গোলাঘাটৰ টিকেন-মামণিৰ জীয়েক দেশৰ ‘ৰত্ন’ হ’ল..

গোলাঘাটৰ টিকেন-মামণিৰ জীয়েক দেশৰ ‘ৰত্ন’ হ’ল..

তুষাৰ প্ৰতিম

টকিঅ' অলিম্পিকৰ পূৰ্বে দেশৰ বক্সিং জগতলৈ জাগৰণ আনিবলৈ সক্ষম হোৱা তাৰকা বক্সাৰ, অলিম্পিকত পদক বিজয়ী বিজেন্দ্ৰৰ সিংক সাংবাদিকে সুধিছিল, এইবাৰ অলিম্পিকত ভাৰতীয় বক্সাৰৰ প্ৰদৰ্শন কেনে হ'ব? কাৰ কাৰ পদক লাভৰ সম্ভাৱনা আছে? ইয়াৰ উত্তৰত বক্সাৰ বীজেন্দ্ৰৰে টকিঅ' অলিম্পিকলৈ নিৰ্বাচিত হোৱা বহু কেইজন বক্সাৰৰ নাম উচ্চাৰণ কৰিছিল। কিন্তু এবাৰলৈও তেওঁ টকিঅ'লৈ যোগ্যতা অৰ্জন কৰা অসমৰ মহিলা বক্সাৰ লাভলীনা (Lovelina borgohain) ৰ নাম লোৱা নাছিল। আনকি তেওঁ লাভলীনাক জনোৱা নাছিল শুভেচ্ছাও। সেই লাভলীনাই ১৩ নৱেম্বৰ, ২০২১ শনিবাৰে ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে দেশৰ ক্ৰীড়াৰ সৰ্বোচ্ছ সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন। লাভলীনাৰ উপৰিও অলিম্পিকত স্বৰ্ণপদক লাভ কৰা জেভলীন থ্ৰ'ৱাৰ নীৰজ চোপ্ৰাকে ধৰি মুঠ ১২ জনক প্ৰদান কৰা হৈছে খেলৰত্ন সন্মান। আনহাতে ৩৫ জনক অৰ্জুন সন্মান আগবঢ়োৱা হৈছে।

টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ পিছতে লাভলীনাই (Lovelina borgohain) সৃষ্টি কৰিছিল ইতিহাস। অলিম্পিক যোগ্যতা অৰ্জন কৰা তেওঁ হৈ পৰিছিল ৰাজ্যৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ। আনহাতে টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছতে লাভলীনাই পুনৰ সৃষ্টি কৰিছিল ইতিহাস। অলিম্পিকত পদক লাভ কৰা তেওঁ হৈ পৰিছিল ৰাজ্যৰ প্ৰথমগৰাকী খেলুৱৈ আৰু দেশৰ দ্বিতীয়গৰাকী মহিলা খেলুৱৈ। তাৰ পূৰ্বে মেৰীকমে লণ্ডন অলিম্পিকত লাভ কৰিছিল ব্ৰঞ্জৰ পদক।

টকিঅ' অলিম্পিকত বক্সিংৰ ৱেল্টাৰৱেইট শাখাত তুৰ্কীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বুছেনাজ চুৰমেনেলীৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিছিল অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইয়ে। এই সফলতা অসমৰ দৰে এখন ৰাজ্যৰ বাবে সৰু কথা নহয়। অসমৰ পৰা অলিম্পিকৰ ইতিহাসত ইয়াৰ পূৰ্বে মাত্ৰ ৪ জন খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ফুটবলত ডাঃ টালিমেৰণ আও, বেডমিণ্টনত দীপাংকৰ ভট্টাচাৰ্য, আৰ্চাৰীত জয়ন্তা তালুকদাৰ আৰু বক্সিংত শিৱ থাপাই অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল। চাৰিওজন খেলুৱৈয়েই অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অসমৰ পঞ্চম গৰাকী অলিম্পিয়ান হিচাপে আৰু প্ৰথমগৰাকী মহিলা হিচাপে টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি লাভলীনাই ইতিহাস সৃষ্টি কৰি লাভ কৰিলে ব্ৰঞ্জৰ পদক।

কি আছিল লাভলীনাৰ? কি পাইছিল লাভলীনাই? লাভলীনাৰ চাৰিও ফালে আছিল কেৱল সমস্যা। আৰ্থিক দুৰ্ৱলতাৰ পৰা আৰম্ভ কৰি অলিম্পিকৰ পূ্ৰ্বে পৰ্যাপ্ত অনুশীলন মেচত অংশগ্ৰহণৰ সুবিধাৰ পৰা বঞ্চিত হোৱালৈকে অনেক সমস্যাৰ মোকাবিলা কৰি লাভলীনা অলিম্পিকলৈ গৈছিল। মনত পদক জয়ৰ দুৰ্বাৰ হাবিয়াস আৰু জেদ। দুবাহুৰ শক্তিৰে অলিম্পিকৰ মঞ্চত বুকুতলৈ থকা ক্ষোভ বোৰ প্ৰকাশ কৰাৰ জেদ। কিয় প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে তাই! চৰকাৰে একাংশ গ্লেমাৰ খেলুৱৈৰ বাবে যিদৰে আহোপুৰুষাৰ্থ কৰিছিল তেনেদৰে লাভলীনাৰ লগত কৰা নাছিল।কিন্তু লাভলীনাই নিজক প্ৰমাণ কৰিলে। গ্লেমাৰৰ পৰা বহু যোজন আঁতৰত থাকি লাভলীনাই প্ৰমাণ কৰিলে সফলতাৰ বাবে লাগে কেৱল সাধনা।

অলিম্পিকত অংশগ্ৰহণৰ পূৰ্বে কোভিড হৈছিল লাভলীনাৰ। যাৰ বাবে বিদেশত উন্নত প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈছিল তেওঁ। অলিম্পিকৰ পূৰ্বে পৰ্যাপ্ত অনুশীলন মেচত ভাগলোৱাৰ পৰাও বঞ্চিত হৈছিল তেওঁ।দেশতেই থাকি কৰি গৈছিল অনুশীলন। প্ৰশিক্ষকৰ নিৰ্দেশনা অনুসৰি কৰিছিল কঠোৰ এই অনুশীলন। আনকি লকডাউনৰ সময়ত আহি নিজৰ ঘৰত থকাৰ সময়ত ঘৰতে সুবিধা অনুসৰি লাভলীনাই কৰিছিল অনুশীলন। সেই সময়ত তেওঁ কিদৰে অনুশীলন কৰিছে সেই খবৰ কোনেও ৰখা নাছিল। অৱশ্যে 'ছাই'য়ে লাভলীনালৈ পঠিয়াই দিছিল অনুশীলনৰ বাবে কেইপদ মান সামগ্ৰী।

টকিঅ'ত লাভ কৰা সফলতাৰ পিছতেই লাভলীনালৈ আহিছিল শুভেচ্ছাৰ বৰষুণ।দেশৰ ক্ৰীড়া জগতৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক জগত, বলিউড সকলো ক্ষেত্ৰেৰ তাৰকা সকলে লাভলীনালৈ আগবঢ়াইছিল শুভেচ্ছা। ৰাজ্য চৰকাৰে ক্ৰীড়া নীতি অনুসৰি লাভলীনাক প্ৰদান কৰিলে ১ কোটি টকাৰ লগতে ডি এছ পিৰ চাকৰি। আনহাতে লাভলীনাৰ নামত গোলাঘাটৰ বাৰমুখীয়া  গাঁৱত এক ক্ৰীড়া প্ৰকল্পও স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গুৱাহাটী মহানগৰীৰ এটা পথ লাভলীনাৰ নামত নামাকৰণ কৰাৰ কথাও ঘোষণা কৰিলে ৰাজ্য চৰাকাৰে।

মুৱাথাইৰ উপৰিও লাভলীনাই আন এক ক্ৰীড়াৰো কিছু অনুশীলন কৰিছিল। সেই সময়ত প্ৰচূৰ আৰ্থিক অনাতনৰ সন্মুখীন হৈছিল লাভলীনাৰ পিতৃ। পাৰিশ্ৰমিক হিচাপে লাভ কৰে মাত্ৰ ২৫০০ টকা। সেই টকাৰে পৰিয়াল পোহপাল দিব লাগে। লাভলীনাৰ বাবে ক্ৰীড়া সামগ্ৰী ক্ৰয় কৰাটো আছিল অসম্ভৱ। অৱশ্যে নিজৰ পাৰদৰ্শিতাৰ বাবে 'ছাই'লৈ নিৰ্বাচিত হৈছিল লাভলীনা। তাৰ পাছত তেওঁ অসুবিধা অবিহনেই লাভ কৰিছিল বক্সিংৰ প্ৰশিক্ষণ।

২০১২ চনত পৰ্যাপ্ত অনুশীলন, প্ৰশিক্ষণ অবিহনেই লাভলীনাই কলকাতাত অনুষ্ঠিত ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত লাভ কৰিছিল স্বৰ্ণ পদক। সেয়াই আছিল আৰম্ভণি। ইয়াৰ পাছত ক্ৰমাগতভাৱে ২০১৩ চনত ছাৰ্বিয়াত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্বনেল নেচনকাপত ৰূপৰ পদক, কাজাকিস্তানত অনুষ্ঠিত প্ৰেছিডেণ্ট কাপত পদক, ২০১৭ ৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক, ইণ্ডিয়ান অ'পেন ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত স্বৰ্ণ পদক, কমনৱেলথ গেমছত স্বৰ্ণ পদক, বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ ২০১৮ আৰু ২০১৯ত ব্ৰঞ্জৰ পদক, গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান অপেন ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও আন কেইবাখনো প্ৰতিযোগিতাত লাভলীনাই লাভ কৰিছিল পদক।

সফলতা আহিলে জনপ্ৰিয়তাও আহে। কিন্তু জনপ্ৰিয়তাৰ পাছত দৌৰিব নিবিচাৰে লাভলীনা। জনপ্ৰিয়তাৰ পাছত দৌৰিলে ক্ৰীড়া জীৱনৰ গতিশীলতাত আহে স্থবিৰতা। সেই কথা লাভলীনাই জানে। সেয়ে তেওঁ কেতিয়াও জনপ্ৰিয়তাৰ পাছত দৌৰা দেখিবলৈ পোৱা নাই। অলিম্পিকৰ পূৰ্বে লাভলীনাক কোনেও দেখা পোৱা নাছিল সামাজিক অনুষ্ঠানত। কেৱল কৰিছিল অনুশীলন। সেই সাধনাৰ প্ৰাপ্তি অলিম্পিক ব্ৰঞ্জৰ পদক।

সৌ সিদিনালৈকে হাৰিয়ানাই আছিল দেশৰ বক্সিংৰ পাৱাৰ হাউচ। হাৰিয়ানাৰ সেই গৰ্ব ভংগ কৰিলে অসমে। অসমৰ মহিলা বক্সাৰে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লাভ কৰা সফলতাৰ বাবেই এতিয়া দেশে অসমৰ বক্সাৰৰ মুখলৈ চাবলগীয়া হয়। দেশক মহিলা বক্সাৰে যি দুটা পদক বৰ্তমানলৈকে দিছে সেই দুয়োটা পদকেই উত্তৰ পূৰ্বাঞ্চলৰ।

ব্ৰঞ্জৰ পদকেৰে টকিঅ'ৰ অভিযান সামৰা লাভলীনাৰ সন্মুখত এক দীঘলীয়া বাট। অভিজ্ঞতাৰ ফালৰ পৰা বিশ্বৰ সকলো প্ৰতিযোগিতাৰে অভিজ্ঞতা সঞ্চয় কৰিলে লাভলীনাই। সেই অভিজ্ঞতাকেই সঞ্চয় কৰি পেৰিছ অলিম্পকলৈ সাজু হৈছে লাভলীনা।মাজত মাত্ৰ ৩ বছৰ। স্বৰ্ণ পদকৰ হাবিয়াস কৰা লাভলীনাই পেৰিছত সেই হাবিয়াস পূৰণ কৰক। সকলোৰে সেয়াই আশা।

দেশৰ প্ৰাক্তন হকী খেলুৱৈ মেজৰ ধ্যান চান্দৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত খেলুৱৈসকললৈ ক্ৰীড়া সন্মান আগবঢ়োৱা হয় যদিও এইবাৰ অলিম্পিক আৰু পেৰালিম্পিকত পদক বিজয়ী খেলুৱৈক সন্মান প্ৰদানৰ বাবে এই বঁটা প্ৰদান অনুষ্ঠান পিছুৱাই দিয়া হৈছিল। শনিবাৰে অতি আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠান অনুষ্ঠিত কৰি বঁটাসমূহ প্ৰদান কৰা হ'ল। ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হলত আয়োজিত এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ১২ জন খেলুৱৈক দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা প্ৰদান কৰা হয়।

বেছিভাগ বঁটা বিজয়ীয়ে টকিঅ' অলিম্পিক আৰু পেৰালিম্পিকত ভাল প্ৰদৰ্শন কৰিছিল। কোভিড-১৯ মহামাৰীৰ বাবে বিগত বছৰ এই অনুষ্ঠান ভাৰ্ছুৱেলী অনুষ্ঠিত হৈছিল। কিন্তু এইবাৰ এই অনুষ্ঠান পূৰ্বৰ দৰে ৰাষ্ট্ৰপতি ভৱনত এক বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হ'ল।

জেভলিন থ্ৰ'ত অলিম্পিকৰ স্বৰ্ণ পদক অৰ্জন কৰা ২৩ বছৰীয়া নীৰজ চোপ্ৰাৰ উপৰিও অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী মনপ্ৰীত সিং আৰু গ'লৰক্ষক পি আৰ শ্ৰীজেশ, অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মল্লযোদ্ধা ৰবি দাহিয়া, অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোহাঁই আৰু মহিলা ক্ৰিকেট দলৰ অধিনায়ক মিতালী ৰাজনকো দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। সুনীল ছেত্ৰী খেল ৰত্ন লাভ কৰা প্ৰথম ফুটবলাৰ হৈছিল।

ইয়াৰ উপৰিও পেৰালিম্পিকত স্বৰ্ণ পদক বিজয়ী অৱনী লেখাৰা (শ্বুটিং), সুমিত এণ্টিল (এথলেটিকছ), প্ৰমোদ ভগত (বেডমিণ্টন), কৃষ্ণ নগৰ (বেডমিণ্টন) আৰু মনীষ নাৰৱাল (শ্বুটিং)কো খেল ৰত্ন প্ৰদান কৰা হয়। ১২ গৰাকী খেলুৱৈক খেলৰত্নৰ উপৰিও, এই বছৰ ৩৫ জন খেলুৱৈক অৰ্জুন বঁটা প্ৰদান কৰা হৈছে। ইমান বেছি খেলুৱৈক একেলগে ক্ৰীড়া সন্মান প্ৰদান কৰাৰ মুখ্য কাৰণ আছিল অলিম্পিকত দেশে ৭ টা পদক আৰু পেৰালিম্পিকত ১৯ টা পদকেৰে দেশৰ খৈলুৱৈৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন।

খেল ৰত্ন বঁটাৰ লগত নগদ ২৫ লাখ টকা, এটা পদক আৰু সন্মানীয় পত্ৰ লাভ প্ৰদান কৰা হয়। অৰ্জুন বঁটাৰ লগত ১৫ লাখ টকাৰ পুৰস্কাৰ, এটা ব্ৰঞ্জৰ মূৰ্তি আৰু সন্মানীয় পত্ৰ প্ৰদান কৰা হয়। ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, তেওঁৰ পূৰ্বসূৰী কিৰেন ৰিজিজু আৰু অন্যান্য গণ্যমান্য ব্যক্তিও অনুষ্ঠানটোত উপস্থিত আছিল।

বঁটা বিজয়ী খেলুৱৈসকলৰ তালিকা নিম্নলিখিত ধৰণৰ…

মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা বিজয়ী খেলুৱৈসকলঃ নীৰজ চোপ্ৰা (এথলেটিকছ), ৰবি কুমাৰ (কুস্তি), লভলিনা বৰগোহাঁই(বক্সিং), পি আৰ শ্ৰীজেশ (হকী), অৱনী লেখাৰা (পেৰা শ্বুটিং), সুমিত এণ্টিল (পেৰা এথলেটিকছ), প্ৰমোদ ভগত (পেৰা বেডমিণ্টন), কৃষ্ণ নগৰ (পেৰা বেডমিণ্টন), মনীষ নৰৱাল (পাৰাশ্বুটিং), সুনীল ছেত্ৰী (ফুটবল) মিতালী ৰাজ (ক্ৰিকেট) আৰু মনপ্ৰীত সিং(হকী)।

অৰ্জুন বঁটা: আৰপিন্দৰ সিং (এথলেটিকছ), চিমৰণজিৎ কৌৰ (বক্সিং), শিখৰ ধাৱান (ক্ৰিকেট), চিএ ভৱানী দেৱী (ফেন্সিং), মনিকা (হকী), বন্দনা কাটাৰিয়া (হকী), সন্দীপ নৰৱাল (কাবাডী), হিমানী উত্তম (মালখাম্ব), অভিষেক বাৰ্মা (শ্বুটিং), অংকিতা ৰাইনা (টেনিছ), দীপক পুনিয়া (কুস্তি), দিলপ্ৰীত সিং (হকী), হৰমনপ্ৰীত সিং(হকী), ৰূপিন্দৰ পাল সিং (হকী), সুৰেন্দ্ৰ কুমাৰ(হকী), সুৰেন্দ্ৰ কুমাৰ (হকী), অমিত ৰোহিদাস (হকী), বীৰেন্দ্ৰ লাকডা (হকী), সুমিত (হকী), নীলকান্ত শৰ্মা (হকী), হাৰ্দিক সিং (হকী), বিবেক সাগৰ প্ৰসাদ (হকী), গুৰজন্ত সিং (হকী), মনদীপ সিং (হকী), শমছেৰ সিং (হকী), ললিত কুমাৰ উপাধ্যায় (হকী), বৰুণ কুমাৰ (হকী), চিমৰণজিৎ সিং (হকী), যোগেশ কথা উনিয়া (পেৰা এথলেটিকছ), নিশাদ কুমাৰ (পেৰা এথলেটিকছ), প্ৰবীণ কুমাৰ (পেৰা এথলেটিকছ), সুহাশ যতীৰাজ (পেৰা বেডমিণ্টন), সিংৰাজ আধানা (পেৰা শ্বুটিং), ভাৱনা পেটেল (পেৰা টেবল টেনিছ), হৰবিন্দৰ সিং (পেৰা আৰ্চাৰী) আৰু শৰদ কুমাৰ (পেৰা এথলেটিকছ)।

জীৱনজোৰা শ্ৰেণীত দ্ৰোণাচাৰ্য বঁটা: টি পি আউচেফ, চৰকাৰ তলৱাৰ, সৰপাল সিং, অশান কুমাৰ আৰু তপন কুমাৰ পানীগ্ৰাহী।

নিয়মীয়া শ্ৰেণীত দ্ৰোণাচাৰ্য বঁটা: ৰাধাকৃষ্ণণ নায়াৰ পি, সন্ধ্যা গুৰুং, প্ৰীতম চিৱাচ, জয় প্ৰকাশ নৌটিয়াল আৰু সুব্ৰমনিয়াম ৰমন

জীৱনজোৰা কৃতিত্ব (ধ্যান চান্দ বঁটা): প্ৰবন্ধ কেচি, অভিজিত কুন্তে, দাবিন্দৰ সিং গাৰ্চা, বিকাশ কুমাৰ আৰু সজ্জন সিং

মৌলানা আবুল কালাম আজাদ ট্ৰফী: পঞ্জাৱ বিশ্ববিদ্যালয় (চণ্ডিগড়)

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in