বিজেপিৰ কাৰ্যনির্বাহক

বিজেপিৰ কাৰ্যনির্বাহক

পাঁচ ৰাজাৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ মূল শাসক দল বিজেপিৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সভাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে চিধাচিধিকৈ বিৰোধী শিবিৰক আক্রমণ কৰিছে। উত্তৰ প্রদেশ, গোৱা, উত্তৰাখণ্ড, মণিপুৰ আৰু পঞ্জাবত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নির্বাচনৰ বিষয়টোক লৈ অনুষ্ঠিত উক্ত কার্যনির্বাহক সভাত প্রধানমন্ত্রীয়ে কৈছে যে সেৱা, সংকল্প আৰু সমৰ্পণৰ আদৰ্শৰে পৰিচালিত বিজেপিৰ কেডাৰসকলে দলৰ বিজয় সুনিশ্চিত কৰিব। উল্লেখযোগ্য যে কার্যনির্বাহক বৈঠকত বিজেপি তথা এন ডি এ শাসিত গোৱা, মণিপুৰ, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ উপৰি বিজেপিৰ কেন্দ্রীয় নেতৃবর্গও উপস্থিত আছিল।

দলৰ সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী ভূপিন্দৰ যাদৱে প্ৰধানমন্ত্রী মোডীৰ এই বক্তব্যৰ বিৱৰণী সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছিল। প্রধানমন্ত্ৰীৰ মতে বিজেপিয়ে দেশব্যাপী শক্তিশালী অবস্থান লোৱাৰ মূল কাৰণ তেওঁ নহয়; বৰং দলৰ তৃণমূলৰ কৰ্মীসকলৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলতে এয়া সম্ভৱপৰ হৈছে। কথাষাৰ নিশ্চয়কৈ তাৎপর্যপূর্ণ। প্রধানমন্ত্রীয়ে আনুষ্ঠানিকভাৱে নিজে স্বীকাৰ নকৰিলেও এতিয়ালৈকে বিজেপিৰ সকলো নির্বাচনী প্রচাৰ মোডীকেন্দ্ৰিক আছিল।
কেৱল নির্বাচনেই নহয়, দল আৰু চৰকাৰৰ সমস্ত কাম-কাজ তথা প্ৰচাৰৰ মধ্যমণি হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোডী।

২০১৪ চনত ক্ষমতালৈ অহাৰ আগতে বিজেপিৰ অভ্যন্তৰত এই বিষয়টোক লৈ সর্বসম্মত সিদ্ধান্ত লোৱা হৈছিল যে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ ৰাজ্য গুজৰাটৰ উন্নয়নৰ মডেলক লোকসভা নির্বাচনত দলে মূল ইছ্যু হিচাপে প্রক্ষেপ কৰিব। সেইমতে সকলো চলি আহিছে। পৰৱৰ্তী সময়বোৰত মোডীকেন্দ্রিক প্ৰচাৰে এনে এক পর্যায় লাভ কৰিলে যে যিকোনো ৰাজ্যৰ বিধানসভা নির্বাচনেই হওক বা পঞ্চায়ত, পৌৰসভা, পৌৰ নিগমৰ নির্বাচনেই হওক, প্রধানমন্ত্রীৰ ইমেজটোকেই বিজেপিয়ে তেওঁলোকৰ একমাত্র নির্বাচনী শ্ল'গান হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছিল।

মোডী হেয় তো মুমকিন হেয়, অব্ কী মোডী চৰকাৰ, হৰ হৰ মোডী ঘৰ ঘৰ মোডী আদি শ্ল'গানবোৰ অতি জনপ্ৰিয় হৈ পৰাৰ মূল কাৰণটোৱেই হ'ল প্রধানমন্ত্রী মোডীৰ ব্যক্তিগত ভাবমূর্তি। এই ভাবমূর্তি অতি কার্যকুশলতাৰে দল আৰু চৰকাৰৰ মজিয়াত নিৰ্মাণ কৰা হৈছিল বুলিও ক'ব পাৰি। এইবাৰ ক'ভিড পৰিস্থিতিৰ শাম কটাৰ পিচত প্ৰথমবাৰৰ বাবে দলৰ কায়িক কাৰ্যনির্বাহক সভা অনুষ্ঠিত হ'ল। তাৰ দুদিনমান আগতে পাঁচ ৰাজ্যৰ উপ-নিৰ্বাচনত বিজেপিৰ ফলাফল বৰ সুবিধাজনক নাছিল। বিজেপি শাসিত হিমাচল প্রদেশ, কর্ণাটকত দলে নিজৰ সমষ্টি হেৰুৱাব লগাত পৰিল।

ইফালে কৃষক আন্দোলনৰ বাবে হাৰিয়ানা, পঞ্জাব আৰু উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যত প্ৰতিষ্ঠানবিৰোধী ঢৌৱে তীব্র ৰূপ ধাৰণ কৰিলে। তাৰ লগতে অত্যাবশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে জনসাধাৰণক ঢোকে ঢোকে পানী খুৱাইছে। উপ-নির্বাচনৰ নেতিবাচক ফলাফলৰ পিচতে কেন্দ্ৰই পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপিত কেন্দ্ৰীয় শুল্ক সামান্যতম হ্ৰাস কৰিছে আৰু বিজেপিশাসিত ৰাজ্যবোৰকো ৰাজ্যিক শুদ্ধ তথা ভেট আদি কমাবলৈ পৰামৰ্শ দিছে। কিন্তু তাৰ পিচতো শেহতীয়াভাৱে পুনৰ পেট্রল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

ফলত মধ্যবিত্ত ৰাইজ হতাশ হৈ পৰিছে। এনে এক বিষম পৰিস্থিতিৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় কার্যনির্বাহকত প্রধানমন্ত্রী মোডী সমন্বিতে তেওঁৰ দলীয় কর্মকর্তাসকলে নির্বাচনী ৰণকৌশল প্রস্তুত কৰিবলগাত পৰিছে। আনুষ্ঠানিকভাবে ঘোষণা নকৰিলেও এই কথা স্পষ্ট হৈ পৰিছে যে পাঁচ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নির্বাচনক লৈ দলৰ নেতৃবৰ্গ অতিশয় চিন্তিত। বিশেষকৈ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্রী মোডী আৰু শীর্ষ নেতৃবর্গ গভীৰ আত্মচিন্তনত নিমগ্ন হৈ পৰা দেখা গৈছে।

বৰ্তমানৰ পৰিস্থিতিত মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ সাংগঠনিক দক্ষতা আৰু জনপ্ৰিয়তাক লৈ তেওঁলোক আশ্বস্ত হ'ব পৰা নাই। প্রায় দুবছৰ বিৰতিৰ মূৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত দলৰ অধ্যক্ষ জে পি নাড্ডাই তেওঁৰ সতীৰ্থবৃন্দৰ সৈতে প্ৰথমবাৰৰ বাবে মিলিত হৈছে। নাড্ডাৰ নিজ ৰাজ্য হিমাচল প্ৰদেশৰ উপ-নিৰ্বাচনত দলৰ ব্যৰ্থতাৰ হিচাপ-নিকাচ কৰাতকৈও উত্তৰ প্ৰদেশ, গোৱা আৰু উত্তৰাখণ্ডক লৈহে তেওঁলোক বেছি উৎকণ্ঠিত। পঞ্জাবত পুৰণি মিত্র শিৰোমণি আকালি দলৰ সৈতে সম্পর্ক ছেদ হোৱাৰ পিচত বিজেপিৰ সাংগঠনিক স্থিতি এতিয়াও শক্তিশালী পর্যায়লৈ অহা নাই।

ইফালে গোৱাত তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সক্ৰিয়তায়ো বিজেপিক শ'লঠেকত পেলাইছে। গতিকে স্বাভাৱিকতে দলটোৰ মূল লক্ষ্য হৈ পৰিছে উত্তৰ প্ৰদেশৰ ক্ষমতা পুনৰুদ্ধাৰ কৰা। সেইবাবেই প্রধানমন্ত্রী মোডীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথাৰে সমাজবাদী পার্টি আৰু কংগ্ৰেছক টার্গেট কৰিছে। কিন্তু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ ট্ৰামকাৰ্ডখনো ক্রমান্বয়ে পুৰণি আৰু অচল হৈ পৰাৰ উপক্রম ঘটিছে। ইতিমধ্যে ক্ষমতা আৰু অৰ্থবলৰ ক্ষেত্ৰত বিজেপিতো পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ এক বাতাৱৰণ আহি পৰিছে।

দলৰ শীর্ষ নেতাসকলৰ মাজৰ কেইবাগৰাকী সন্তানে চৰকাৰী ক্ষমতাৰ দ্বাৰা লাভান্বিত হোৱাৰ দৃষ্টান্ত ওলাইছে। গতিকে প্রধানমন্ত্ৰীয়ে কোৱাৰ দৰে দলীয় কর্মীয়ে সেৱা, সংকল্প আৰু সমৰ্পৰ্ণৰ মনোভাবেৰে দলটোক শক্তিশালী পর্যায়লৈ লৈ গ'লেও পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়জয়কাৰ সাব্যস্ত কৰিবলৈ হ'লে সেই ৰাজ্যবোৰৰ জনসাধাৰণৰ আস্থা অর্জন কৰিব লাগিব। কাৰণ জনসাধাৰণেহে তেওঁলোকক পৰিবৰ্তনৰ সপোন বাস্তবায়িত কৰিবলৈ সাত বছৰ আগতে ক্ষমতাত অধিষ্ঠিত কৰিছিল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in