১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. অসম অলিম্পিক সন্থাৰ উপ-সভাপতি লীলা গগৈৰ মৃত্যু। ৰাজ্য চৰকাৰৰ ক্ৰীড়া সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক লীলা গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৭ বছৰ।

২. মেঘালয়ৰ নতুন আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে মঙলবাৰে আৰ চন্দ্ৰনাথনক নিযুক্তি দিয়া হয়। তেওঁ বৰ্তমান অসমত ৰে'লৱেৰ বিশেষ সঞ্চালকপ্ৰধান হিচাপে কৰ্ম সম্পাদন কৰি আছে।

৩. ৩ অক্টোবৰত বন্ধ সমৰ্থকৰ সৈতে লংকাত সংঘাত হোৱা ৰুলি হাজৰিকা নামৰ যুৱতীগৰাকীৰ ঘৰত মঙলবাৰে উপস্থিত হয় ৰাজ্যৰ কেইবাটাও জাতীয় সংগঠনৰ লোক। সংগঠন কেইটাই লংকা থানাত যুৱতীগৰাকীৰ পৰিয়ালৰ নিৰাপত্তা আৰু দোষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱা দাবীত স্মাৰকপত্ৰ প্ৰদান কৰে।

৪. মঙলবাৰে শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ চেঁচা চাহ বাগিচাৰ গড়কাপ্তানী দলঙৰ তলত উদ্ধাৰ হয় এটা নৱজাতকৰ মৃতদেহ। এখন বলেৰ' গাড়ীয়ে নৱজাতকটো পেলাই যোৱাৰ সন্দেহ স্থানীয় লোকৰ।

পোহৰৰ উৎসৱ দীপাৱলী, আল্পনা অকাঁত ব্যস্ত এগৰাকী যুৱতী
পোহৰৰ উৎসৱ দীপাৱলী, আল্পনা অকাঁত ব্যস্ত এগৰাকী যুৱতী

৫. মঙলবাৰে মহানগৰীৰ মালিগাঁৱৰ বাসগৃহত দেহাৱসান ঘটে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা মাণিক বৰাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ।

৬. লখিমপুৰৰ নাৰায়ণপুৰত পথ দুৰ্ঘটনা। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত চামেদ আলী নামৰ এজন লোক নিহত হোৱাৰ লগতে আহত হয় গুলাম মুস্তাফা নামৰ এজন লোক।

৭. ধুবুৰীৰ ৰাখালপাটত আছু নেতাক দুৰ্বৃত্তৰ আক্ৰমণ। আছুৰ জিলা সাংগঠনিক সম্পাদক অলকেশ দেৱনাথক আক্ৰমণ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান।

শতকীয় উল্লাস, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টি২০ ত ৰোহিত শৰ্মা ।
শতকীয় উল্লাস, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয় টি২০ ত ৰোহিত শৰ্মা ।

৮. শিলাদিত্য দেৱক লৈ অস্বস্তিত বিজেপি। বিধায়কজনৰ বিতৰ্কিত মন্তব্যক লৈ ক্ষুব্ধ সংখ্যালঘু মৰ্চা। শিলাদিত্যই মুখ চম্ভালি নচলিলে দল এৰাৰ হুংকাৰ তৌফিক ৰহমানৰ।

৯. লখিমপুৰত নাৰীদেহ চক্ৰ উৎখাত। নাৰীদেহৰ ব্যৱসায়ত জড়িত ৭ যুৱতীসহ ৮জন যুৱকক আটক কৰিলে লখিমপুৰ আৰক্ষীয়ে।

১০. ধেমাজিৰ বৰদলনিত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ'ল দুখন হাৰ্ডৱে'ৰ দোকান। প্ৰায় ৩০ লাখ টকাৰ সামগ্ৰী ভস্মীভূত হয় অগ্নিকাণ্ডত।

১১. 'ৰাজ্যখনত প্ৰৰোচনামূলক আৰু সাম্প্ৰদায়িক মন্তব্যৰ আৰম্ভণি হৈছে দিছপুৰৰ পৰাই।' -মঙলবাৰে বিশ্বনাথত এই মন্তব্য আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

১২. দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে টুইটাৰযোগে সমূহ দেশবাশীক জনালে দীপাৱলীৰ শুভকামনা। প্ৰদূষণমুক্ত দীপাৱলী উদযাপন কৰিবলৈ দেশবাসীক আহ্বান জনালে ৰাষ্ট্ৰপতিগৰাকীয়ে।

১৩. মঙলবাৰে দেশৰ পৰা পলাতক হৈ থকা নীৰৱ মোদীৰ ডুবাইত থকা ৫৬ কোটি টকাৰ সম্পত্তি জব্দ কৰে ইডিয়ে।

১৪. 'অযোধ্যাৰ ৰাম মন্দিৰক লৈ উচ্চতম ন্যায়ালয়ক ভাবুকি প্ৰদান কৰি আছে আৰ এছ এছে।' -মঙলবাৰে এই অভিযোগ কৰে ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টীৰ নেতা জগমন্যু চাৱাৰ্লীয়ে।

১৫. মধ্য প্ৰদেশৰ আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে মঙলাবাৰে বিজেপিয়ে প্ৰকাশ কৰে ৪০ জনীয়া ষ্টাৰ কেম্পেইনাৰৰ এখন তালিকা। নৰেন্দ্ৰ মোদী, অমিত শ্বাহকে ধৰি বহু কেইজনৰ বিজেপি নেতাৰ নাম অন্তৰ্ভুক্ত তালিকাত।

১৬. বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ ডাবলছ ইভেন্টৰ মঙলবাৰে অনুষ্ঠিত এখন খেলত ভাৰতে আয়াৰেলণ্ডক ৫-০ৰ ব্যৱধানত পৰাস্ত কৰে। ভাৰতৰ দলটোত আছিল মনজিৎ সিং আৰু কে ডিংকু সিং।

১৭. 'বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়ৱতী হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী। তেওঁ এই পদৰ বাবে সম্পূৰ্ণ উপযুক্ত প্ৰাৰ্থী।' -চত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীয়ে কৰিলে এই মন্তব্য।

১৮. 'মি টু'ৰ সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে অভিনেত্ৰী কৰিশ্মা কাপুৰে। অভনেত্ৰীগৰাকীয়ে ক'লে- 'ছবিজগতৰ অভিনেত্ৰীসকলৰ এই ঘটনা শুনি আচৰিত হৈছো।'

পৰিয়ালে সৈতে পোহৰৰ উৎসৱ পালন কিং খানৰ
পৰিয়ালে সৈতে পোহৰৰ উৎসৱ পালন কিং খানৰ

১৯. গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত লিখা গ'ল অযোধ্যাৰ দীপাৱলীৰ নাম। মঙলবাৰে সৰযু নদীৰ পাৰত ৩ লাখ বন্তি প্ৰজ্বলেনেৰে দীপাৱলী পালন কৰি গঢ়িবলৈ সক্ষম হয় এই অভিলেখ।

২০. ইৰাকৰ আই এছ আই এছ আধিকৃত ভূমিত একেলগে পোৱা গ'ল ২০০ টা নৰকংকাল। সন্ত্ৰাসবাদী সংগঠনটোৰ হাতত লোককেইজন নিহত হৈছিল বুলি সন্দেহ আৰক্ষীৰ।

২১. উন্নয়নশীল দেশসমূহত প্ৰতিদিনে মৃত্যু হয় ১০জনকৈ শ্ৰমিকৰ। কমনৱেল্থ হিউমেন ৰাইট ইনিচিয়েটিভ নামৰ সংস্থাটোৱে প্ৰকাশ কৰিলে এই তথ্য।

২২. নেপালত আজি পালন কৰা হৈছে 'কুকুৰ তিহাৰ'। দেশখনৰ ৫ দিনীয়া দীপাৱলী উৎসৱৰ প্ৰথম দিনাই কুকুৰক মালা পিন্ধাই নেপালীসকলে পালন কৰে কুকুৰ পূজা।

২৩. মঙলবাৰে দেশৰ গৃহমন্ত্ৰালয়ে দিল্লী আৰক্ষীক প্ৰদান কৰে ৩০০খন নতুন পি চি আৰ বাইক। দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত এক অনুষ্ঠানত প্ৰদান কৰা হয় বাইকসমূহ।

কামাখ্যাৰ পৰা গুৱাহাটীৰ দীপাৱলী
কামাখ্যাৰ পৰা গুৱাহাটীৰ দীপাৱলী

২৪. ১৬ নৱেম্বৰত মুক্তি পাব কমেডি হিন্দী ছবি 'ৰংগীলা ৰাজা'। দীৰ্ঘ বিৰতিৰ মূৰত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব গোৱিন্দাই।

২৫. ১৬ নৱেম্বৰত অসমৰ ছবিগৃহত মুক্তি পাব বিশ্বজিৎ কলিতাৰ ছবি 'ভাৱৰীয়া'। ছবিখনত অভিনয় কৰিছে বিষ্ণু খাৰঘৰীয়া, নিপন গোস্বামীৰ লগতে ড০ বিৰুবালা ৰাভাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in