১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. বুধবাৰে ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৯৫ গৰাকী । কোৰোনাত আক্ৰান্ত হৈ এতিয়াও চিকিৎসাধীন হৈ আছে ৮৪৭ গৰাকী ।

২. অত্যন্ত সংকটজনক অৱস্থাত চিকিত্‍সাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।দিছপুৰ হাস্পতালত চিকিত্‍সাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী জন ।প্ৰাক্তন মন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা প্ৰদেশ কংগ্ৰেছৰ।

৩. বুধবাৰে চিলাপথাৰঅৰুনাছল প্ৰদেশ সীমান্তৰ সমীপৰ মালিনী থান দৰ্শন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সাধৰণ সম্পাদক দিলীপ শইকীয়াই ।

৪. কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ বিশ্বনাথ জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা । সমাজিক দুৰত্ব, মাস্ক পৰিধান বাধ্যতামূলক কৰিলে প্ৰশাসনে ।

৫. বুধবাৰে উমচিয়াং নৈত সমূহীয়া মৎস্য চিকাৰ ডিমৰীয়া বাসীৰ । জাল-জুলুকি লৈ পৰম্পৰাগত মৎস্য চিকাৰ নামে অসম-মেঘালয় সীমান্তৰ ৰাইজে ।

৬. চিবিএছচি বোৰ্ড পৰীক্ষা বাতিলৰ দাবী শিক্ষাৰ্থীৰ । কোভিডৰ বাবে এই পৰীক্ষা অনলাইন যোগে অনুষ্ঠিত কৰাৰ আহ্বান জনোৱাৰ লগতে কোনো কোনোৱে বাতিল কৰাৰ আহ্বান জনাই । বোৰ্ডে এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহন কৰা নাই ।

৭. বিজেপিয়ে পশ্চিমবংগ দখলৰ বাবে বাহিৰৰ পৰা লাখ লাখ গুণ্ডা আনিছে বুলি অভিযোগ উত্থাপন কৰাৰ লগতে বিজেপিক বহিৰাগত বুলিও অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে ।

৮. বদৰপুৰৰ লামাজুৱাৰত নামনিমুৱা কাঞ্চনজংঘা এক্সপ্রেছে মহটিয়াই নিয়ে আই ১০ বাহন ।ৰেলৰ খুন্দাত নিহত চালক তথা গাড়ীৰ গৰাকী ছহিদুল আলম ।

৯. শিখা শৰ্মাক ১৪ দিনৰ ন্যায়িক জিন্মালৈ প্ৰেৰণ । মঙলবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শিখা শৰ্মাক ।শ্বহীদ সন্দৰ্ভত ফেচবুকত অপমানজনক পোষ্ট দিছিল শিখাই ।

১০. দেশত বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমন ।চত্তীশগড়ৰ ৰায়পুৰত কোভিডৰ সংক্ৰমন ৰোধ কৰিবলৈ ১০ দিনীয়া লকডাউন ঘোষণা।

১১. আমেৰিকাৰ বিশেষ ৰাষ্ট্ৰপতি দূত জন কেৰীয়ে বুধবাৰে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলক সাক্ষাৎ কৰে।জলবায়ু সম্পৰ্কে আলোচনা কৰে ৰাষ্ট্ৰদূত গৰাকীকে ।

১২. অসমত মহাজোঁটে ৭২-৭৩খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব ।এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ বাসগৃহত উপস্থিত হৈ এই মন্তব্য ৰকিবুল হুছেইনৰ ।

১৩. সংবাদমেলত অজিত কুমাৰ ভূঞাৰ ঘোষণা সমাগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ।

১৪. বিহুলৈ মাজত মাথো কেইটামান দিন। সমাপ্ত হ'ল অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহন । ৰাজ্যৰ ঠায়ে ঠায়ে চলিছে বহাগক আদৰাৰ আখৰা ।

১৫. বুধবাৰে পুনৰ ৰাকেশ পালৰ জামিন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।ভঙাগড় আৰক্ষী চকীত থকা এক গোচৰৰ বাবে ৰাকেশ পালৰ পুনৰ জামিন নাকচ।দীৰ্ঘদিন ধৰি কাৰৰুদ্ধ হৈ আছে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।

১৬. বুধবাৰে মুম্বাইত আকৌ ১০৪২৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। মহানগৰীখনত যোৱা ২৪ ঘন্টাত ২৩জনৰ মৃত্যু।

১৭. মমতালৈ নিৰ্বাচন আয়োগৰ জাননী । ৩ এপ্ৰিলত পশ্চিম বংগৰ মুছলমান ভোটাৰক কৰা মন্তব্য সন্দৰ্ভত এই জাননী মমতা বেনাৰ্জীক । ৪৮ ঘন্টাৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ আয়োগৰ ।

১৮. পশ্চিমবংগৰ বিজেপি সভাপতি দিলীপ ঘোষৰ কনভয়ত আক্ৰমণ। শিটালকুচিত সংঘটিত হৈছে এই ঘটনা।

১৯.মাংগালোৰ বিশ্ববিদ্যালয়ৰ সকলো ডিগ্ৰী পৰীক্ষা পিছুৱাই দিয়া হৈছে । ৮ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈ অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা সমূহ ।

২০. অন্ধ্ৰপ্ৰদেশত আকৌ ২৩৩১জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত বুধবাৰে কোৰোনাত আক্ৰান্ত ১১জনৰ মৃত্যু।

২১. বৰ্তমানলৈ অসমত ৬০ উৰ্ধৰ ৪,৭৪৫ গৰাকী লোকক প্ৰদান কৰা হৈছে কোভিড ভেকচিন ।

২২. কামৰূপ মহানগৰ জিলাত বুধবাৰে কোৰোনাত আক্ৰান্ত হয় ১০৪ গৰাকী । তিনিচুকীয়া জিলাত বুধবাৰে কোৰোনাত আক্ৰান্ত হয় ১২ গৰাকী ।

২৩. দেশত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১ মাহত মহাৰাষ্ট্ৰকে ধৰি ৫ ৰাজ্যত ৮০ হাজাৰ শিশু কোৰোনাত আক্ৰান্ত ।

২৪. মধ্যপ্ৰদেশত আকৌ ৪০৪৩জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি। ৰাজ্যখনত যোৱা ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত ১৩জনৰ মৃত্যু।

২৫. লক্ষ্মৌত নিশা নৈশ সান্ধ্য আইন ঘোষনা । নিশা ৯ বজাৰ পৰা ৰাতিপুৱা ৬ বজালৈ সান্ধ্য আইন ঘোষণা প্ৰশাসনৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in