১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৰাজ্যত বুধবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে মুঠ ১,৫৪৭ জন। আজিৰ দোনটোত কোভিড পৰীক্ষা কৰা হৈছিল মুঠ ৭৪,১১৪ জনৰ। সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ২.০৯ শতাংশ।আনহাতে আজিৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে মৃত্যু হৈছে মুঠ ২৫ জন।

২. আজিৰ দিনটোত কামৰূপ মহানগৰত সৰ্বাধিক ১৯৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। গোলাঘা্টাত আক্ৰান্ত হৈছে ১৪৭ জন, ডিব্ৰুগড়ত আক্ৰান্ত হৈছে ১৩৯ জন আৰু যোৰহাটত আক্ৰান্ত হৈছে ১১৫ জন।

৩. দিনটোত কোভিডত আক্ৰান্ত হৈ সৰ্বাধিক মৃত্যু হৈছে ডিব্ৰুগড়, গোলাঘাট আৰু শোণিতপুৰত। জিলা তিনিখনত ৩ জনকৈ লোকৰ মৃত্যু হৈছে। আনহাতে যোৰহাটত ২জন, কামৰূপ গ্ৰাম্য ২জন, কৰিমগঞ্জত ২ জন, কোকৰাঝাৰাত ২ জন, লখিমপুৰত ২ জন, শিৱসাগৰত ২ জন, বৰপেটাত ১ জন, দৰঙত ১ জন, হোজাইত ১ জন আৰু নলবাৰীত ১ জন ব্যক্তি কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।

৪. আজিৰ দিনটোলৈকে ৰাজ্যত মুঠ ৫,৫২,৪২৫ গৰাকী ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৫,৩০,৬৭৮ গৰকী ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে। আনহাতে মৃত্যু হৈছে ৫,০৫৪ গৰকী ব্যক্তিৰ। সেই অনুসৰি আৰোগ্যৰ হাৰ ৯৬.০৬ শতাংশ আৰু মৃত্যুৰ হাৰ ০.৯১ শতাংশ।

৫. পুৱাই মহানগৰীত সংঘটিত হ'ল এক কৰুণ ঘটনা। চানমাৰীস্থিত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ। জানিব পৰা মতে, পুৱা প্ৰায় ৮ বজাত ৰে'লৱেৰ গেটত ৰং কৰি আছিল যুৱকজনকে।

৬. অসম সন্তান লাভলীনা বৰগোঁহাইক উৎসাহ যোগাবৰ বাবে বিশেষ পদক্ষেপ। লাষ্টগেটৰ পৰা নেহৰু ষ্টেডিয়ামলৈ 'গ' ফ'ৰ গ্ল'ৰী-লাভলীনা' চাইকেল ৰেলী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই চাইকেল ৰেলীত অংশগ্ৰহণ। বিধায়ক অখিল গগৈ, মন্ত্ৰী অতুল বৰা, ৰঞ্জিত দাসকে ধৰি বহু কেইগৰাকী মন্ত্ৰী-বিধায়কৰ এই ৰেলীত অংশগ্ৰহণ।

৭. আজি পবিত্ৰ ঈদ-উজ-জোহা। ৰাজ্যজুৰি ইছলাম ধৰ্মী লোকসকলে ঘৰে ঘৰে পঢ়িছে নামাজ। অৱশ্যে পূৰ্বৰ দৰে উচাহ নাই এইবাৰ ঈদত। কিয়নো চাৰিওদিশে এতিয়া কোৰোনাৰ সংক্ৰমণ। সোমবাৰ অৰ্থাৎ ১৯ জুলাইত কোৰোনাৰ নতুন এছ অ' পিত উল্লেখ কৰা অনুসৰি, এইবাৰ ৰাজহুৱা স্থানত পঢ়িব নোৱাৰিব ঈদৰ নামাজ। সেয়েহে সকলো ইছলাম ধৰ্মী লোকক ঘৰতে ঈদ উদযাপন কৰিবলৈ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

৮. ইফালে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আছু জ্যেষ্ঠ নেতা সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি বহুজনে ছ'চিয়েল মিডিয়াযোগে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে সকলোৰে সুস্বাস্থ্য আৰু সমাজত শান্তিৰ বাবে কামনা কৰিছে।

৯. দৰং জিলা সাহিত্য সভাৰ ৪৯ সংখ্যক প্ৰতিষ্ঠা দিৱস দেশত চলি থকা কৰোনা মহামাৰীৰ বাবে হৈ থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়া কাৰ্যসূচী যে পালন কৰা হয়।১৯৭৩ চনৰ ২১ জুলাই তাৰিখে টংলা চহৰত তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ২৩ জন প্ৰতিনিধিৰ উপস্থিতিত ৰত্নেশ্বৰ শৰ্মাৰ সভাপতিত্বত মঙলদৈ সাহিত্য পৰিষদ নামেৰে এক সাহিত্যৰ অনুষ্ঠানৰ সৃষ্টি হৈছিল।১৯৮২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ হাইলাকান্দি অধিবেশনত এই মঙলদৈ সাহিত্য পৰিষদক দৰং জিলা সাহিত্য সভা নামেৰে স্বীকৃতি প্ৰদান কৰে।

১০. গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত বুধবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ ব্যক্তিগত উদ্যোগ আৰু তৎপৰতাত গুৰুজনাৰ জন্মস্থানৰ মনিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ মজিয়া আৰু চিলিং উন্নয়ণ, বৈদ্যুতিকৰণৰ কামৰ শুভাৰম্ভণি কৰে।

১১.শোণিতপুৰ জিলাৰ বৰছলাৰ বৰভগীয়াত কোভিড ভেক্সিন প্ৰদান প্ৰক্ৰিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ উত্তেজিত লোকে শিল-ইটা বৰ্ষন কৰে স্বাস্থ্য কৰ্মীক লক্ষ্য কৰি। কথমতি ৰক্ষা পৰে বৰছলা নতুন প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীৰ দলটো।একাংশ ৰাজনৈতিক নেতাই একাংশ লোকক উত্তেজিত কৰাৰ অভিযোগ বৰছলা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ।

১২. কামৰূপ জিলাৰ বকোত বুধবাৰেও চিকিৎসালয় এখনৰ গাণনিকৰ বিৰূদ্ধে তিনিটাকৈ ৰাভা সংগঠনে প্ৰতিবাদ জনোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনাৰ বিৱৰণী মতে ৪৮নং বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বকোৰ ধূপগুৰী ৰাজ্যিক চিকিৎসালয়ৰ গাণনিক তিলক কলিতাই চিকিৎসালয়খনত মইমতালিৰে কাম-কাজ কৰি অহাৰ অভিযোগ তুলি কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে।

১৩. পেগাছাছ'ৰ জালত অসমৰ দুগৰাকী নেতা।সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জলকুমাৰ ভট্টাচাৰ্যৰ ফোন পেগছাছৰ জৰিয়তে টেপিঙৰ তথ্য লাভ। আলফা নেতা অনুপ চেতিয়াৰ ফোন পেগছাছৰ জৰিয়তে টেপিং কৰাৰ তথ্য লাভ।ইজৰাইলী চোৰাংচোৱা তথ্য-প্ৰযুক্তি পেগছাছৰৰ জৰিয়তে দেশৰ প্ৰায় ৩ শতাধিক ৰাজনৈতিক নেতা, সাংবাদিক, সংগঠনৰ নেতাৰ ফোন টেপিহৰ তথ্য পোহৰলৈ আহিছিল কিছুদিন পূৰ্বে।

১৪. গোলাঘাট জিলাৰ কেইবাজনো উদ্যমী শিক্ষক শিক্ষয়িত্ৰীৰ উদ্যোগত গঢ় লৈ উঠা ফাৰ্ষ্ট ফাইভ আৰু লজিকেল মাইণ্ডৰ ৰ উদ্যোগত মে মাহৰ পৰা চলি অহা বিভিন্ন বিদ্যায়তনিক আৰু অবিদ্যায়তনিক অনুষ্ঠানৰ লগত সংগতি ৰাখি ২২ তম আলোচনা সত্ৰ "কেৰিয়াৰ ইন মেডিয়া এণ্ড জাৰ্নেলিজীম" বিষয়ৰ ওপৰত ২১ জুলাই, বুধাবাৰে এখন মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্বৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান 'বি. বি. চিৰ নতুন দিল্লীৰ সম্পাদক প্ৰমুখ, দিল্লীৰ আমেৰিকান দূতাৱাসৰ পূৰ্বৰ মুখ্য সংবাদ বিশেষজ্ঞ, কেইবাখনো ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত সাংবিদাকতাৰে অভিজ্ঞতাপুষ্ট অসমৰ সু-সন্তান শচীন গগৈয়ে এই আলোচনা সত্ৰৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

১৫. বৃহস্পতিবাৰৰ পৰা পুনৰ আৰম্ভ হ'ব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ৰ'পৱে সেৱা। পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ চলিব এই সেৱা। কোভিড প্রট'কল মানি ৰ'পৱেত উঠিব পাৰিব যাত্রীসকলে। কোভিডৰ দ্রুত সংক্রমণৰ বাবে বিগত ৬ মে'ৰ পৰা বন্ধ হৈ আছিল এই সেৱা।

১৬. ইফালে জি এম ডি এয়ে এক জাননীৰ জৰিয়তে ৰ'পৱেৰ ভাৰা সলনি হোৱাৰ কথা প্ৰকাশ কৰিছে। সাধাৰণ জনতাৰ বাবে পূৰ্বৰ তুলনাত ৫০ শতাংশ ভাড়া বৃদ্ধি কৰা হৈছে।পূৰ্বৰ অহা-যোৱা ভাড়া আছিল ১০০ টকা। বৃহস্পতিবাৰৰ পৰা এই মূল্য ১৫০ টকালৈ বৃদ্ধি হ'ব।

১৭. আনহাতে এবাৰ পাৰ হ'লে ৬০ টকাৰ পৰিৱৰ্তে ১০০ টকালৈ বৃদ্ধি কৰা হৈছে ভাৰা। ৩ বছৰ বয়সৰ পৰা ১২ বছৰীয়া শিশু, কিশোৰ আৰু জ্যেষ্ঠ নাগৰিকৰ ভাড়া হ্রাস কৰি আধা কৰা হৈছে। বিশেষভাৱে সক্ষম লোকৰ ভাৰা সম্পূৰ্ণ ৰেহাই দিয়া হৈছে।

১৮. হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত পিৰবজাৰত বুধবাৰে মোৰাঝাৰ আৰক্ষীয়ে অভিযান চলাই দুজন কুখ্যাত গাঞ্জা আৰু ব্ৰাউন সুগাৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়৷ মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অচ্যুত ফুকন আৰু এচ আই শান্তনু ৰয়ে এক গোপন সূত্ৰৰ পম খেদি পীৰবজাৰৰ এখন দোকানৰ পৰা অভিযান চলাই দুয়োকে গাঞ্জা আৰু ব্ৰাউন চুগাৰসহ আটক কৰে।

১৯. কৰুণাধাৰা' দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্তই জনোৱা মতে জটিল ৰোগত আক্ৰান্ত শিশু ক্ৰমে- বৰকলা বাগিছাৰ বিকাশ বৰুৱা, মঙলদৈ বৰুৱাপাৰাৰ জয়শ্ৰী বাঢ়ৈ, ওদালগুৰি জিলাৰ মুদৈবড়িৰ নিশিতা চহৰীয়াক ৯ হাজাৰ টকাকৈ চেক আৰু ছিপাঝাৰ চেঙাপাৰাৰ নীলাধৰ কুমাৰক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। এই চেক প্ৰদান কাৰ্যসূচীত ওদালগুৰি জিলা সহায়ক সমিতিৰ সম্পাদক ৰেৱতী ৰমণ চাপকোটা আৰু দৰং জিলা সহায়ক সমিতিৰ সহকাৰী সম্পাদক শেখৰ মজুমদাৰ, বিজয় ডেকা আদি উপস্থিত থাকে।

২০. কলিয়াবৰৰ কেলিডেন চাহ বাগিচাৰ এগৰাকী দুৰ্ভগীয়া যুৱতী পূজা মাদ্ৰাজীয়ে জীৱনৰ চৌধতা বসন্ত শয্যাগত অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হোৱা ঘটনাই বিভিন্নজনক আবেগিক কৰি তুলিছে ৷ পখিলা খেদাৰ বয়সতে চতুৰ্থমান শ্ৰেণীত পঢ়ি থকাৰ সময়তে লগৰীয়াৰ সৈতে খেলি থাকোতে দুৰ্ঘটনা সংঘটিত হৈ পৰবৰ্তী সময়ত পূজাই বিচনাখনকেই সংগীৰূপে আকোৱালি লবলগীয়া হয়।জেষ্ঠ ভাতৃয়ে কান্ধত লৈ বিদ্যালয়লৈ অনা নিয়া কৰি নৱম শ্ৰেণী লৈকে শিক্ষা গ্ৰহণ কৰালে

২১. আত্মসম্পৰ্ণ কৰিব দুধৰ্ষ এম বাথাই। অসম আৰক্ষীয়ে বাথাৰ মূৰৰ মূল্য নিৰ্ধাৰণ কৰিছিল ১০ লাখ টকা। সূত্ৰ অনুসৰি বাথাৰ আত্মসমৰ্পণ কৰাৰ প্ৰক্ৰিয়া ৰাজনৈতিকভাৱে আৰম্ভ হৈছে। বাথাৰ লগতে আত্মসমৰ্ণন কৰিব ৬ জন অন্য নেতাৰ সৈতে মুঠ ৬০ জন কেডাৰে।

২২. শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান। অনুষ্ঠানত অংশগ্রহণ কৰে আৰএছএছ প্রমুখ মোহন ভাগৱতৰ।
অনুষ্ঠানটিত উপস্থিত আছিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাও।এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ননী গোপাল মহন্তৰ গ্রন্থ
'Citizenship Debate Over NRC & CAA' শীৰ্ষক গ্রন্থ উন্মোচন কৰা হয়।

২৩. অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কয় অসমৰ বৌদ্ধিক মহল বামপন্থীৰ দ্বাৰা ডমিনেটেড। আমাৰ বাবে এখন ভাল গ্রন্থ লিখিছে ননী গোপাল মহন্তই। দিল্লী আৰু অসমত 'কা'ক লৈ কৰা প্রতিবাদৰ পাৰ্থক্য আছে।

২৪. দিল্লীৰ ৰাজপথত বুধবাৰৰ নিশা পুনৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীক যৌন আতিশয্য চলোৱাৰ অপচেষ্টা চলায় কেইজন মান লোকে।দিল্লীৰ হজ খাছ অঞ্চলত নিশা প্ৰায় ৮.৩০ মান বজাত সংঘটিত হৈছে এই ঘটনা। উত্তৰ-পূৰ্বাঞ্চলৰ কেইগৰাকীমান যুৱতীয়ে নিশা পথেৰে গৈ থকা অৱস্থাতে কেইজনমান লোকে তেওঁলোকক আগভেটি ধৰে আৰু অশ্লীল প্ৰস্তাৱ দিয়ে।ইয়াৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতী কেইগৰাকীয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰে আৰু লোক কেইজনক তৰ্জন-গৰ্জন কৰি উভতি ধৰে।

২৫. দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষী আৰু চোৰাং ব্যৱসায়ীৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহত হৈছে এটি হাতী।প্ৰাপ্ত খবৰ অনুসৰি অসম-অৰুণাচল সীমান্তৰ হাকুনগুৰি বীটৰ বাসৱনালা অঞ্চলত ১৯ জুলাইত সংঘটিত হৈছিল উক্ত সংঘৰ্ষৰ ঘটনা।মঙলবাৰে বন বিভাগৰ কৰ্মীয়ে সংঘৰ্ষস্থলীৰ পৰা এটা হাতীৰ মৃতদেহ উদ্ধাৰ কৰে। স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে অৰুণাচলৰ বহু লোকে অসমৰ ভূমিত প্ৰৱেশ কৰি ব্যাপক বেদখন কৰি আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in