১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. সোমবাৰে পুৱা ১০.৩০ বজাত মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। উপ-মুখ্যমন্ত্ৰী ৰূপে শচীন পাইলটে শপত লবলগীয়া অনুষ্ঠানটোত উপস্থিত থাকিব কংগ্ৰেছৰ কেইবাগৰাকী শীৰ্ষ নেতা।

২. লখিমপুৰৰ নাওবৈচাত ট্ৰাক, ফৰ্চুনাৰ, ৰেডিক' আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত থিতাতে নিহত হ'ল এজন বাইক আৰোহী। ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় কেইবাজনো লোক।

৩. শোণিতপুৰৰ চাৰিদুৱাৰত যাত্ৰীবাহী বাছৰ খুন্দাত প্ৰাণ হেৰুৱালে এজন স্কুটি আৰোহিয়ে। নিহত লোকজনৰ নাম প্ৰদীপ মণ্ডল।

৪. তিনিচুকীয়া জিলাৰ ধলাৰ টেঙাপানী বাঘঘুলি চাপৰিৰ ম'হৰ খুটিৰ পৰা ৩জনীয়া বন্দুকধাৰী দলে অপহৰণ কৰে এজন ব্যৱসায়ীক। অপহৃত লোকজনৰ নাম খেম বাহাদুৰ ছেত্ৰী ওৰফে চানি মহাজন।

৫. ৰাজস্থানৰ জয়পুৰত চলন্ত বাছত অগ্নিকাণ্ড। গুৰুতৰভাৱে আহত হৈছে ১৬ জন লোক।

৬. উত্তৰ গুৱাহাটীৰ ৰূদ্ৰেশ্বৰত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুয়ে সৃষ্টি কৰিছে ৰহস্যৰ। প্ৰীতম তালুকদাৰ নামৰ এজন যুৱকৰ সৈতে প্ৰেম কৰা যুৱতীগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ একাংশ ৰাইজৰ।

৭. সোণাৰিত চৰাইদেউ আৰক্ষী আৰু চি আৰ পি এফৰ যুটীয়া অভিযানত অস্ত্ৰসহ আটক হয় দুই অৰুণাচলী যুৱক। আটকাধিন লোক দুজন ক্ৰমে ৰিম বিহাম আৰু টাচজাও জহাম।

৮. 'কংগ্ৰেছৰ পৰা সৰ্তক হৈ থাকক দেশবাসী'। উত্তৰ প্ৰদেশত এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৯. দেওবাৰে অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি পদ্মনাথ গোহাঞিবৰুৱাৰ ১৪৭ সংখ্যক ওপজা দিন। তেজপুৰ বান থিয়েটাৰত কেন্দ্ৰীয় ভাৱে পালন কৰা হয় তেওঁৰ জন্মদিন।

১০. হকী বিশ্বকাপ, ২০১৮ৰ খিতাপ জিনিলে বেলজিয়ামে। ফাইনেলত টাই-বেকাৰত ৩-২ গলৰ ব্যৱৰ্ধানত নেডাৰলেণ্ডক পৰাস্ত কৰে দলটোৱে।

১১. কাৰ্বি আংলংৰ কাকচাং জলপ্ৰপাতত বনভোজ খাবলৈ গৈ সন্ধানহীন এজন যুৱক। সন্ধানহীন যুৱকজন ঢেকিয়াজুলিৰ দীপক বৰা।

১২. 'ৰাজস্থানৰ আৰ্থিক সংকটৰ বাবে দায়ী বসুন্ধৰা চৰকাৰ' অশোক গেহলটে কৰিলে এই মন্তব্য।

১৩. ধুবুৰীৰ গৌৰীপুৰত এখন বাইকৰ সৈতে পথৰ কাষত ৰৈ থকা সময়তে দুজন লোকক খুন্দিয়াই দ্ৰুতবেগী ইণ্ডিকা বাহনে। দুৰ্ঘটনাটোত আহত হয় প্ৰাণজিৎ ৰায় আৰু নৃপেন ৰায়।

১৪. এটা অঞ্চলত ১৫০০তকৈও অধিক অবৈধ বেলট পেপাৰ উদ্ধাৰৰ লগতে পঞ্চায়ত নিৰ্বাচনত ব্যাপক ৰিগিঙৰ অভিযোগ। দেওবাৰে এখন সংবাদমেল যোগে এই অভিযোগ উত্থাপন কৰে নলবাৰী কংগ্ৰেছে।

১৫. হাৰিয়ানাত এজন কৃষকক হত্যা কৰি জ্বলাই দিলে দুৰ্বৃৰ্ত্তই। দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ।

১৬. দেওবাৰে মহানগৰীৰ জালুকবাৰীত নতুনকৈ নিৰ্মাণ হবলগীয়া মিলেনিয়াম গাৰ্ডেনৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুঠ ৩৬২টা ফ্লেট থাকিবলগীয়া এই মিলেনিয়াম গাৰ্ডেনত কম মূল্যত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব ফ্লেট।

১৭. ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ ভাল খবৰ। গুৱাহাটীত ইংলেণ্ড আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হ'ব ৩খনকৈ এদিনীয়া আৰু ৩খন টি-২০ মেচ।

১৮. একে মাহতে কাৰ্বি আংলঙত অপহৰণ হ'ল দুজন ব্যৱসায়ী। বাবলু দেৱ নামৰ এজন লোকৰ পিছত এইবাৰ চন্দন কুমাৰ সিঙ নামৰ এজনক অপহৰণ।

১৯. উত্তৰপ্ৰদেশৰ বৃন্দাবনত যুৱকক গুলীয়াই হত্যা। দেওবাৰে উদ্ধাৰ মৃতদেহ।

২০. হাৰিয়ানাত দেওবাৰে অনুষ্ঠিত হোৱা নগৰপালিকা নিৰ্বাচনত ৭০ শতাংশ ভোটগ্ৰহণ হয়। ৫খন নগৰত অনুষ্ঠিত হৈছিল এই ভোটগ্ৰহণ।

২১. 'শ্বহীদ সকলৰ পৰিয়ালক উচিত মৰ্যদা দিয়ক চৰকাৰে'। বিজয় দিৱসৰ উপলক্ষে পশ্চিম বংগৰ মমতা বেনাৰ্জীয়ে শ্বহীদ সকলক সুৱৰি কৰিলে এই টুইট।

২২. দিল্লীৰ বিন্দাপুৰত ৩বছৰীয়া এটা শিশুক যৌন নিৰ্যাতন। সংকটজনক অৱস্হাত শিশুটোক আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিৎসায়ত।

২৩. জম্মু কাশ্মীৰত ট্ৰাক আৰু সেনাৰ বাহনৰ সংৰ্ঘষ। আহত ১৬ গৰাকী সেনা।

২৪. ২০১৯ৰ ১৯ জুলাইত মুক্তি পাব অক্ষয় কুমাৰ অভিনীত ছবি 'গুড নিউজ'। ছবিখন পৰিচালনা কৰিছে ৰাজ মেহটাই।

২৫. ডেৰাডুনত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত ২।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in