১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. বিহাৰত কংগ্ৰেছ নেতা নৱজোৎ সিং সিদ্ধুৰ বিৰুদ্ধে বিজেপিৰ এজাহাৰ দাখিল। বিহাৰৰ কাতিহাৰত তেওঁ সম্বোধন কৰা নিৰ্বাচনী সভাত নিৰ্বাচনী আচৰণবিধি উলংঘন কৰাৰ অভিযোগ বিজেপিৰ।

২. পশ্চিম বংগত বিশেষ তদাৰক হিচাপে অজয় নায়কক নিযুক্তি প্ৰদান নিৰ্বাচন আয়োগৰ। ১৯৮৪ বেটছৰ আই এ এছ বিষয়া অজয় নায়ক।

৩. তামিলনাডুৰ ডিএমকে প্ৰাৰ্থী কানিমোঝিৰ থুথুৰকুড়িস্থিত বাসগৃহত আয়কৰ বিভাগৰ অভিযানৰ প্ৰতিবাদ ডিএমকে কৰ্মীৰ। এই অভিযানৰ আৰত বিজেপি জড়িত থকাৰ অভিযোগ।

৪. উত্তৰাখণ্ডত এজন ব্যক্তিৰ পৰা টকাৰ বেগ লৈ উধাও দুৰ্বৃত্ত। বাইকত অহা ৩জনীয়া দুৰ্বৃত্তৰ মাজত এজন আৰক্ষী কৰ্মী জড়িত থকাৰ অভিযোগ।

৫. '২০০৪ ৰ পৰা ২০১৪ চনলৈ কংগ্ৰেছে এনে পৰিস্থিতিৰ সৃষ্টি কৰিছিল যে সেই সময়ত নিজৰ সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে কথা ক'লেও অপৰাধ হৈ পৰিছিল।' -ভুৱনেশ্বৰত নিৰ্বাচনী প্ৰচাৰ সভাত এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

৬. 'আয়কৰ বিভাগে বিজেপি সমৰ্থক আৰু বিজেপি প্ৰাৰ্থীৰ ঘৰত কিয় অভিযান নচলায়?'- মঙলবাৰে এই প্ৰশ্ন কৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছে। এই সন্দৰ্ভত ইতিমধ্যে কৰ্ণাটক কংগ্ৰেছে আয়কৰ বিভাগলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে।

৭. তেলেংগানাৰ ৰাঙা ৰেড্ডী অঞ্চলত এগৰাকী ৩২ বৰ্ষীয় মহিলাক গণধৰ্ষণ পাষণ্ডৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ।

৮. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত সকলো ধৰণৰ খনন বন্ধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। এই সন্দৰ্ভত অসম চৰকাৰক জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। তিনি সপ্তাহৰ ভিতৰত অসম চৰকাৰে দিব লাগিব জাননীৰ উত্তৰ।

৯. নৱ কুমাৰ শৰণীয়াক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত আক্ৰাছুৰ। লোকসভা নিৰ্বাচনত কোকৰাঝাৰ সমষ্টিৰ প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়াক এবিএমছুৰ লগতে আক্ৰাছুৱেও জনাব সমৰ্থন।

১০. ধিঙৰ তেতেলীগুৰিত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ১৪জন। কেইটামান পৰিয়ালে আয়োজন কৰা ভোজৰ ভাত খাই অসুস্থ আটাইকেইজন।

১১. তামিলনাডুৰ মেট্টুকোড্ডইত লোমহৰ্ষক হত্যাকাণ্ড। স্বামীয়ে ডিঙি ৰেপি হত্যা কৰিলে পত্নীক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত মুনীআপ্পনক।

১২. 'বিজেপিয়ে শ্বহীদক সন্মান নহয়, অপমান কৰিছে।'- কেৰেলাত এই মন্তব্য কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ।

১৩. 'বিজেপিয়ে ক'লা ধন ঘূৰাই আনিবই। তাৰ বাবে আমি দৃঢ় প্ৰতিজ্ঞ। প্ৰয়োজন হ'লে পুনৰ এবাৰ বিমুদ্ৰাকৰণ হ'বও পাৰে।' -মঙলবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় বানিজ্য মন্ত্ৰী সুৰেশ প্ৰভুৱে।

১৪. 'মাত্ৰ এটা ভোটৰ বাবেই আজি ছাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক সম্ভৱ হৈছে।' -ছত্তীশগড়ৰ ভাট্টাপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য নৰেন্দ্ৰ মোডীৰ।

১৫. ৰাহুল গান্ধীক আক্ৰমণ কৰি মন্তব্য জ্যেষ্ঠ বিজেপি নেতা এছ এম কৃষ্ণাৰ। ৰাহুল গান্ধীক অল্পবুদ্ধি সম্পন্ন দাম্ভিক নেতা আখ্যা বিজেপি নেতাজনৰ।

১৬. সমাজৱাদী পাৰ্টীৰ প্ৰাৰ্থী তথা শত্ৰুঘ্ন সিনহাৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাক লৈ কটাক্ষ ৰাজনাথ সিঙৰ। ক'লে- 'পুনম সিনহাই পৰাজয় উপভোগ কৰিবলৈ ৰাজনীতিলৈ আহিছে।'

১৭. 'মোডীয়ে ভোট কেন্দ্ৰত কেমেৰা লগাই থৈছে। কংগ্ৰেছ বা আন দলত ভোট দিলেই তেওঁ গম পাব আৰু পিছত আপোনালোকে কাম নাপাব।' -গুজৰাটৰ বিজেপি বিধায়ক ৰমেশ কতাৰাই এইদৰে ভোটাৰক ভাবুকি প্ৰদান কৰি মঙলবাৰে চলায় নিৰ্বাচনী প্ৰচাৰ।

১৮. 'যদি কংগ্ৰেছে এই সমষ্টিৰ পৰা জয়লাভ নকৰে, তেন্তে ক'তোৱেই জয়লাভ কৰিবলৈ সক্ষম নহ'ব।' -মঙলবাৰে এই মন্তব্য কৰে গুজৰাটৰ আনন্দ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভৰতসিং সোলাংকিয়ে।

১৯. মঙলবাৰে অন্ত পৰিল লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ। অসমৰ ৫টা সমষ্টিত ৫০ জন প্ৰাৰ্থী অৱতীৰ্ণ হৈছে ১৮ এপ্ৰিলত হ'ব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত।

২০. গুৱাহাটী লোকসভা সমষ্টি দখলৰ বাবে তৎপৰ হৈ পৰিছে কংগ্ৰেছ আৰু বিজেপি। মঙলবাৰে জালুকবাৰীত গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ হৈ প্ৰচাৰ চলাই ৰিপুন বৰা আৰু এম জি ভি কে ভানুৱে।

২১. উত্তৰ প্ৰদেশৰ বাৰাবংকীত ৰে'লযাত্ৰীক প্ৰদান প্ৰধানমন্ত্ৰী মোডীৰ ফটো সম্বলিত টিকট। ঘটনা সন্দৰ্ভত দুজন ৰে'লৱে কৰ্মচাৰীক নিলম্বন কৰিছে ৰে'ল বিভাগে।

২২. মানি লণ্ডাৰিং কেলেংকাৰীৰ মূল অভিযুক্ত হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওম প্ৰকাশ চোতালাৰ ৩.৬৮ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ। দিল্লী, পঞ্চকুলা আৰু সিৰছাস্থিতি ওম প্ৰকাশৰ সম্পত্তি জব্দ।

২৩. ভোটগ্ৰহণৰ পূৰ্বেই যেন পৰাজয় স্বীকাৰ কৰি লৈছে মুৰাদাবাদ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কোঁৱৰ সৰ্বেশ কুমাৰে। 'এই সমষ্টিটোত মোৰ জয়ৰ সম্ভাৱনা একেবাৰে কম। মই আশা কৰিব বাদ দিছো।' -এই মন্তব্য প্ৰাৰ্থী গৰাকীৰ।

২৪. খানাপাৰা বিহুতলীত সোমবাৰে নিশা প্ৰয়াত ভুনু বৰুৱা সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। কণ্ঠশিল্পী ডঃ অনিমা চৌধুৰীক প্ৰদান কৰা হয় এই বঁটা।

২৫. ১৭ এপ্ৰিলত সমগ্ৰ দেশৰ ছবিগৃহত মুক্তিলাভ কৰিব বৰুণ ধাৱান অভিনীত হিন্দী ছবি কলংক। ছবিখনৰ পৰিচালনা কৰিছে অভিষেক বৰ্মণে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in