১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ২৪ ঘণ্টাৰ ভিতৰতে ওড়িশাত ধ্বংসলীলা চলালে সাগৰীয় ঘূৰ্ণিবতাহ ফেনীয়ে। সাগৰীয় ঘূৰ্ণিৰ কৱলত পৰি ধ্বংসস্তুপত পৰিণত হ'ল পুৰী, ভুৱনেশ্বৰ, কটককে ধৰি ওড়িশাৰ বহু অঞ্চল। কালধুমুহাই ১২জনৰ প্ৰাণ লোৱাৰ লগতে আহত হৈছে শতাধিক লোক।

২. ফেনীৰ প্ৰকোপত বাংলাদেশত ১৫জনৰ মৃত্যু। প্ৰাণ হেৰুওৱা ১৫জন লোক নৌখলী, ভোলা, লক্ষ্মীপুৰ, পতুআখলী, বাগেৰহাট, কিশোৰগঞ্জ, নেত্ৰকোণা আৰু ব্ৰাহ্মণবেৰিয়া ইত্যাদি ৮খন জিলাৰ।

৩. পলাশবাৰী আৰক্ষীৰ জালত শনিবাৰে পৰে ৫ দুৰ্ধৰ্ষ বাইক চোৰ। চোৰ কেইটা হৈছে মিণ্টু আলী, নিৰুদ্ধ ৰাভা, অপূৰ্ব ৰাভা, দেৱকান্ত ৰাভা আৰু জেচিন কুমাৰ ৰাভা।

৪. আই পি এলত ৰাজকীয় ইনিংছেৰে উজলিল ৰিয়ান পৰাগ। মাত্ৰ ৪৭টা বলত ৰিয়ানে সংগ্ৰহ কৰে ৫০ ৰান। আই পি এলত অৰ্ধশতক কৰা কণিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হ'ল ৰিয়ান পৰাগ।

৫. ঢলা শদিয়াত হিন্দীভাষীৰ হত্যাকাণ্ডৰ গোচৰ প্ৰসংগত অভিযুক্ত আলফাৰ লিংকমান জিন্টু গগৈক জামিন প্ৰদান নিয়াৰ আদালতৰ। গগৈৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিব নোৱাৰাৰ বাবে তেওঁ পালে জামিন।

৬. অসম আন্দোলন সৈতে জড়িত জেষ্ঠ অধিবক্তা কমল নায়কে শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ থকা জেষ্ঠ অধিবক্তাগৰাকীৰ মৃত্যু হয় এপল' হাস্পতালত।

৭. মহানগৰীৰ ন-মাইলত শনিবাৰে ডি আৰ আইয়ে অভিযান চলাই। অভিযানত প্ৰায় ২০ লাখ টকা মূল্যৰ বৃহৎ পৰিমাণৰ চীনা চিগাৰেট জব্দ কৰা হয়।

৮. অসমৰ লগতে উত্তৰ পূৰ্বৰ বিভিন্ন ঠাইত শনিবাৰে দেখিবলৈ পোৱা যায় ফেনীৰ পাৰ্শ্বক্ৰিয়া। শনিবাৰে মেঘালয়তো ফেনীৰ ফলত প্ৰৱল বৃষ্টিপাত তথা ধুমুহা দেখিবলৈ পোৱা যায়।

৯. উচ্চ ন্যায়ালয়ত পুনৰ মুখথেকেচা খালে ৰাকেশ পালে। চিআইডিৰ ২৭/১৮ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে জামিন। জামিন নাকচ ন্যায়ালয়ৰ।

১০. টীয়কত হোৱা প্ৰৱল প্ৰতিবাদৰ পিছতে শনিবাৰে উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰিলে চাৰিলেনযুক্ত ঘাইপথৰ নিৰ্মাণ কাৰ্যৰ।

১১. 'যথেষ্ট বদনাম হৈছে, ৰাইজে যথেষ্ট দুৰ্ভোগ ভুগিছে। কাম ভালদৰে কৰক, দ্বিতীয়বাৰ অভিযোগ আহিলে কথা বেয়া হ'ব।' শনিবাৰে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ দুৰৱস্থা দেখি খঙেৰে নিৰ্মাণকাৰী সংস্থাৰ কৰ্মচাৰীক এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী সৰ্বাননদ সোণোৱালে।

১২. শনিবাৰে দিছপুৰৰ বাঘেশ্বৰী মন্দিৰৰ সমীপত সংঘটিত হয় অঘটন। তিনি মহলীয়া অট্টালিকাৰ পৰা পৰি আহত হয় এগৰাকী কিশোৰী।

১৩. শনিবাৰে কলকাতাত উপস্থিত হয় নলবাৰীৰ ৩৪ জনীয়া তীৰ্থযাত্ৰীৰ দল। ইফালে এই দলটোত আছিল ২জন বাইহাটাৰ তীৰ্থযাত্ৰী।

১৪. বিধ্বংসী 'ফেনী'ৰ বাবে দেশৰ পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত বিঘিনি। শনিবাৰে ৰাঁছিত বাতিল অমিত শ্বাহৰ ৰোড শ্ব'। বাতিল হ'ল যোগী আদিত্যনাথৰো ৰে'লী।

১৫. শনিবাৰে ২১ অনুপ্ৰৱেশকাৰীক বাংলাদেশলৈ কৰা হয় প্ৰত্যাৰ্পণ। কৰিমগঞ্জৰ সূতাৰকান্দি সীমান্তৰে প্ৰত্যাৰ্পণ

১৬. শনিবাৰে অন্ত পৰে দেশৰ পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ। সোমবাৰে হ'ব ভোট গ্ৰহণ।

১৭. ৰোড শ্ব'তে এজন লোকে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক প্ৰহাৰ কৰাৰ ঘটনাক নিন্দা কৰে মমতা বেনাৰ্জীয়ে। তেও কয়- আমি আপোনাৰ সৈতে সদায় আছো।

১৮. আম আদমী পাৰ্টিৰ এক মোক্ষম আঘাত। পঞ্জাৱৰ পুব মানসা সমষ্টিৰ বিধায়ক নজৰ সীঙে যোগদান কৰিলে কংগ্ৰেছত।

১৯. 'লোকসভা নিৰ্বাচনৰ পাছত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ চকী কপিঁবলৈ আৰম্ভ কৰিব।' এই মন্তব্য অমিত শ্বাহৰ।

২০ 'ৰমজান মাহত কোনোধৰণৰ সন্ত্ৰাসৰ সৃষ্টি নকৰিব' মেহবুবা মুফতিয়ে এই আহ্বান কৰিলে সন্ত্ৰাসবাদী সংগঠন সমূহলৈ।

২১. 'এটা সময় আছিল যেতিয়া ভাৰতৰ নেতা সকলে কান্দে, এতিয়া পাকিস্তানৰ নেতাই কান্দে' এই মন্তব্য প্ৰধানমন্ত্ৰী মোডীৰ।

২২. 'আমথিত বিজেপিয়ে এজন এজন গাওবুঢ়াক দিছে ২০ হাজাৰ টকাকৈ উৎকোচ' এই অভিযোগ প্ৰিয়ংকা গান্ধীৰ।

২৩. প্ৰসংগ মি টু, মন্ত্ৰী এম জে আকবৰ শনিবাৰে হাজিৰ হ'ল আদালতত। ২০ মে'ত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ।

২৪. 'আপোনালোকে মোক স্নেহৰ পাঠ পঢ়াইছে।' আমেথিবাসীলৈ এনেদৰে আৱেগিক পত্ৰ লিখিলে ৰাহুল গান্ধীয়ে।.

২৫. উত্তৰ কোৰিয়াই শনিবাৰে পুনৰ প্ৰক্ষেপন কৰিলে মিছাইল। কপি উঠিল দক্ষিণ কোৰিয়া। পুৱা ৯.০৬ বজা আৰু ৯.২৭ বজাত প্ৰক্ষেপন কৰিলে এই মিছাইল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in