এলাগী ৰাজ্যভাষা

এলাগী ৰাজ্যভাষা

ভাষাৰ প্ৰতিষ্ঠা আৰু সুৰক্ষাৰ সংগ্ৰামখন দীঘলীয়া। বহুজনৰ আশাশুধীয়া প্ৰচেষ্টা আৰু আত্মবলিদানৰ পিচতহে অসমীয়া ভাষায়ো ৰাজ্যভাষাৰ মৰ্যাদা লাভ কৰিছিল। এই মর্যাদা লাভৰ দীৰ্ঘকালৰ পিচতো অসমীয়া ভাষাৰ সংকট আঁতৰা নাই। এতিয়া অসমৰ মুঠ জনসংখ্যাৰ ৪৮.৩৮ শতাংশহে অসমীয়াভাষী। গতিকে আইৰ মুখৰ ভাষাটো ৰক্ষাৰ বাবে প্ৰতিজন সচেতন অসমীয়াৰ হৃদয় জাগৰুক হ'বই লাগিব। কিন্তু যি সময়ত বিভিন্ন ৰাজ্যই নিজ নিজ ৰাজ্যভাষাৰ সুৰক্ষাৰ হকে কঠোৰ নীতি-নিয়ম বলবৎ কৰি আহিছে, সেই সময়ত অসমত চৰকাৰীভাৱেই মূল ৰাজ্যভাষা অসমীয়াক সংকটলৈ ঠেলি দিব খোজাটো নিশ্চয়কৈ চিন্তাৰ বিষয়।

ভাষাৰ সংকট মানেই জাতিৰো ভবিষ্যৎ বিপদাপন্ন। গতিকে অসমীয়াবিৰোধী কৰ্ম-কাণ্ডৰে শাসনাধিষ্ঠিত চৰকাৰখনে জাতি-মাটি ভেটি ৰক্ষাৰ অংগীকাৰ কিদৰে সাৰ্থক কৰিব তাক লৈ প্রশ্ন উত্থাপন হোৱাটো স্বাভাৱিক। অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাত ভাষাৰ প্রতিবন্ধকতা দূৰ কৰাৰ বাবে শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্ত আপাতদৃষ্টিত সজ প্রচেষ্টা যেন লাগিলেও ই অসমীয়া ভাষাক নিজ ৰাজ্যতে এলাগী কৰাৰ প্ৰক্ৰিয়াহে ত্বৰান্বিত কৰিব। সেয়ে চৰকাৰৰ এই সিদ্ধান্ত অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ অনুকূল বুলি ৰাজ্যৰ জাতীয় দল-সংগঠনসমূহ সমূলি পতিয়ন যাব পৰা নাই।

জনমতক উপেক্ষা কৰি 'কা' জাপি দিয়া বিজেপি চৰকাৰৰ ই অসমীয়া জাতিবিৰোধী পদক্ষেপ হিচাপেই সর্বত্র চৰ্চিত হৈছে। দল-সংগঠনসমূহৰ মতে এ পি এছ চিত ইংৰাজীৰ লগতে অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত প্রত্যাহাৰ কৰি অসমত থকা যিকোনো ভাষী লোকেই অসম প্রশাসনিক সেৱাৰ চাকৰি পোৱাৰ পথ প্রশস্ত কৰা হ'ল। সেই প্ৰক্ৰিয়াৰে নিযুক্তি পোৱা অসমীয়া লিখিব নজনা বিষয়াসকলে ভৱিষ্যতে চৰকাৰী কাম-কাজত ৰাজ্যভাষা অসমীয়া প্ৰৱৰ্তনত কিমান গুৰুত্ব দিব সেয়া সহজেই অনুমেয়। কেবিনেটে এ পি এছ চি পৰীক্ষাৰ আবেদনকাৰী অসমৰ বাসিন্দা হোৱাৰ বাবে ৰখা চৰ্ত নিশ্চয়কৈ আদৰণীয়। পিচে বহিৰাগতৰ আগ্ৰাসনত বিপন্ন ৰাজ্যখনত অসাধু চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে ইয়াক লৈ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ ৰমৰমীয়া বজাৰ বহুওৱাৰ সুবিধা পালে, সেই চৰ্ত অৰ্থহীন হ'বলৈ বেছিপৰ নালাগিব।

ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…

প্ৰাৰ্থীয়ে অসমীয়া আৰু অসমৰ সহযোগী ৰাজ্যভাষা বা অসমৰ জনজাতীয় ভাষাৰ যিকোনো এটা সলসলীয়াকৈ ক'ব পাৰিব লাগিব বুলি সিদ্ধান্ত লোৱা হৈছে যদিও ভাষা জ্ঞানৰ এই সাৱলীলতা নিৰূপণ কৰাৰ প্ৰক্ৰিয়াৰ ওপৰতে বিষয়টোৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰিব। কিন্তু ভাষাৰ বাধা আঁতৰোৱাৰ নামত চৰকাৰৰ শিথিল দৃষ্টিভংগীয়ে সংযোগী বা মূল ভাষা হিচাপে অসমীয়া গ্ৰহণ কৰি অহাজনজাতীয় শিক্ষাৰ্থীসকলৰ বাবেও অসমীয়া পঢ়াৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব। থলুৱা জাতি জনজাতিৰ ভাষা-কৃষ্টিৰ সুৰক্ষাৰ হকে ব্যৱস্থা লোৱাৰ সমান্তৰালকৈ ৰাজ্যভাষা শক্তিশালী কৰাটোও চৰকাৰৰ অপৰিহাৰ্য দায়িত্ব।

অসমীয়া ভাষাৰ ক্ষতি হ'ব পৰা যিকোনো কাৰ্যৰ পৰা বিৰত থাকি চৰকাৰে সেই দায়বদ্ধতা ৰক্ষা কৰাটোৱেই সকলোৱে বিচাৰে। কিন্তু ইয়াৰ বিপৰীতে চৰকাৰেই অসমীয়া ভাষাৰ সুৰক্ষা আৰু সমৃদ্ধিত অন্তৰায় হ'ব খুজিলে চক্রান্তকাৰীসকলেও আসৈ পায়। ইতিমধ্যে বৰাক উপত্যকাত তাৰ স্পষ্ট প্রতিফলন ঘটিছে। চৰকাৰৰ দুৰ্বলতাৰ বাবেই কেতবোৰ অসমীয়াবিদ্বেষী সংগঠনে বৰাক উপত্যকাৰ পৰা অসমীয়া ভাষাক উচ্ছেদৰ বাবে বাৰম্বাৰ হুংকাৰ দিছে। অসমীয়া ভাষাৰ চৰকাৰী বিজ্ঞাপনৰ ফলকত ক'লা ৰং সানি, ৰাজপথত ধ্বনি দি অসমীয়াৰ স্বাভিমানত আঘাত হনাৰ সাহস কৰিছে। আনকি শেহতীয়াকৈ শিলচৰৰ পৰা অসমীয়া ভাষাৰ বিজ্ঞাপনৰ ফলক আঁতৰাবলৈ প্রশাসনকে চৰম সময়সীমা বান্ধি দিছে।

অসম চৰকাৰে এ পি এছ চি পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া বিষয়ৰ কাকত প্রত্যাহাৰৰ এদিন পিচতে বৰাকত অসমীয়া ভাষাৰ ওপৰত এই আক্রমণ তাৎপৰ্যপূৰ্ণ আৰু অসমীয়াৰ ভৱিষ্যতৰ বাবে অশনি সংকেত। চৰকাৰে অনতিপলমে এই অসমীয়াবিদ্বেষী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি জাতীয় দায়বদ্ধতাৰ পৰিচয় দিয়া উচিত আছিল যদিও ৰাজনৈতিক লাভালাভৰ অংকত বিভোৰ শাসকবৰ্গৰ সেই কথালৈ ভ্রূক্ষেপ নাই। এ পি এছ চিত অসমীয়া ভাষাক এলাগী কৰা বিষয়টোও চৰকাৰখনৰ ৰাজনৈতিক অভিপ্ৰায় পূৰণৰে অংশ বুলি ধাৰণা হৈছে। ভাষাৰ বিষয়ৰ হেঙাৰৰ বাবেই অসমীয়া ল'ৰা-ছোৱালীয়ে এ পি এছ চিৰ পৰীক্ষাত ভাল ফল দেখুওৱাত ব্যর্থ হয় বুলি মুখ্যমন্ত্ৰীয়ে দাঙি ধৰা যুক্তি পতিয়নযোগ্য নহয়।

মন কৰিবলগীয়া যে ইউ পি এছ চি পৰীক্ষাত যোগ্যতা অর্জনৰ বাবে অষ্টম সূচীৰ ভাষাসমূহৰ এখন বাধ্যতামূলক কাকতৰ ব্যৱস্থা বাহাল আছে য'ত অসমীয়া ভাষাৰ কাকততো পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব পাৰে। সেই আৰ্হিতে ২০১৯ চনত তদানীন্তন বিজেপি চৰকাৰে এ পি এছ চিত অসমীয়া কাকত বাধ্যতামূলক কৰিছিল ৷ এতিয়া বিজেপিৰ আমোলতে এ পি এছ চিত অসমীয়া ভাষাৰ কাকতৰ প্ৰত্যাহাৰ কাৰ স্বাৰ্থত কৰা হৈছে সেই কথা কোনেও নুবুজাকৈ থকা নাই। বিষয়টোৱে সুদূৰপ্ৰসাৰী বিৰূপ প্ৰভাৱ পেলোৱাৰ পূৰ্বেই চৰকাৰে ৰাজ্যভাষাক এলাগী কৰা কাৰ্য বন্ধ কৰি জনমতক সন্মান জনোৱা উচিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in