১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. মেডিচিনৰ বাবে ২০২১ বৰ্ষৰ ন'বেল বঁটা ঘোষণা কৰা হৈছে। এইবাৰ আমেৰিকাৰ ডেভিড জুলিউছ আৰু আৰ্ডেম পাটাপৌটিয়ানক যৌথভাৱে এই বঁটাৰে সন্মানিত কৰা হৈছে। ১৯৫৫চনত আমেৰিকাৰ নিউয়ৰ্কত জন্ম গ্ৰহণ কৰিছিল ডেভিড জুলিউছে। ১৯৮৪চনত কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল তেওঁ। তেওঁ বৰ্তমান ছেন ফ্ৰান্সিছক'ৰ ইউনিভাৰ্ছিটী অৱ কেলিফৰ্নিয়াত অধ্যাপক ৰূপে কৰ্মৰত।

২. আৰ্ডেম পাটাপৌটিয়ানৰ জন্ম হৈছিল ১৯৬৭ চনত লেবনানৰ বেৰুতত। পাছত তেওঁ আৰু পৰিয়ালৰ লোক আমেৰিকাৰ লছ' এঞ্জেলিছলৈ গুচি আহে। ১৯৯৬চনত কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকন'লজী, পেছাডেনাৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে পাটাপৌটিয়ানে।

৩.গৰুখুঁটিৰ ঘটনাক কেন্দ্ৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গোচৰ।৬/২২১ নম্বৰচত পঞ্জীয়ন কৰা হৈছে ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ।এই গোচৰৰ উত্তৰ দিবলৈ ৭ অক্টোবৰলৈ সময় লৈছ অসম চৰকাৰে।গৰুখুঁটিৰ ঘটনাক কেন্দ্ৰ কৰি অসম নাগৰিক সমাজে মুখ্য ন্যায়াধীশলৈ প্ৰেৰণ কৰিছিল পত্ৰ।ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে ৰুজু কৰিছে নিজাববীয়া গোচৰ।

৪. দিছপুৰ আৰক্ষীৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক আভাৰাণী গগৈৰ ৰিজাৰ্ভ ক্ল'জ।দিছপুৰ আৰক্ষীৰ ট্ৰেফিক ব্ৰাঞ্চৰ উপ-পৰিদৰ্শক শ্বাহিৰ আলীৰো ৰিজাৰ্ভ ক্ল'জ।দুয়োগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ।লসুৰামত্ত হৈ নিশা গাড়ী চলাই ৯ জন শ্ৰমিকক আহত কৰিছিল ৰাজকন্যা বৰুৱায়।

৫. তিনিচুকীয়াৰ লিডু বজাৰত সেনা-আৰক্ষীৰ অভিযান।জগদীশ চৌহান নামৰ এগৰাকী ব্যক্তিৰ ঘৰত অভিযান চলাই সেনা-আৰক্ষীয়ে।অভিযানত ৪৭ লাখ ৫০ হাজাৰ নগদ টকা উদ্ধাৰ কৰা হয়।জানিব পৰা মতে, জগদীশ চৌহানৰ আছে দুখনকৈ শুকান মাছৰ দোকান।উদ্ধাৰ কৰা ধনখিনিকলৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

৬.  উত্তৰ প্ৰদেশৰ লখিমপুৰত বিজেপি নেতাৰ পুত্ৰই প্ৰতিবাদকাৰী কৃষকক হত্যা কৰাৰ পিছত সোমবাৰে চৰকাৰ আৰু কৃষক নেতাসকলৰ মাজত এক বুজাপৰাৰ চুক্তি সম্পাদন হৈছে। এই চুক্তি অনুসৰি চৰকাৰে মৃতকৰ পৰিয়ালক ৪৫ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।ইয়াৰ উপৰিও মৃতকৰ পৰিয়ালৰ এজন সদস্যক চৰকাৰী চাকৰি দিয়া হ'ব।আনহাতে ঘটনাৰ ন্যায়িক তদন্তৰ লগতে ৮ দিনৰ ভিতৰত অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিয়া হৈছে।

৭. পঞ্জাৱৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ভাৰত বি. আচুৱে কৈছে যে ৰাজস্থানৰ পৰা কম দামৰ ধান কঢ়িওৱা এখন ট্ৰাক সাৰদুলগড়ত পঞ্জাৱত প্ৰৱেশ কৰোঁতে বাধা প্ৰাপ্ত হৈছিল। পঞ্জাৱ তথ্য আৰু জনসম্পৰ্ক বিভাগে জনোৱা অনুসৰি এই ঘটনাৰ বিৰুদ্ধে এফআইআৰ পঞ্জীয়ন কৰা হৈছে। পঞ্জাৱ তথ্য

৮. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙ্গলবাৰে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ইন্দিৰা গান্ধী প্ৰতিস্থানত 'Azadi@75-নিউ আৰ্বান ইণ্ডিয়া: ট্ৰান্সফৰ্মিং আৰ্বান লেণ্ডস্কেপ' কনফাৰেন্স-কাম-এক্সপো উদ্বোধন কৰিব।

৯. মঙ্গলবাৰে প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাৰ ৭৫,০০০ হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰগৃহৰ চাবি ডিজিটেলভাৱে হস্তান্তৰ কৰিব আৰু লগতে আঁচনিখনৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব। তেওঁ ৭৫ টা নগৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলাও উদ্বোধন কৰিব।

১০. যুৱ কংগ্ৰেছৰ সদস্যসকলে লখিমপুৰ খেৰী হিংসাৰ ঘটনাৰ বিৰুদ্ধে দিল্লীত এক প্ৰতিবাদ সাব্যস্ত কৰে।দেওবাৰে সংঘটিত হোৱা এই প্ৰতিবাদৰ সময়ত ৪ জন কৃষকসহ ৮ জন লোকে প্ৰাণ হেৰুৱায়।

১১. ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত ব্যক্তিয়ে বিদেশত বিনিয়োগ কৰি তথ্য লুকুওৱাৰ অভিযোগ উত্থাপন কৰিছে অনুসন্ধানকাৰী সাংবাদিকৰ এটা আন্তৰ্জাতিক সংগঠনে।তথ্য লুকুৱাই ৰখা এই জনপ্ৰিয় ব্যক্তিসকলৰ তালিকাত ক্ৰিকেটৰ ভগৱান হিচাপে স্বীকৃতি পোৱা শচীন তেণ্ডুলকাৰ, পাঞ্জাৱ নেচনেল বেংক কেলেংকাৰীৰ মূল নায়ক নীৰৱ মোডীৰ ভগ্নী পূৰ্বী মোডী, অনিল আম্বানি, পপ গায়িকা ছাকিৰা, ৰাজনীতিবিদ টনি ব্লেয়াৰ আদি ব্যক্তিৰ নাম।

১২. ইণ্টাৰনেচনেল কনচৰ্টিয়াম অফ ইনভেষ্টিগেটিভ জাৰ্নালিষ্টৰ (আই চি আই জে) এই প্ৰতিবেদনক 'পাণ্ডোৰা পেপাৰছ' বুলি নামাকৰণ কৰা হৈছে। কিয়নো এই সংগঠনে এই প্ৰতিবেদনৰ জৰিয়তে সমাজৰ অভিজাত লোকসকলৰ উপৰিও বিদেশত দুৰ্নীতিগ্ৰস্ত লোকসকলৰ গোপন চুক্তিৰ কথা উল্লেখ কৰিছে।এই প্ৰতিবেদনে কেনেকৈ এই লোকসকলে বিদেশত মিলিয়ন ডলাৰৰ সম্পত্তি লুকুৱাই ৰাখিছে সেই বিষয়ে উল্লেখ কৰিছে।

১৩. গীতিকাৰ জাভেদ আখটাৰৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ণ। মুম্বাই আৰক্ষীয়ে জাভেদ আখটাৰৰ ৰুজু কৰিছে এই গোচৰ।আৰ আৰ এছৰ বিৰুদ্ধে বলিউদৰ গীতিকাৰ গৰাকীয়ে কৰিছিল মন্তব্য।জাভেদ আখটাৰে এক সাক্ষাৎকাৰত কৈছিল আৰ এছ এছৰ সমৰ্থন কৰা লোকসকলৰ মানসিকতা তালিবানৰ দৰে। যিসকলে আৰ এছ এছক সমৰ্থন কৰে তেওঁলোকে নিজকে পৰীক্ষা কৰা উচিত। ইয়াৰোপৰি তেওঁ কৈছিল আৰ এছ এছ আৰু তালিবানৰ মাজত কোনো পাৰ্থক্য নাই।

১৪. কৃষকৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰি পুনৰ চৰ্চালৈ আহিছে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল। মুখ্যমন্ত্ৰী মনোহৰ লালে দেওবাৰে চণ্ডিগড়ত প্ৰগতিশীল কৃষকসকলৰ এখন বৈঠকত কয় যে উত্তৰ-পশ্চিম হাৰিয়ানাৰ প্ৰতিখন জিলাত কৃষকসকলৰ বিৰুদ্ধে হাতত লাঠি লোৱা স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগে।

১৫. মুখ্যমন্ত্ৰীয়ে মনোহৰ লালে কয় যে উত্তৰ-পশ্চিম বাৰিয়ানাৰ প্ৰতিখন জিলাত আন্দোলনকাৰী কৃষকৰ বিৰুদ্ধে ৫০০ ৰ পৰা ৭০০ বা ১০০০ লাঠি লোৱা স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগে।তেওঁ কয়, লাখুটি তুলি লওঁতে জামিনৰ বিষয়ে চিন্তা নকৰিব। ১ মাহ, 2 মাহ, ৬ মাহ ভিতৰত থাকিব, এই সভাবোৰতো ইমান অধ্যয়ন নহ'ব। যদি আপুনি তাত (জেলত) ২-৪ মাহ থাকে তেনে আপুনি স্বয়ংক্ৰিয়ভাৱে এজন ডাঙৰ নেতা হ'ব।

১৬. কৰোনা সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়ক চৰকাৰী সাহায্য প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন হৈ আহিছিল। ইয়াৰ মাজতে এই বিষয়টোক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বতিৰ্কৰো। কিন্তু দেশৰ উচ্চতম ন্যায়ালয়ে সোমবাৰে কোৰোনা সংক্ৰমণৰ ফলত মৃত্যুৰ বাবে ৫০,০০০ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনাত অনুমোদন জনাইছে।

১৭. পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৭ অক্টোবৰত বিধান সভাত শপত ল'ব।পশ্চিম বংগৰ মন্ত্ৰী পাৰ্থ চেটাৰ্জীয়ে কয় যে আমি ৰাজ্যপালক মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণত উপস্থিত থাকিবলৈ অনুৰোধ জনাইছো।

১৮.জম্মু-কাশ্মীৰৰ পুঞ্চ-টি ইউ এম ষড়যন্ত্ৰৰ গোচৰত তেহৰিক-উল-মুজাহিদীনৰ দুজন সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এন আই এয়ে পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰিছে। অভিযুক্ত ব্যক্তিসকল ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপ সম্পাদন কৰাৰ বাবে টি ইউ এমৰ পাকিস্তান-ভিত্তিক হেণ্ডলাৰসকলৰ দ্বাৰা ৰচনা কৰা ষড়যন্ত্ৰৰ অংশ আছিল বুলি এন আই এয়ে প্ৰকাশ কৰিছে।

১৯. উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে সোমবাৰে মেদান্ত চিকিৎসালয় লক্ষ্ণৌ পৰিদৰ্শন কৰে আৰু তেওঁৰ অসুস্থতাৰ বাবে ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ অধ্যক্ষ মহন্ত নৃত্য গোপাল দাসক সাক্ষাৎ কৰে।

২০. পঞ্জাৱৰ মুখ্যমন্ত্ৰী চি এছ চান্নীয়ে কয় যে আমি লখিমপুৰ খেৰীত সংঘটিত দুৰ্ভাগ্যজনক ঘটনাটোক গৰিহণা দিছো আৰু দোষীক গ্ৰেপ্তাৰ কৰা উচিত। এই ঘটনাটোৰ আঁৰৰ কাৰণ হৈছে তিনি কৃষি আইন। মই মোৰ মন্ত্ৰীসকলৰ সৈতে ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতক লগ কৰিছিলো আৰু তেওঁক তিনিখন কৃষি আইন বাতিল কৰিবলৈ স্মাৰকপত্ৰ দিছো।

২১. গোৱাত ৪ অক্টোবৰ সোমবাৰে ৪৩ জনৰ দেহত নতুনকৈ কোৰোনা সংক্ৰমণ ঘটিছে।আনহাতে দিনটোত৮৪ গৰাকী লোক কোৰোনাৰ পৰা মুক্ত হৈছে। ৩ জন কোৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে।ৰাজ্যখনত বৰ্তমান কোৰোনাত আক্ৰান্ত হৈ থকা ব্যক্তিৰ সংখ্যা ৭২৯ গৰাকী।

২২. কৰ্ণাটক বিধানসভাৰ বিৰোধী দলৰ নেতা সিদ্ধাৰামাইয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ লগতে দলৰ আন নেতাসকলে লখিমপুৰ খেৰী হিংসাৰ ঘটনা আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাক আটক কৰাৰ বিৰুদ্ধে বেংগালুৰুত প্ৰতিবাদ সাব্যস্ত কৰে।

২৩. কেন্দ্ৰীয় চৰকাৰে সোমবাৰে নিৰ্দেশ দিছে যে, চিবিডিটিৰ অধ্যক্ষৰ নেতৃত্বত পাণ্ডোৰা পেপাৰছ লিকৰ ঘটনাৰ তদন্ত নিৰীক্ষণ কৰা হ'ব। চিবিডিটি, প্ৰৱৰ্তন সঞ্চালকালয়, ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বিত্তীয় চোৰাংচোৱা গোটৰ প্ৰতিনিধি এই তদন্ত নিৰীক্ষণ কমিটীত থাকিব।

২৪. সোমবাৰে নিশা প্ৰায় ৯-২০ বজাৰ পৰা হোৱাটছএপ বন্ধ হৈ পৰিছে।ব্যৱহাৰকাৰীসকলে হোৱাটছএপত বাৰ্তা প্ৰেৰণ কৰাৰ লগতে বাৰ্তা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই।

২৫. কেৱল হোৱাটছএপেই নবয় ফেচবুক, ইনষ্টাগ্ৰামো বন্ধ হৈ পৰিছে।নিশা প্ৰায় ৯-২০ বজাৰ পৰায়ে ফেচবুক, হোৱাটএছ আৰু ইনষ্টাগ্ৰামৰ চাৰ্ভাৰ ডাউন হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in