শ্ৰীলংকাত হ’ব পাৰে আত্মঘাতী বোমাৰুৰ আক্ৰমণ! ১০ দিনৰ পূৰ্বেই এই তথ্য লাভ কৰিছিল শ্ৰীলংকাৰ আৰক্ষীয়ে

শ্ৰীলংকাত হ’ব পাৰে আত্মঘাতী বোমাৰুৰ আক্ৰমণ! ১০ দিনৰ পূৰ্বেই এই তথ্য লাভ কৰিছিল শ্ৰীলংকাৰ আৰক্ষীয়ে

ডিজিটেল ডেস্কঃ দেওবাৰে শ্ৰীলংকাৰ ৰাজধানী কলম্বোত ৮টাকৈ ভয়াবহ ধাৰাবাহিক বিস্ফোৰণত ২০৭ জন লোকৰ মৃত্যু ঘটিছে। প্ৰায় ৫ শতাধিক লোক আহত হোৱা বিস্ফোৰণ কাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ৰাষ্ট্ৰ প্ৰশাসনে ইতিমধ্যে ৭ জনক আটক কৰি তদন্ত আৰম্ভ কৰিছে। পৰিস্থিতিলৈ ৰক্ষ্য ৰাখি দেওবাৰে সান্ধ্য আইন জাৰি কৰিছে ৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষা বিভাগে।

ইফালে এক সূত্ৰৰ পৰা জানিব পৰা মতে, দেওবাৰৰ এই ভয়াবহ বিস্ফোৰণৰ ১০ দিন পূৰ্বেই আত্মঘাতী বিস্ফোৰণ সংঘটিত হোৱাৰ সতৰ্কবাণী কৰিছিল আৰক্ষীপ্ৰধান পি জয়সূন্দ্ৰাই। ১১ এপ্ৰিলতে আৰক্ষীপ্ৰধানগৰাকীয়ে ৰাষ্ট্ৰখনৰ মূল গীৰ্জাঘৰ সমূহত আত্মঘাতী বিস্ফোৰণ সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰি শীৰ্ষ প্ৰশাসনিক বিষয়াসকলৈ জাননী প্ৰেৰণ কৰিছিল।

পি জয়সূন্দ্ৰাই এই আত্মঘাতী আক্ৰমণৰ আঁৰত শ্ৰী লংকাৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন নেশ্যনেল তোহিদ জমাত (এনটিজে) জড়িত থকাৰ আশংকা ব্যক্ত কৰিছিল। এনটিজেয়ে এই বিস্ফোৰণ কাণ্ড সংঘটিত কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ কথা ব্যক্ত কৰি গীৰ্জাঘৰ আৰু কলম্বোৰ ভাৰতীয় উচ্চায়োগত সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ চলাব পাৰে বুলি সতৰ্ক কৰি দিছিল।

উল্লেখ্য যে, শ্ৰী লংকাৰ সন্ত্ৰাসবাদী সংগঠন এনটিজেক এক কট্টৰ মুছলিমপন্থী সন্ত্ৰাসবাদী হিচাপে জনা যায়। যোৱা বছৰ শ্ৰী লংকাৰ এটা বুদ্ধৰ প্ৰতিমূৰ্তি ধ্বংস কৰাৰ লগতো এই সন্ত্ৰাসবাদী সংগঠনটো জড়িত আছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in