১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. গোৱালপাৰাৰ নবী নগৰত গা ধুবলৈ গৈ সলিল সমাধি ৩ গৰাকী ছাত্ৰীৰ। নিহত ছাত্ৰী কেইগৰাকী ক্ৰমে তাছমিনা খাতুন, নাজিমা বেগম আৰু ফেলামী খাতুন।

২. শেহতীয়া এক সমীক্ষাৰ মতে, বাৰ্ষিক ১৫৭ কোটি টকা উপাৰ্জন কৰি বাংগালুৰুৰ  এন নাগৰাজু দেশৰ ধনী বিধায়ক হোৱাৰ পৰিৱৰ্তে বছৰি ১৩০০ টকা উপাৰ্জনেৰে দুখীয়া বিধায়িকাৰ স্থানত আছে অন্ধ্ৰপ্ৰদেশৰ বি যামিনীবালা।

৩. BCCIৰ গুৰুত্বপূৰ্ণ ৰায়। BCCIত থাকিব নোৱাৰিব কোনো ৰাজনৈতিক ব্যক্তি আৰু চৰকাৰী চাকৰিয়াল।

৪. সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে এজাহাৰ ক্ষেত্ৰীৰ মৌচম বৈশ্য নামৰ যুৱকৰ। সোণাপুৰ আৰক্ষী থানাৰ সমীপতে জোৱাৰ আড্ডা চলি থকাৰ তথ্য লাভ কৰিও আৰক্ষী বিষয়াজনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ।

৫.গোসাঁইগাঁৱৰ ৰাঙাপাৰাত আৰক্ষী আৰু চি আৰ পি এফৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। অভিযানত এলবাৰ্ট মুছাহাৰি নামৰ এন ডি এফ বিৰ কেডাৰ আটক।

৬. ওদালগুৰিৰ ওৰাঙত এগৰাকী কিশোৰীক বলাৎকাৰৰ অভিযোগত আৰক্ষীয়ে আটক কৰে দুজন যুৱকক। মফিজুদ্দিন আৰু মকবুল নামৰ দুই যুৱকক আটক কৰি আৰক্ষীয়ে পচক' আইনৰ অধীনত এক গোচৰ ৰুজু কৰে।

৭. বুধবাৰে ৰহিঙীয়া শৰণাৰ্থী সমস্যাৰ বিষয়ে আলোচনা কৰিবলৈ ম্যানমাৰত উপস্থিত হয়হি বৃটিছ বৈদেশিক সচিব জেৰিমি হান্ত।  ম্যানমাৰলৈ অহাৰ পূৰ্বে সচিবজনে বহু কেইজন বিশিষ্ট ব্যক্তিৰে মিলিত হ'বলৈ ইচ্ছা প্ৰকাশ কৰাৰ কথাও কয় সংবাদমাধ্যমক।

৮. সন্ত্ৰাসবাদীৰে তথ্যৰ আদান প্ৰদান কৰাৰ অভিযোগত উত্তৰ প্ৰদেশ সন্ত্ৰাসবাদ বিৰোধী বাহিনীয়ে গ্ৰেপ্তাৰ কৰে এজন সীমান্ত নিৰাপত্তাৰক্ষীক। অছুটানন্দ মিশ্ৰ নামৰ নিৰপত্তাৰক্ষীজনৰ এনে কু-কৰ্মৰ সমগ্ৰ তথ্য এগৰাকী সাংবাদিকে পোহৰলৈ আনে।

৯. উত্তৰ প্ৰদেশ চৰকাৰে ৯৮ হাজাৰ কোটি টকা খৰচৰ হিচাপ দাখিল কৰিব পৰা নাই কেগক ।

১০. বুধবাৰে পেৰা-বেডমিন্টন খেলুৱৈ ৰাজ কুমাৰক কেন্দ্ৰীয় খেলমন্ত্ৰী ৰাজ্যবৰ্ধন সিঙ ৰাথোৰে প্ৰদান কৰে অৰ্জুন বটা।

১১. বুধবাৰে কেন্দ্ৰীয় কেবিনেট বৈঠকৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ মন্তব্য-'দেশৰ ১৯৮ টা বৃহৎ বান্ধৰ মেৰামতিৰ বাবে ৩,৪৬৬ কোটি টকা আৱন্টিত কৰা হব।'

১২. বুধবাৰে দিল্লীত আফগানিস্থানৰ ৰাষ্ট্ৰপতি  আশৰুফ গনীয়ে সাক্ষাৎ কৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ।

১৩. আয়তকৈ সম্পত্তিৰ পৰিমাণ অধিক হোৱা এক গোচৰৰ সন্দৰ্ভত ২২ অক্টোবৰত আদালতত থিয় হব লাগিব হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিং।

১৪/ পানামা পেপাৰচ কেলেংকাৰীত কাৰাৰুদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক ইছলামাবাদ উচ্চ ন্যায়লয়ে দিলে শাস্তিৰ ৰেহাই । অচিৰেই মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা শ্বৰীফ।

১৫. গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰ অসুস্থতাৰ হেতু বিকল্প ব্যৱস্থাৰ বাবে বুধবাৰে দিনৰ ১১ বজাত অমিত শ্বাহৰ বৈঠক। মুখ্যমন্ত্ৰীৰ সালসলনিৰ চিন্তা কৰা নাই বিজেপি নেতৃত্বই।

১৬. বুধবাৰে পঞ্জাৱত ২২ খন জিলা পৰিষদ আৰু ১৫০ খন গাও পঞ্চায়তৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন। যথেষ্ট সংখ্যক লোকৰ ভোটদান।

১৭. বুধবাৰে প্ৰতি আমৰিকান ডলাৰৰ বিপৰীতে ভাৰতৰ মুদ্ৰাৰ মুল্য ৭২.৭১ টকা। দেশৰ অৰ্থনীতিত যথেষ্ট প্ৰভাৱ পেলাইছে টকাৰ মূল্য হ্ৰাসে।

১৮. খবৰ অনুসৰি ২০৩২ চনৰ অলিম্পিক উত্তৰ আৰু দক্ষিণ কোৰিয়াই যৌথভাৱে আয়োজনৰ বাবে সহমত প্ৰকাশ কৰিছে । আমেৰিকাৰ উদ্যোগৰ পাছত এয়া এক ইতিবাচক ফল হিচাপে চিহ্নিত হৈছে।

১৯. ৬দিন ধৰি সন্ধানহীন হৈ আছে বি বৰুৱা কলেজৰ অধ্যাপক ড০ ৰুবুল হাজৰিকা। বিশেষ কামত ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধান নাই প্ৰবক্তাগৰাকীৰ। কোনোলোকে  তেওঁৰ সন্ধান দিলে ১০ হেজাৰ টকাৰ পুৰস্কাৰ ঘোষণা আৰক্ষীৰ।

২০. দেশৰ ভিন্ন প্ৰান্তৰ প্ৰায় ১০০ গৰাকী অংগনৱাড়ী কৰ্মীয়ে বুধবাৰে সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। প্ৰধানমন্ত্ৰীজনক সাক্ষাৎ কৰি পাৰিশ্ৰমিক বৃদ্ধিৰ বাবে ধন্যবাদ জনাই কৰ্মীসকলে।

২১. পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলিল এগৰাকী অসম কন্যা। ওদালগুৰিৰ ভেৰগাঁৱৰ যুৱতী ভাগ্যৱতী কছাৰীয়ে ইস্তানবুলত অনুষ্ঠিত আহমেট কৰ্মাট বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

২২. ওদালগুৰিৰ টংলাত সংঘটিত হৈছে মৰেলপুলিচৰ ঘটনা। টংলা মহাবিদ্যালয়ৰ মিছাংখা বসুমতাৰী নামৰ এজন যুৱকক সুৰা পান কৰাৰ অপৰাধত আক্ৰমণ কৰে একাংশ উন্মত্ত লোকে। সংকজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় যুৱকজনৰ।

২৩. এছিয়া কাপত পাকিস্তানক হৰুৱাৰ পাছত দেশজুৰি উৎসাহৰ ঢল। ৮ উইকেটত পৰাস্ত কৰিলে ভাৰতে পাকিস্তানক।

২৪. তিনি তালাকৰ সন্দৰ্ভত কংগ্ৰেছৰ মন্তব্য- 'তিন তালাক মোডী চৰকাৰৰ বাবে কেৱল 'ৰাজনীতিৰ ফুটবল'

২৫. শংকৰদেৱৰ আবিৰ্ভাৱ তিথিত নলবাৰী জিলাৰ এখন ধৰ্মীয় সভাত ভাগ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৰুজনাৰ সৃষ্টিৰাজিক সঠিক ৰূপত প্ৰতিষ্ঠা কৰিব নোৱাৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in