আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

শুভমস্ত, শকাব্দ ১৪৪৩, ভাস্কৰাব্দ ১৪২৮, খ্রীষ্টাব্দ ২০২১, হিজৰী ১৪৪৩৷৷ আজিৰ ১০ আঘোণ (দৃক ১১ আঘোণ), ২৭ নবেম্বৰ, ২০ ৰবিয়চ চানি, শনিবাৰ।। গুৱাহাটীত সূর্যোদয় পুৱা ৫/৫২/২১ বজাত। সূর্যাস্ত আবেলি ৪/২৪/৩৬ বজাত।। সূর্যোদয়কালীন কৃষ্ণা অষ্টমী তিথি (ৰাতি ১২.২৯ বজালৈ) ।। ১০ নং মঘা নক্ষত্র (গধূলি ৫.৩৪ বজালৈ)।। সিংহ ৰাশি। বৈধৃতি যোগ। বালব কৰণ।। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজিৰ দিনটো কেতু গ্ৰহৰ অশুভ কাৰক দিন।।

মেষ: মেষ ৰাশিৰ আজিৰ শৰীৰৰ কিছু সুস্থতাৰ যোগ। পৰিয়ালৰ বাবে মনৰ অশান্তি বৃদ্ধি হ'ব পাৰে। প্রেম-প্রীতিত মধ্যমীয়া। শিক্ষাৰ্থীৰ প্রতিযোগিতাৰ মনোভাব বৃদ্ধি পাব। সাহিত্যিক, শিল্পী আৰু খেলুৱৈসকলৰ কিছু সফলতা আহিব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ উৎসাহ বৃদ্ধি পালেও মনৰ অশান্তি হ'ব। আর্থিক দিশত বৰ শুভ কাৰক নহ'ব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ'ব।

বৃষঃ বৃষ ৰাশিৰ আজিৰ শাৰীৰিক দিশত শুভ কাৰক হ'ব। মানসিক অশান্তি আৰু সিৰ পীড়া হ'ব পাৰে। প্রেম-প্রীতি আৰু পাৰিবাৰিক দিশত মধ্যমীয়া কাৰক। শিক্ষাৰ্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত উন্নতি কাৰক। সাহিত্যিক-শিল্পীৰ উন্নতি শুভ কাৰক হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অস্থিৰতা বাঢ়িব। কৰ্ম আৰু বাণিজ্যত লাভৱান হ'ব যদিও আর্থিক ক্ষতিৰ সম্ভাৱনা।

ক্লিক কৰি পঢ়কঃ পুৱাৰ খবৰ…

মিথুন: মিথুন ৰাশিৰো আজিৰ শৰীৰৰ সুখ-শান্তি থাকিব। মানসিক চিন্তা বৃদ্ধি হ'ব। প্রেম-প্রীতি আৰু সাংসাৰিক ক্ষেত্ৰত সুখ-শান্তি যোগ। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাত আশানুৰূপ সফলতাৰ যোগ। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ উন্নতি কাৰক হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ মনৰ অসন্তুষ্টি বাঢ়িব। আর্থিকত কিছু শুভ, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব।

কৰ্কট: কৰ্কট ৰাশিৰ আজিৰ শাৰীৰিক কষ্ট আৰু দুৰ্বলতাৰ যোগ। মানসিক অশান্তিও থাকিব। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত অশান্তি থাকিব। বিদ্যার্থীৰ অধ্যয়নত উৎসাহ বৃদ্ধিৰ যোগ। সাহিত্য, ক্রীড়া সংস্কৃতিত যুক্ত লোকৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সমাজকৰ্মীৰ চিন্তাৰ যোগ। কৰ্ম, বাণিজ্যত উপার্জন বৃদ্ধি হ'ব। আর্থিক দিশত নাটনি থাকিব।

সিংহ: সিংহ ৰাশিৰ আজিৰ শৰীৰৰ যথেষ্ট শুভ কাৰক। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত তৎপৰতা বাঢ়িব। সাহিত্যিক, শিল্পীৰ নতুন নতুন উন্নতিমূলক কৰ্মত যোগাযোগ হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতাৰ কাৰক। কৰ্ম, বাণিজ্য আৰু আর্থিক ক্ষেত্ৰত লাভৰ যোগ।

কন্যা: কন্যা ৰাশিৰ আজিৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত কিছু অশান্তিৰ যোগ। পাৰিবাৰিক আৰু প্ৰেমত শুভ কাৰক। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উৎসাহিত হ'ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ ব্যস্ততা বাঢ়িব আৰু উন্নতি কাৰক হ'ব। ৰাজনীতিক আৰু সমাজকৰ্মীৰ অশান্তি থাকিব। বাণিজ্য আৰু কৰ্মক্ষেত্ৰত অধিক 'লাভৱান হ'ব। আর্থিকভাবে সকাহ পাব।

তুলা: তুলা ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ যোগ। মানসিক আৰু পাৰিবাৰিক কিছু অশান্তি হ'ব পাৰে। প্রেম-প্রীতিত শুভ। বিদ্যাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ কাৰক। সাহিত্য, ক্রীড়া-সংস্কৃতি আৰু সংবাদসেৱাৰ লগত যুক্তসকলৰ কৰ্মত কিছু উন্নতি কাৰক হ'ব। ব্যৱসায়িক আৰু আর্থিক দিশত উন্নতিৰ যোগ।

বৃশ্চিক: বৃশ্চিক ৰাশিৰ আজিৰ শৰীৰৰ সুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া। শিক্ষাৰ্থীৰ কিছু উৎকণ্ঠা বাঢ়িব। সাহিত্য-সংস্কৃতি আৰু সমাজকৰ্মৰ লগত জড়িতসকলৰ উন্নতি কাৰক। ৰাজনীতিক আৰু সংবাদকর্মীৰ অশান্তি হ'ব পাৰে। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু লাভৰ যোগ।

ধনু: ধনু ৰাশিৰ আজিৰ শাৰীৰিক সুস্থতাৰ যোগ। মানসিক অশান্তি কিছু থাকিব। প্রেম-প্রীতি আৰু পাৰিবাৰিকত শুভ কাৰক। বিদ্যাৰ্থীৰ অশান্তি আৰু অস্থিৰতা থাকিব। সাহিত্য, ক্রীড়া-সংস্কৃতিত জড়িত লোকৰ উৎসাহজনক হ'ব। ৰাজনৈতিক ব্যক্তিৰ চিন্তা বৃদ্ধিৰ যোগ। কর্মক্ষেত্র, বাণিজ্য আৰু আৰ্থিক লাভৰ যোগ।

মকৰ: মকৰ ৰাশিৰ আজিৰ শাৰীৰিক অসুস্থতাৰ যোগ। মানসিক, প্রেম-প্রীতি আৰু পাৰিবাৰিকত মধ্যমীয়া হ'ব। বিদ্যাৰ্থীৰ অধ্যয়নত উৎসাহ হ্রাস পাব। ক্রীড়া, সাহিত্য-সংস্কৃতিত যুক্তসকলৰ উপাৰ্জনৰ ক্ষেত্ৰত শুভ যোগ। ৰাজনীতিক আৰু সমাজকৰ্মীৰ সফলতা লাভ। আর্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত কিছু লাভৱান হ'ব।

কুম্ভ: কুম্ভ ৰাশিৰ আজি শাৰীৰিক ক্ষেত্ৰত শুভ কাৰক। মানসিক কিছু অশান্তি থাকিব। প্রেম-প্রীতি আৰু সাংসাৰিকত শুভ। শিক্ষাৰ্থীৰ অধ্যয়নত মনঃসংযোগ হ্রাস পাব পাৰে। সাহিত্য, ক্রীড়া-সংস্কৃতিৰে যুক্তসকলৰ কিছু উন্নতি কাৰক। ৰাজনীতিকৰ কৰ্মত কিছু অশান্তি হ'ব। কৰ্ম, বাণিজ্য আৰু আৰ্থিকত কিছু শুভ কাৰক হ'ব।

মীন: মীন ৰাশিৰ আজি শাৰীৰিক সুখ-শান্তিত বাধাৰ যোগ। মানসিক ক্ষেত্ৰত অস্থিৰতা থাকিব। প্রেম-প্রীতি আৰু সাংসাৰিক দিশত মধ্যমীয়া। শিক্ষাৰ্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ কাৰক হ'ব। শিল্পী, সাহিত্যিক, সংবাদকর্মীৰ নিজৰ কৰ্মত উন্নতিৰ যোগ। ৰাজনৈতিক ব্যক্তিৰ সফলতাৰ যোগ। কৰ্ম আৰু বাণিজ্যত আয় বৃদ্ধি পাব যদিও আর্থিক নাটনি থাকিব।

অসমৰ ৰাশিফলঃ (অসমৰ কাৰক ৰাশি কৰ্কট) : আজিৰ দিনটো আমাৰ | ৰাজ্যখনৰ বাবে শুভ কাৰক হ'ব। ৰাজ্যৰ ৰাশ্যাধিপতি চন্দ্ৰ সিংহ ৰাশিত আছে। চতুৰ্থত ৰবি, বুধ, পঞ্চমত শুক্র, সপ্তমত বৃহস্পতি অতি শুভ কাৰক হৈ আছে। ৰাজ্যখনৰ কিছু উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ হ'ব। জনসাধাৰণৰো কিছু পৰিমাণে শুভ কাৰক হ'ব। শনি, ৰাহু আৰু কেতু অশুভ কাৰক হৈ আছে। কিছু অশান্তিজনক ঘটনা ঘটিলেও দুটা দিন ৰাজ্যখনৰ বাবে যথেষ্ট শুভ হ'ব। সংখ্যাতত্ত্বৰ ফালৰ পৰা আজি কেতু গ্ৰহৰ দিন হিচাপে ৰাজ্যখনৰ বাবে অশুভ কাৰক হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in