১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ৰাজ্যত ভূমিকম্পৰ জোকাৰনি । ৩.৬ ৰিখটাৰ স্কেলৰ এক মৃদু ভূমিকম্পই গুৱাহাটীৰ লগতে গুৱাহাটীৰ উপকণ্ঠীয় অঞ্চল সমূহ জোকাৰি যায় । গুৱাহাটীৰ পৰা প্ৰায় ৩০ কিমি দূৰত ভূমিকম্পটোৰ উৎপত্তি স্থল বুলি জানিব পৰা গৈছে । বৃহস্পতিবাৰে নিশা ১০ বাজি ৩৩ মিনিটত ভূমিকম্পৰ কম্পন অনুভূত হয় ।

২. ২০২১ৰ বিধান সভা নিৰ্বাচনৰ বাবে হাগ্ৰামা মহিলাৰীয়ে লৈছে কৌশলী স্থিতি। বিটিআৰৰ ১২ সমষ্টিত বিজেপি বিৰোধী দলৰ সহায় আহ্বান জনাই হাগ্ৰামাই । আনহাতে বিটিআৰৰ বাহিৰৰ ২৮ সমষ্টিত আন দলক সহায় কৰাৰ আশ্বাস দিয়ে হাগ্ৰামাই।

৩. ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা সখী অভিযানৰ অধীনত বিজনীত অনুষ্ঠিত কৰা হয় মহিলা সমাৰোহ। এই সমাৰোহত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ।

৪. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে ব্যতিক্ৰমী প্ৰতিবাদ । ই স্কুটাৰত উঠি সচিবালয়ত উপস্থিত হৈ মমতা বেনাৰ্জীয়ে সাব্যস্ত কৰে প্ৰতিবাদ।

৫. অসম সচিবালয় সেৱা সন্থাৰ কলা বেজ পৰিধানৰ গনতান্ত্ৰিক কাৰ্যসূচী বাতিল । সন্থাৰ ১১ দফীয়া দাবী সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিবে সন্থালৈ প্ৰেৰন কৰিছে এক আলোচনাৰ পত্ৰ ।

৬. কাৰ্বি আলঙত বিশাল জনসভা সম্বোধন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । পাঁচটাকৈ উগ্ৰপন্থী সংগঠনৰ সদস্যই অস্ত্ৰ সম্বৰণ কৰাৰ কথা উল্লেখ কৰি অমিত শ্বাহে কয় হিংসাৰ পথ পৰিহাৰ কৰা বাবে কাৰ্বি আলং,পশ্চিম কাৰ্বি আলং, ডিমা হাচাও জিলাই ক্ষিপ্ৰ গতিত শান্তি আৰু সমৃদ্ধিৰ পথেৰে ধাবমান হৈছে ।

৭. শুকুৰবাৰে হিমা দাসক উপ আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰা হ'ব । হিমা দাসৰ লগতে ৰাজ্যৰ ৫৯৭ জন যুৱক-যুৱতীক প্ৰদান কৰা হ'ব অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি পত্ৰ । সৰুসজাই বিতৰত কৰা হ'ব এই নিযুক্তি পত্ৰ ।

৮. মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।মাছখোৱাৰ লাচিত ঘাটৰ পৰা প্ৰতিবাদী সমদল উলিৱাই উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ মূল্যবৃদ্ধি ৰোধ কৰিবলৈ তৎকালীন ভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰকপত্ৰ যোগে জিলা উপায়ুক্তক আহ্বান জনায়।

৯. নীৰৱ মোডীৰ আৱেদনক লৈ বৃহস্পতিবাৰে লণ্ডনৰ ন্যায়ালয়ত শুনানি গ্ৰহণ। আদালতে ভাৰতলৈ নীৰৱ মোডীক প্ৰত্যাৰ্পণ কৰাক লৈ মঞ্জুৰি প্ৰদান কৰিছে।

১০.বৃহস্পতিবাৰে মেঘালয়ত উপস্থিত লোকসভাৰ স্পিকাৰ ওম বিৰলা। ৰাজ্যখনৰ শ্বিলঙত উপস্থিত হয় তেওঁ।

১১. তামিলনাডুত উপস্থিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এমজি ৰামাচন্দ্ৰন আৰু জে জয়াললিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্রধানমন্ত্ৰীগৰাকীয়ে।

১২. দিল্লীত আকৌ ২২০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬৩৮৫৯৩জনলৈ পাইছে বৃদ্ধি।

১৩. দ্য ইণ্ডিয়া ট'য় ফেয়াৰ ২০২১ উদ্বোধন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ২৭ ফেব্ৰুৱাৰীৰৰ দিনৰ ১১ বজাত উদ্বোধন অনুষ্ঠানটিত উপস্থিত থাকিব তেওঁ।

১৪. কলকাতাৰ গোবিন্দপুৰত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১৫. উজবেকিস্তানৰ বিদেশ মন্ত্ৰী উপস্থিত নতুন দিল্লীত। বৃহস্পতিবাৰে তেওঁ সাক্ষাৎ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক।

১৬. ভূৱনেশ্বৰত সমাজবাদী পাৰ্টীৰ কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় এই প্ৰতিবাদ।

১৭. 'যদি মোক সোধা হয় যে পুডুচেৰীৰ বাবে প্ৰচাৰ পত্ৰিকাত কি আছে। মই ক'ম- পুডুচেৰীক মই শ্ৰেষ্ঠ হিচাপে বিচাৰো।'- এই কথা ক'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

১৮. শুকুৰবাৰ অৰ্থাৎ ২৬ ফেব্ৰুৱাৰীত পশ্চিমবংগত উপস্থিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। টুইটাৰযোগে এই কথা জনালে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।

১৯. ঝাৰখণ্ডৰ কুৰুমগড় আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত বোমা বিস্ফোৰণ। এই বিস্ফোৰণত আহত হৈছে এজন চিআৰপিএফ জোৱান।

২০. তামিলনাডুৰ বিৰুধুনগৰত এটা ফটকা ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে এজন লোকে।

২১.কেৰালাত আকৌ ৩৬৭৭জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ৫১৮৭৯জন ৰোগী।

২২. চেন্নাই বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ৭০ লক্ষাধিক নগদ ধন সহ গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিজনক।

২৩. মুম্বাইত আকৌ ১১৪৫জনৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি । ৰাজ্যখনত ৩২২৮৪৩জনলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে।

২৪. কেন্দ্ৰীয় বাজেটত ৰাজ্যৰ সংযোগ উন্নত কৰাৰ বাবে কলকাতা-চিলিগুৰি পথৰ বাবে ২৫ হাজাৰ কোটি টকা অনুমোদন কৰা হৈছে। লগতে, চাহ বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণৰ বাবে ১০ কোটি টকা আৱণ্টন কৰা হৈছে । পশ্চিম বংগত এই মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ।

২৫. মুম্বাইত এখন পৰিত্যক্ত বাহনত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী । বোমা বিশেষজ্ঞ আৰু আৰক্ষী উপস্থিত হৈ বাহন খন পৰীক্ষা কৰে আৰু বাহন খনৰ পৰা নবিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে বুলি মুম্বাই আৰক্ষীয়ে জানিব দিয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in