১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. বিহাৰৰ মোটিহাৰীত দুজন লোকক গুলীয়াই হত্যা। মটৰ চাইকেলত অহা দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে লোক কেইজনক।

২. কাৰাহাণ্ডীত আৰক্ষীৰ লাঠিচালনাত দুজন লোকৰ মৃত্যু। বেদান্দ এলুমিনিয়াম প্লান্টত শতাধিক লোকে নিযুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতেই আৰক্ষীয়ে চলাইছিল লাঠিচালনা।

৩. দিল্লীত মঙলবাৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক। পুৱা প্ৰায় ১০ বজাত অনুষ্ঠিত হ'ব বৈঠক।

৪. জন্মু-কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত এজন স্থানীয় লোক। জানিব পৰা মতে, মৃত ব্যক্তিজনৰ নাম মোহচিন।

৫. ছত্তীশগড়ত ৪টা মাওবাদীক গ্ৰেপ্তাৰ। নিৰাপত্তাৰক্ষীয়ে ৰাজ্যখনৰ বাস্তাৰৰ পৰা গ্ৰেপ্তাৰ কৰা মাওবাদী কেইটাক।

৬. মঙলবাৰে অনুষ্ঠিত হ'ব বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক। সন্ধিয়া ৫.৩০ৰ পৰা আৰম্ভ হ'ব এই বৈঠক।

৭. 'বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব নে নেখেলে সেয়া বি চি চি আই-য়ে সিদ্ধান্ত ল'ব। মোৰ কাৰণতে ক্ৰিকেটতকৈ বেছি প্ৰয়োজনীয় দেশৰ জোৱানসকল।'- সোমবাৰে এই মন্তব্য গৌতম গম্ভীৰৰ।

৮. ওড়িশ্যাৰ মুখ্যমন্ত্ৰীয়ে সোমবাৰে ঘোষণা কৰে বি জে ডিৰ প্ৰাৰ্থীৰ নামৰ তালিকা। ৰাজ্যখনৰ ৯টা লোকসভা আৰু ৫৪টা বিধানসভা সমষ্টিত বিজু জনতা দলৰ প্ৰাৰ্থীৰ তালিকা কৰে ঘোষণা।

৯. সোমবাৰে গোৱাৰ সদ্যপ্ৰয়াত মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। দীৰ্ঘদিন ধৰি কৰ্কটৰোগত আক্ৰান্ত পাৰিকৰে দেওবাৰে শেষ নিশ্বাস ত্যাগ কৰে।

১০. সোমবাৰে গোৱালপাৰাত সংঘটিত হয় এক জঘন্য ঘটনা। ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰাৰ অভিযোগ ছাহজাহান আলী নামৰ যুৱকৰ বিৰুদ্ধে।

১১. গোৱালপাৰাৰ ৰংচাইৰ মালাধৰাত লোমহর্ষক হত্যাকাণ্ড। শচীন্দ্ৰ ৰাভা নামৰ এজন লোকৰ বিৰুদ্ধে চোকা অস্ত্ৰৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ জয়পাল ৰাভা নামৰ এজন লোকক।

১২. ৰাম প্ৰসাদ শৰ্মাই তেজপুৰৰ লোকসভাৰ টিকত নোপোৱাৰ বিৰুদ্ধে মন্তব্য কৰিছে সদৌ অসম গোর্খা ছাত্র সন্থা আৰু অসম গোর্খা সন্মিলনে। সংগঠনটোৱে আৰ পি শৰ্মাক টিকত প্ৰদান নকৰিলে অসমৰ প্ৰায় ২৫ লাখ গোৰ্খা সম্প্ৰদায়ৰ লোক গেৰুৱা দলটোক পৰাভূত কৰিবলৈ তৎপৰ হ'ব বুলি মন্তব্য কৰে।

১৩. ৪ দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত খিলঞ্জীয়া অধিকাৰ মঞ্চৰ সভাপতি অমিতাভ শৰ্মাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ। সোমবাৰে হোজাইৰ শংকৰদেৱ নগৰ আদালতে তেওঁক প্ৰেৰণ কৰে কাৰাগাৰলৈ।

১৪. দিল্লীৰ স্বাৰাণ পাৰ্কৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড। এটা কেমিকেল ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।

১৫. সোমবাৰে নেডাৰলেণ্ডৰ উত্ৰেষ্ট চহৰত অচিনাক্ত আততায়ীৰ গুলীত নিহত হয় কেইবাজনো লোক। দুৰ্বৃত্তৰ ধাৰাসাৰ গুলীবৰ্ষণৰ পিছতে অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ।

১৬.  সোমবাৰে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক সাক্ষাৎ কৰে গুইনিয়াৰ প্ৰধানমন্ত্ৰী ইব্ৰাহিম কাছোৰী ফোফানাই। দেওবাৰে ভাৰতত আহি উপস্থিত হৈছিলহি গুইনিয়াৰ প্রধানমন্ত্ৰীগৰাকী।

১৭. হাজোৰ দমদমাত স্কুটী আৰোহীক মহতিয়ালে দ্ৰুতবেগী ট্ৰেভেলাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত স্কুটী আৰোহী মিথুন দাসক জিএমচিএইছত ভৰ্তি।

১৮. মঙলবাৰে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আৰম্ভ কৰি গংগা যাত্ৰা। তিনিদিনীয়া কাৰ্যসূচীৰে মান্যা ঘাটৰ পৰা আছি ঘাটলৈ যাত্ৰী কৰিব প্ৰিয়ংকাই।

১৯. মঙলবাৰে জন সেনা পাৰ্টীয়ে ঘোষণা কৰিলে ৩২ জন বিধানসভা সমষ্টি আৰু ৪জন লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম। অন্ধ্ৰপ্ৰদেশৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাৰ্থী কেইগৰাকীয়ে।

২০. সোণাৰিত আলফা লিংকমেনৰ সন্দেহত সোমবাৰে আটক হয় এজন লোক। ধৃত যুৱকজন থুকুবিলৰ নিত্যা দত্ত বুলি জানিব পৰা গৈছে।

২১. গোসাঁইগাঁৱৰ পলাশগুৰি গাঁৱত চাঞ্চল্যকৰ ঘটনা। ১৬ মাৰ্চৰ নাশা ডাইনী সন্দেহত এগৰাকী মহিলাক হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ। আৰক্ষীয়ে সোমবাৰে মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে আটক কৰে ৰবিন বাস্কে আৰু সুনীল বাস্কে নামৰ ২জন লোকক।

২২. ৫ এপ্ৰিলত ছবিগৃহত মুক্তি পাব হিন্দী ছবি 'ৰ'মিঅ' আকবৰ ৱাল্টাৰ'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জন আব্ৰাহাম আৰু মণি ৰয়ে।

২৩. মৰিয়নীৰ পুখুৰীয়াত চোৰৰ বিলৈ। বাইক চুৰিৰ সময়তে হাতে-লোটে কৰায়ত্ত কৰি কাজিৰঙাৰ কৃষ্ণজ্যোতি বৰা নামৰ যুৱকক ৰাইজে দিলে উত্তম মধ্যম।

২৪. চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে দিগন্ত গগৈ আৰু তৰুণ জোহৰী নামৰ ২জন লোকক। পৰিৱেশ মন্ত্ৰণালয়ৰ বিষয়াক ঘোচ দিয়াৰ অভিযোগ গ্ৰেপ্তাৰ হয় বিযয়া ২জন।

২৫. কৰিমগঞ্জৰ ৰাতাবাড়িত আৰক্ষী আৰু চিআৰপিএফৰ অস্ত্ৰ-শস্ত্ৰৰ বিৰুদ্ধে অভিযান। অভিযানত ২টা বন্দুকসহ আটক জয়মানিক চৰাইক নামৰ এজন লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in