১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৬৫ সংখ্যক বৰদলৈ ট্ৰফীত কলকাতাৰ মহমেদান স্পৰ্টিং ক্লাৱে দুলিয়াজানৰ অইল দলক ৩-১ গ'লত পৰাস্ত কৰে। দুটাকৈ গল স্ক'ৰ কৰিবলৈ সক্ষম হোৱা ফিলিপ এডজাহে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ সম্মান লাভ কৰে।

২. ডকাইতি আৰু এজনলোকৰ হত্যাৰ ঘটনাৰ সৈতে জড়িতৰ অভিযোগত গড়চুক আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে এজন লোকক।ধৃত লোকজনৰ নাম ৰফিকুল ইচলাম।

৩. ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত বৃহস্পতিবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।

জন্মদিনত লালকৃষ্ণ আদৱানিক সাক্ষাৎ কৰিলে মোদীয়ে
জন্মদিনত লালকৃষ্ণ আদৱানিক সাক্ষাৎ কৰিলে মোদীয়ে

৪. মহানগৰীৰ গান্ধী মণ্ডপত উত্তোলনৰ ৩৫ দিনৰ পিছতেই অৰ্থাত্‍ ৫ নৱেম্বৰত ৰাষ্ট্ৰীয় পতাকাখন ফলা সন্দৰ্ভত লতাশিল থানাত এজাহাৰ দাখিল। এজাহাৰ দাখিল কৰে সমাজকৰ্মী কৈলাস শৰ্মা আৰু সাংবাদিক হীৰেন চন্দ্ৰ কলিতাই।

৫. বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগেই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমক উষ্ম আদৰণি দলীয় নেতাৰ। নিশাটো গুৱাহাটী আৱৰ্ত ভৱনত কটাই শুকুৰবাৰে দলৰ এক অনুষ্ঠানত অংশ ল'ব জ্যেষ্ঠ নেতাজনে।
৬. বৃহস্পতিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ডিব্ৰুগড় চহৰৰ বি.জি ষ্টৰচ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত। অগ্নিকাণ্ডৰ ফলত লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হয় প্ৰতিষ্ঠানখনত।
৭. মধ্যপ্ৰদেশৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে কংগ্ৰেছে প্ৰকাশ কৰে ১৬জনীয়া পঞ্চমখন তালিকা। অহা ১১ ডিচেম্বৰত অনুষ্ঠিত হব নিৰ্বাচন ।
৮. বৃহস্পতিবাৰে অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবুয়ে সাক্ষাৎ কৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছ দি কুমাৰস্বামীক।
৯. মধ্যপ্ৰদেশৰ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে বিজেপিয়ে প্ৰকাশ কৰে ৩২জনীয়া তৃতীয়খন তালিকা। ১১ ডিচেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন ।
১০. আজি বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানিৰ ৯১ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰীৰ লগতে অজস্ৰ জন শুভাকাংশীয়ে জনালে জন্মদিনৰ শুভেচ্ছা ।
১১. আজি বিমুদ্ৰাকৰণৰ দ্বিতীয় বৰ্ষপূতি। 'এই বিমুদ্ৰাকৰণে দেশৰ অৰ্থব্যৱস্থাৰ লগতে বহুতৰ জীৱন ধ্বংস কৰিলে' এই মন্তব্য কৰিলে মমতা বেনাৰ্জীয়ে।

অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবুৱে সাক্ষাৎ কৰিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছ ডি কুমাৰস্বামীক
অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবুৱে সাক্ষাৎ কৰিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী এছ ডি কুমাৰস্বামীক

১২. 'ৰিজাৰ্ভ বেংকক নিজৰ হাতৰ মুঠিত আনিবৰ বাবে চেষ্টা চলাই আছে মোদী চৰকাৰে।' বৃহস্পতিবাৰে এক সংবাদমেলত প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ মন্তব্য ।
১৩. তামিলনাডুত ২০খন আসনৰ বাবে হ'বলগা উপনিৰ্বাচনৰ বাবে সাজু আছে কমল হাছনৰ এম এম এন দল ।বৃহস্পতিবাৰে এই ঘোষণা কৰিলে দক্ষিণৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে।
১৪. বেনাৰসৰ জংগাত এজন আৰক্ষী বিষয়াই প্ৰেম প্ৰতাৰণা কৰা অভিযোগ তুলি থানাৰ ভিতৰতে বিহ পান কৰিলে এগৰাকী মহিলাই। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি ।
১৫. আগ্ৰাত ১১,৫০০ ফুট উচ্চতাৰ পৰা সৰি পৰি এজন জোৱানৰ মৃত্যু। পেৰাচুট নোখোলাৰ বাবেই সংঘটিত হ'ল এই দুৰ্ঘটনা ।
১৬. দিল্লীৰ নয়দা থানাৰ অৰ্ন্তগত চেক্টৰ ২০ত দিপাৱলীৰ নিশা চিঁপ লৈ আত্মহত্যা এজন লোকৰ। আৰক্ষীৰ মতে সুৰাপান কৰিবলৈ পত্নীয়ে ধন নিদিয়াৰ বাবেই কৰিলে আত্মহত্যা।
১৭. হিমাচল প্ৰদেশত দিপাৱলীৰ নিশা এটা স্কুটী ডিলাৰত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাঁহ গল ৭৫ খন স্কুটী।

কিছুদিনৰ পূৰ্বে মহাৰাষ্ট্ৰত গুলীয়াই হত্যা কৰা অৱনী নামৰ বাঘিণীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত
কিছুদিনৰ পূৰ্বে মহাৰাষ্ট্ৰত গুলীয়াই হত্যা কৰা অৱনী নামৰ বাঘিণীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত

১৮.হিমাচল প্ৰদেশৰ হৌচিয়াপুৰ জিলাত দ' খাৱৈত পৰিল যাত্ৰীবাহী বাছ। ৪০জন আহত হোৱাৰ লগতে নিহত ১জন ।

১৯. নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নুমলীগড়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। শীঘ্ৰে বিধেয়কখন প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰক দাবী জনায় সংগঠনটোৱে।
২০. দীপাৱলীত দেশৰ উচ্চতম ন্যায়লয়ৰ আদেশ অমান্য কৰাৰ বাবে চণ্ডীগড়ত গ্ৰেপ্তাৰ হল ৩৭ জন লোক।
২১. পঞ্জাৱত মহাবিদ্যালয়ৰ অধ্যাপক সকলে চৰকাৰ বিৰুদ্ধে বাহিৰ কৰিলে প্ৰতিবাদী সমদল। বহুকেইটা দাবী পূৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে অধ্যাপক সকলে ।

পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিলে বিগ বিয়ে
পৰিয়ালৰ সৈতে দীপাৱলী উদযাপন কৰিলে বিগ বিয়ে

২২. ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে বৃহস্পতি বাৰে প্ৰকাশ কৰে ২০জনীয়া অষ্টমখন তালিকা। ৰাজস্থানৰ ২০০খন আসনৰ বাবে আম আদমীয়ে বৰ্তমানৰ লৈকে ৮২জন প্ৰাৰ্থীৰ নামহে ঘোষণা কৰিছে।
২৩. বৃহস্পতিবাৰে হাৰিয়ানাৰ ভিন্ন স্থানত হোৱা কেইবাটাও পথ দুৰ্ঘটনাত নিহত হয় মুঠ ৫জনকৈ লোক ।
২৪. জিতেন দত্ত আৰু মৃণাল হাজৰিকাৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে সন্ধিয়া নগাঁৱত জোঁৰ সমদল বাহিৰ কৰে জিতেন দত্ত ফেন ক্লাৱৰ নগাঁও জিলা সমিতিয়ে। দুই প্ৰাক্তন আলফা নেতাক বিনাচৰ্তে মুক্তিৰ দাবী প্ৰতিবাদকাৰীৰ।
২৫. ঝাৰখণ্ড চৰকাৰে নিৰ্মাণ কৰিব বীৰচা মুণ্ডাৰ ২৫ ফুট উচ্চতাৰ প্ৰতিমুৰ্তি। বৃহস্পতিবাৰে চৰকাৰে কৰিলে এই ঘোষণা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in