো প্ৰয়োজনীয়-

১. পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত নিজৰ ধাৰণা সঠিক কৰাঃ

নীট-২০২০ত পদাৰ্থ বিজ্ঞানত ১৪০+ নম্বৰ লাভৰ বাবে প্ৰথমে নিজৰ ধাৰণা সঠিক কৰিবলাগিব। পদাৰ্থ বিজ্ঞান এনে এটা বিষয় যত তত্বতকৈ অধিক ব্যৱহাৰিক (প্ৰেকটিকেল)ৰপ্ৰয়োজন হয়। সেয়েহে পদাৰ্থ বিজ্ঞানৰ বিষয়ে ন্যূনতম জ্ঞান থকাটো প্ৰয়োজনীয়। তদুপৰিপদাৰ্থ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ সূত্ৰ সমূহৰ বিষয়ে ভালদৰে পঢ়া-শুনা কৰিব লাগিব আৰুপদাৰ্থ বিজ্ঞানৰ প্ৰায়বোৰ সূত্ৰৰ বিষয়ে বুজিলেহে নিজকে নীটৰ বাবে সাজু কৰিব পাৰিব।

২. নীটৰ বাবে সঠিক ৰেফাৰেন্স কিতাপঃ

নীটৰ বাবে সঠিক ৰেফাৰেন্স কিতাপ পঢ়িলে অধিক লাভৱান হবশিক্ষাৰ্থীসকল। চিকিৎসা বিজ্ঞান পঢ়িবলৈ বিচৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পদাৰ্থ বিজ্ঞান এক ডাঙৰপ্ৰত্যাহ্বান স্বৰূপ। কিন্তু এবাৰ সূত্ৰসমূহ বুজিবলৈ আৰম্ভ কৰাৰ পাছত এই বিষয়টোপঢ়িবলৈ বহু সহজ হৈ পৰে।

সেয়েহে নীট-২০২০ত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে পদাৰ্থবিজ্ঞানৰ সঠিক ৰেফেৰেন্স কিতাপ পঢ়াতো অতিকৈ জৰুৰী। এন চি ই আৰ টিৰ কিতাপবোৰৰদ্বাৰা পদাৰ্থ বিজ্ঞানৰ সূত্ৰ, ধাৰণা, পৰীক্ষা, বিষয় আদিৰ ক্ষেত্ৰত সুবিধা লাভ কৰাযায়। পৰীক্ষাৰ্থীসকলে এইচ চি বাৰ্মাৰ সূত্ৰসমূহৰ দ্বাৰা নিজক সাজু কৰিব পাৰে এইপৰীক্ষাৰ বাবে। লগতে অনিল আগৰৱাল আৰু ডি চি পাণ্ডেৰ কিতাপৰো সহায় লব পাৰে।

৩. নিজৰ নোটসমূহ প্ৰস্তুত কৰাঃ

পদাৰ্থ বিজ্ঞানৰ বাবে নিজৰ নোটসমূহ বনোৱাটোও এই বিষয়টোৰসূত্ৰসমূহ মনত ৰখা আৰু নিজক পৰীক্ষাৰ বাবে সাজু কৰাত বহু সহায় কৰে। পদাৰ্থবিজ্ঞানৰ গুৰুত্বপূৰ্ণ পইন্টসমূহ নিজৰ ভাষাত লিখা আৰু তাৰ সৈতে জড়িত প্ৰশ্নসমূহৰ সমাধানকৰিব লাগে। নিজৰ নোটসমূহ তৈয়াৰ কৰিলে বিষয়টোৰ যিবোৰ অধ্যায়ৰ সন্দৰ্ভত সন্দেহ আছে,সেইবোৰ দূৰ কৰিবলৈ সুবিধা হয়।

৪. সকলো সূত্ৰ শিকা আৰু মনত ৰখাঃ

শিক্ষাৰ্থীসকলে পদাৰ্থ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ সূত্ৰসমূহৰসৈতে জড়িত প্ৰশ্নৰ নীট পৰীক্ষাত সমুখীন হব লগা হয়। সেয়েহে সূত্ৰসমূহ মনত ৰখাৰলগতে সেই সূত্ৰটোৰ কিয় আৰু কেনেকৈ সমাধান হয় সেই সন্দৰ্ভত জানিব লব লাগে। ইয়াৰদ্বাৰা পদাৰ্থবিজ্ঞানৰ কঠিন প্ৰশ্নসমূহ প্ৰথমে বুজিবলৈ আৰু সমাধান কৰাত সুবিধা হয়। 

৫. অনলাইনযোগে শিক্ষাগ্ৰহণঃ

প্ৰতিবছৰে নীট পৰীক্ষাত আৰু অধিক প্ৰশ্নৰ সন্মুখীন হয়শিক্ষাৰ্থীসকল। সেয়েহে নিজক সাজু কৰাৰ ক্ষেত্ৰতো কিছু নতুন উপায় বিচাৰি উলিওৱাৰপ্ৰয়োজন। অনলাইন অৰ্থাৎ ইন্টাৰনেট বা এপসমূহৰোসহায় লব পাৰে শিক্ষাৰ্থীসকলে। আজি কালিৰ আধুনিক যুগত পদাৰ্থ বিজ্ঞানৰ বিষয়ে অনলাইনযোগেওশিক্ষা গ্ৰহণ কৰিব পাৰি। আৰু অনলাইনযোগে শিক্ষাগ্ৰহণ কৰি নিজক আৰু অধিক সঠিকভাৱেআৰু কম সময়তে সাজু কৰাত সুবিধা হয়।

৬. নিয়মিতভাৱে পঢ়া-শুনা কৰাঃ

নীট পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান বিষয়ত ১৪০তকৈ অধিক নম্বৰ লাভকৰিবলৈ প্ৰতিদিনে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ বিষয়ে পঢ়িব লাগে। নতুন এটা সূত্ৰ পঢ়াৰআগতে পূৰ্বৰ সূত্ৰসমূহৰ বিষয়ে সম্পূৰ্ণ জ্ঞান আহৰণ কৰাতো অতিকৈ প্ৰয়োজনীয়। তদুপৰি,কোনো এটা সূত্ৰ পঢ়াৰ পাছত সেই সূত্ৰৰ সৈতে জড়িত প্ৰশ্নসমূহৰ সমাধান কৰিব লাগে।

৭. ম'ক পৰীক্ষাত অৱতীৰ্ণ হোৱাঃ

নীটৰ চূড়ান্ত পৰীক্ষাত বহাৰ পূৰ্বে শিক্ষাৰ্থীসকলে মকপৰীক্ষাত অৱতীৰ্ণ হোৱাটো প্ৰয়োজনীয়। মক পৰীক্ষাত নম্বৰ দিয়া হবও পাৰে বা নহবওপাৰে। কিন্তু এই পৰীক্ষাৰ দ্বাৰা শিক্ষাৰ্থীগৰাকীয়ে নিজকে নীটৰ বাবে মানসিকভাৱেনিজক সাজু কৰাত সুবিধা হয়। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত শিক্ষাৰ্থীসকলে নিজৰকোন কোন বিষয়ত পিছ পৰি আছে, সেই সন্দৰ্ভত জ্ঞাত হয়। আৰু তাৰপাছত সেই দুৰ্বলবিষয়টোত আৰু অধিক মনযোগ দি পঢ়া-শুনা কৰাৰ যে প্ৰয়োজন আছে সেয়া বুজি পায়।

৮. নীটৰ পূৰ্ব বৰ্ষবোৰৰ পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নসমূহৰ সমাধানকৰাঃ

পূৰ্ব বৰ্ষৰ নীটৰ পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নসমূহ সমাধান কৰিশিক্ষাৰ্থীসকল এই বিষয়টোৰ বাবে নিজকে সাজু কৰাত লাভৱান হয়। পূৰ্ব বৰ্ষৰ প্ৰশ্নসমূহসমাধানৰ দ্বাৰা পৰীক্ষাত কেনেধৰণৰ প্ৰশ্নৰ সন্মুখীন হব লাগিব সেই বিষয়ে এক ধাৰণালাভ কৰিব পাৰি। লগতে প্ৰতিটো প্ৰশ্নৰ সমাধানৰ বাবে প্ৰয়োজন হোৱা সময় লাহে লাহে কমিআহিবলৈ ধৰে যাৰ ফলত কম সময়ত অধিক প্ৰশ্ন সমাধান কৰাত সহায় হয়।

৯. মাল্টিপল চইচ প্ৰশ্ন আৰু নিউমেৰিকেল প্ৰশ্নসমূহ সমাধানকৰাঃ

বিষয়সমূহ পঢ়াৰ পাছত যিমান পাৰে সিমান প্ৰশ্ন সমাধান কৰাতোপ্ৰয়োজনীয়। বিশেষকৈ নিউমেৰিকেল আৰু মাল্টিপল চইচ প্ৰশ্নসমূহ সমাধান কৰিব লাগে।পদাৰ্থ বিজ্ঞানৰ প্ৰয়োজনীয় প্ৰতিটো অধ্যায়ৰে ২৫০ৰ পৰা ৪০০টাকৈ প্ৰশ্ন সমাধান কৰিলেঅধিক লাভৱান হয় শিক্ষাৰ্থীসকল। প্ৰতিটো প্ৰশ্ন সমাধান কৰাৰ পাছত কি কি ভুল সেইবোৰচোৱাৰ পাছত পুনৰ সমাধান কৰিব লাগে। যিমান প্ৰশ্ন সমাধান কৰিব, সিমানেই সেই বিষয়টোৰসন্দৰ্ভত অধিক জ্ঞান লাভ কৰিব পাৰিব।  

১০. যি পঢ়িলে সেয়া পুনৰ আওৰোৱাঃ

বিষয় এটা এবাৰ পঢ়াৰ পাছত পুনৰ পঢ়িব লাগে। পৰীক্ষালৈ এমাহ বাকী থকা সময়চোৱাত যি যি পঢ়িলে সেইবোৰ বিষয় পুনৰ পঢ়িব লাগে। যদি এনে কৰা নহয় তেন্তে পৰীক্ষাৰ্থীয়ে অধিক কঠিনতাৰ সন্মুখীন হব পাৰে পৰীক্ষাত। এই সময়চোৱা নিজে বনোৱা নোটসমূহ পুনৰ আওৰাব লাগে। এই প্ৰক্ৰিয়াৰ দ্বাৰা নীটত পদাৰ্থ বিজ্ঞান বিষয়ত অধিক নম্বৰ লাভ কৰাত সহায় হয়।

NEET পৰীক্ষাৰ বাবে পদাৰ্থ বিজ্ঞানৰ পাঠ্যক্ৰমৰ বিষয়ে জানিবলৈ-

উল্লেখ্য যে, চিকিৎসা বিজ্ঞান পঢ়িব বিচৰা পৰীক্ষাৰ্থীসকলে নীটপৰীক্ষাত আটাইতকৈ বেছি কঠিনতাৰ সন্মুখীন হোৱা বিষয়টো হৈছে পদাৰ্থ বিজ্ঞান। পদাৰ্থবিজ্ঞানৰ বাবেই পৰীক্ষাৰ্থীসকলৰ ফলাফল ইচ্ছানুযায়ী লাভ নকৰা আমি প্ৰায়ে দেখিবলৈপাওঁ। ওপৰত উল্লেখ কৰা এই দিশ কেইটাৰ জৰিয়তে নীট-২০২০ পৰীক্ষাত পদাৰ্থ বিজ্ঞানবিষয়ত ভাল নম্বৰ লাভ কৰিবলৈ সক্ষম হ'ব পৰীক্ষাৰ্থীসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in