শাসক-বিৰোধীৰ ভূমিকা

শাসক-বিৰোধীৰ ভূমিকা

In a democracy, the opposition not only tolerated as constitutional, but must be maintained because it is indispensable — Walter Lippman.
গণতন্ত্র সার্থক কৰি তোলাত বিৰোধীৰ ভূমিকা গুৰুত্বপূর্ণ। বিৰোধীৰ অপৰিহাৰ্যতা উলাই কৰিব বিচাৰিলে গণতন্ত্রও নিশকতীয়া হ'ব। অর্থাৎ বিৰোধী অবিহনে গণতন্ত্র বৰ্তি থাকিব নোৱাৰে। তেনে অৱস্থাত শাসক পক্ষই যি মন যায়, সেয়া কৰাৰ অৰ্থাৎ স্বৈৰতন্ত্র প্রতিষ্ঠাৰ বাট মুকলি হয়। শেহতীয়াকৈ অসমৰ শাসক দলৰ বিয়াগোম নেতাসকলৰ ক্ষেত্ৰত সেই বেপৰোৱা ভাব-ভংগীয়েই প্রকট হ'বলৈ লৈছে।

স্বয়ং মুখ্যমন্ত্ৰীয়েই ৰাজ্যৰ বিধানসভা প্ৰায় বিৰোধীশূন্য হ'ব বুলি আত্মপ্রসাদ লভা কথাই প্ৰকাৰান্তৰে গণতন্ত্ৰৰে দুৰ্দিনৰ ইংগিত বহন কৰিছে। বিশেষকৈ বিৰোধীৰ তিনিগৰাকী বিধায়কক বিজেপিত যোগদান কৰোৱাৰ পিচত উপ-নিৰ্বাচনত তেওঁলোক বিপুল ভোটত জয়ী হোৱাত বিৰোধী উৎখাত অভিযানত শাসক পক্ষ যেন দুগুণ উৎসাহেৰে নামি পৰিছে। ইতিমধ্যে বিৰোধীৰ আৰু কেইবাজনো বিধায়কক শাসকদললৈ আদৰাৰ কচৰৎ আৰম্ভ হৈছে। কোনো দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আন দলৰ কোনো নেতা-কর্মী আহি সেই দলত যোগদান কৰাটো দোষণীয় বুলি ক'ব নোৱাৰি।

আজিৰ ৰাজনীতিত সেয়া গতানুগতিক কথা। কিন্তু এটা দলৰ পৰা ৰাইজৰ প্ৰতিনিধিৰূপে নির্বাচিত এজন নেতাই দুই-তিনি মাহমানৰ পিচতে আন এটা বিপৰীতধর্মী আদৰ্শৰ দলত যোগ দি ৰাইজৰ ওপৰত উপ-নিৰ্বাচনৰ বোজা জাপি দিয়াৰ যি প্ৰৱণতা সেয়া নিশ্চয়কৈ গৰিহণাযোগ্য। এনে কাৰ্যত শাসক দলৰ প্ৰৰোচনা বৃদ্ধি পোৱাটো ৰাজ্যৰ ৰাজনীতিৰ বাবেই মুঠেই শুভলক্ষণ নহয়। আনহাতে তেনে বিধায়কসকলে নিজৰ অভীষ্টৰ কথা লুকুৱাবলৈ চেষ্টা কৰি সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে শাসক দলত যোগদান কৰা বুলি প্ৰচাৰ কৰাটো ৰাজনৈতিক ভণ্ডামিৰ নামান্তৰহে।

কিয়নো শাসক বিৰোধী উভয় পক্ষৰ সদস্যৰে বিধায়ক পুঁজি ব্যয়ৰ ক্ষমতাকে ধৰি সমষ্টিৰ উন্নয়নকল্পে বহু কাম কৰিব পৰাৰ পৰিসৰ থাকে। সেই ক্ষমতা বা সামর্থ্যৰ সদ্ব্যৱহাৰেৰে বিৰোধী বিধায়ক এজনো দক্ষ জনপ্রতিনিধিৰূপে জিলিকি থাকিব পাৰে। গতিকে কেৱল সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত বিৰোধী পক্ষৰ বিধায়ক এজনে শাসক দলত যোগ দিয়াৰ নিশ্চয় প্রয়োজন নহয়।
উপ-নিৰ্বাচনৰ ফলাফল সচৰাচৰ শাসক পক্ষৰ অনুকূলে হ'লেও শেহতীয়া নির্বাচনটোত ৰাজ্যৰ বিৰোধী দলকেইটাই ঐক্যবদ্ধ যুঁজৰ পৰিবেশ সৃষ্টি কৰিব নোৱৰাটো চৰম দুৰ্বলতাৰ পৰিচায়ক। সেই দুৰ্বলতাৰ সুযোগ লৈয়েই শাসক পক্ষই বিৰোধীৰ অৱশিষ্ট শক্তিখিনিকো নিঃশেষ কৰিবলৈ উঠি-পৰি লাগিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েই এনে এটা ধাৰণা দি আছে যে বিৰোধী দলৰ বিধায়ক থকা সমষ্টিসমূহত উন্নয়ন স্থবিৰ হৈ পৰিব।

অর্থাৎ বিৰোধীৰ সমষ্টিত উন্নয়নমূলক কাম-কাজ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্রী দায়বদ্ধ নহয়, কেৱল শাসক পক্ষৰ বিধায়ক, থকা সমষ্টিকহে উন্নয়নৰ অষ্টাদশী মুকুতাৰ মালাৰে বিভূষিত কৰিব। কিন্তু সকলো সমষ্টিৰ উন্নয়নেৰে ৰাজ্যখন আগুৱাই নিব নোৱাৰিলে মুখ্যমন্ত্রী তথা বিজেপি নেতাসকলৰ অসমক দেশৰ পাঁচখন ৰাজ্যৰ ভিতৰৰ এখন কৰাৰ সপোনে কিদৰে সাকাৰ ৰূপ ল'ব?

আনহাতে উন্নয়নৰ ৰাজনীতিৰ বাবে অংগীকাৰবদ্ধ মুখ্যমন্ত্রীয়ে বিৰোধী সদস্যৰ সমষ্টিসমূহকো সামৰি পাতি দিয়া অভিভাবক মন্ত্ৰীসকলৰেই বা কাম কি হ'ব? কৰ্ম তৎপৰ আৰু ৰাজনৈতিকভাৱে পৰিপক্ক মুখ্যমন্ত্ৰীগৰাকীৰ পৰা ৰাইজে উন্নয়নৰ ক্ষেত্ৰত পক্ষপাতদুষ্ট মনোভাব নিশ্চয় বাঞ্ছা নকৰে। গতিকে মুখ্যমন্ত্ৰীয়ে বিৰোধী নির্মূল অভিযানত সময়-শক্তি ক্ষয় কৰাৰ সলনি বহনক্ষম উন্নয়নৰ কাৰকসমূহৰ শ্ৰীবৃদ্ধিতহে মনোযোগ দিলে ৰাজ্যখনৰ বাবেই ই মংগলদায়ক হ'ব।

বিৰোধী নেতাসকলৰো আত্মসমালোচনাৰ প্ৰয়োজন আছে। গঠনমূলক সমালোচনাৰে চৰকাৰৰ দোষ-ত্রুটি দেখুৱাই দিয়াটো বিৰোধীৰ দায়িত্ব। চৰকাৰৰ যিকোনো জনস্বাৰ্থবিৰোধী নীতি বা পদক্ষেপক লৈ জনতাৰ যি ক্ষোভ তাক বিৰোধীয়ে তুলি ধৰিব লাগে। ইয়াৰ পৰিবৰ্তে ক্ষমতা লাভৰ স্বাৰ্থত শাসক দলৰ বেহুত সোমাই পৰিবলৈ উন্মুখ হৈ থকাটো নিশ্চয় সমীচিন নহয়। বিৰোধীয়ে চাপ সৃষ্টি কৰিব পৰাটোহে সুশাসন প্রতিষ্ঠাৰ সোপান। সেয়ে ৱাল্টাৰ লিপম্যানে কোৱাৰ দৰে সাংবিধানিক ৰূপ বুলিয়েই নহয়, গণতন্ত্ৰৰ অপৰিহাৰ্য অংশ হিচাপে স্বীকাৰ কৰিয়েই বিৰোধীক বৰ্তাই ৰাখিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in